ETV Bharat / international

পাকিস্তানত আৰ্থিক সংকট: পৰিয়াল চলাবলৈ চাৰিবেৰৰ ভিতৰৰ পৰা পথলৈ ওলাই আহিছে মহিলা - PAKISTAN FINANCIAL CRISIS

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 9:52 PM IST

Economic Crisis in Pakistan: গভীৰ অৰ্থনৈতিক সংকটে দেখা দিয়া পাকিস্তানত এতিয়া মহিলাসকলো কাম কৰিবলৈ চাৰিবেৰৰ বাহিৰলৈ ওলাই আহিছে ৷ এই অৰ্থনৈতিক সংকটে মহিলাসকলক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত এক নতুন বাট দেখুৱাইছে ৷

Economic Crisis in Pakistan
পাকিস্তানত আৰ্থিক সংকট (AFP)

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ: পাকিস্তানৰ মহিলাসকলে কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে, এই আৰ্হিৰ উন্মেষ ঘটিছে পাকিস্তানত ক্ৰমাৎ আৰ্থিক চাপৰ সন্মুখীন হোৱা চহৰীয়া পৰিয়ালসমূহত । দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰখন ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকটৰ বলি হৈছে, ঋণ পৰিশোধৰ বাবে আই এম এফৰ বেইলআউট আৰু বন্ধুত্বপূৰ্ণ দেশৰ পৰা ঋণৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছে পাকিস্তান ।

আমিনা সোহেল নামৰ যুৱতীগৰাকীয়ে নিজৰ পৰৱৰ্তী যাত্ৰীজনক নিবলৈ গধুৰ যান-জঁটৰ মাজেৰে আগুৱাই যায় ৷ মটৰ চাইকেল চলাই থকা এগৰাকী মহিলাই অংকন কৰা এই দৃশ্যই পাকিস্তানৰ মেগাচিটি কৰাচীৰ লোকসকলৰ সাম্প্ৰতিক পৰিস্থিতিক প্ৰতিফলিত কৰিছে । ২৮ বছৰীয়া যুৱতীগৰাকী পৰিয়ালৰ প্ৰথমগৰাকী মহিলা যিয়ে কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰিছে ৷ পাকিস্তানত ক্ৰমাৎ আৰ্থিক চাপৰ সন্মুখীন হোৱা চহৰীয়া পৰিয়ালসমূহত এইদৰে মহিলাই কামৰ বাবে ওলাই অহা দেখা গৈছে ।

বছৰৰ আৰম্ভণিতে স্থানীয় ৰাইড-হেলিং সেৱাত যোগদান কৰা সোহেলে কয়, ‘‘মই মানুহৰ কথাত গুৰুত্ব নিদিওঁ, কাৰো লগত কথা নাপাতো বা সমালোচনাৰ প্ৰতি সঁহাৰি নিদিওঁ ৷ চহৰৰ ধূলিময় ৰাস্তাবোৰত মই মোৰ কাম কৰো । আগতে আমি ভোকত আছিলোঁ, এতিয়া আমি দিনটোত কমেও দুবাৰৰ পৰা তিনিটা আহাৰ খাবলৈ পাওঁ ।’’

দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰখন ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকটত সোমাই পৰিছে ৷ ঋণ পৰিশোধৰ বাবে আই এম এফৰ বেইলআউট আৰু বন্ধুত্বপূৰ্ণ দেশৰ পৰা ঋণৰ ওপৰত নিৰ্ভৰশীল হৈছে পাকিস্তান । দীৰ্ঘদিনীয়া মুদ্ৰাস্ফীতিৰ ফলতবিলাহীৰ দৰে পাচলিৰ দাম ১০০ শতাংশ বৃদ্ধি পাবলৈ ধৰিছে । চৰকাৰী তথ্য অনুসৰি যোৱা বছৰৰ জুলাই মাহৰ তুলনাত বিদ্যুৎ আৰু গেছৰ বিল ৩০০ শতাংশ বৃদ্ধি পাইছে ।

সোহেলে মাকক ৰন্ধা-বঢ়া, চাফ-চিকুণ কৰা আৰু সৰু ভাই-ভনীক চোৱা-চিতা কৰাত সহায় কৰিছিল ৷ যেতিয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সোহেলৰ দেউতাক বেমাৰত পৰে তেওঁৰ জীৱনৰ পথ সলনি হয় । পৰিয়ালটো টকাৰ বাবে আন আত্মীয়ৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে পৰিয়ালটো মানসিক চাপত পৰে । "তেতিয়াই ভাবিছিলো কাম কৰিব লাগিব । মোৰ দৃষ্টিভংগী সলনি হৈছে । মই যিকোনো পুৰুষৰ দৰে মুকলিকৈ কাম কৰিম, আনে যিয়েই নাভাবক ।" সোহেলে কয় ৷

১৯৮০ চনত এগৰাকী মহিলা প্ৰধানমন্ত্ৰীয়ে নেতৃত্ব দিয়া পাকিস্তান আছিল প্ৰথম মুছলমান ৰাষ্ট্ৰ ৷ ফৰ্বছ আলোচনীৰ ক্ষমতাৰ তালিকাত মহিলা চিইঅ’ই শোভা বঢ়াইছিল পাকিস্তানৰ আৰু এতিয়া তেওঁলোকে আৰক্ষী আৰু সামৰিক দলৰ অংশ হ’ব পাৰিছে । কিন্তু পাকিস্তানী সমাজৰ বহু অংশই পৰম্পৰাগত সংহিতাৰ অধীনত কাম কৰে য’ত মহিলাসকলে ঘৰৰ বাহিৰত কাম কৰিবলৈ পৰিয়ালৰ পৰা অনুমতি ল’ব লাগে ।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি পাকিস্তানৰ কৰ্মশক্তিত মাত্ৰ ২১ শতাংশ মহিলাই অংশগ্ৰহণ কৰে, ইয়াৰে অধিকাংশই অনানুষ্ঠানিক খণ্ডত আৰু প্ৰায় আধা সংখ্যকে গ্ৰাম্যাঞ্চলত পথাৰত কাম কৰে । কৰাচীৰ সৰ্ববৃহৎ ঔদ্যোগিক অঞ্চল কোৰাংগীৰ এটা চামৰাৰ কাৰখানাৰ ২৪ বছৰীয়া টেলিফোন অপাৰেটৰ হিনা ছালিমে কয়, ‘‘মই পৰিয়ালটোৰ প্ৰথমগৰাকী ছোৱালী যিয়ে কাম কৰিছো, মোৰ পিতৃ আৰু মাতৃ দুয়োৰে পৰিয়ালৰ ময়েই প্ৰথম কামৰ বাবে ওলাই অহা ছোৱালী ।’’

পিতৃৰ মৃত্যুৰ পিছত মাতৃয়ে সমৰ্থন কৰা এই পদক্ষেপৰ বাবে পৰিয়ালৰ প্ৰতিৰোধৰ সন্মুখীন হ’বলগীয়া হয় হিনা । সৰু ভায়েকক সকীয়াই দিয়া হৈছিল যে কাম কৰিলে সামাজিকভাৱে বহিস্কাৰ হ’ব পাৰে, যেনে তাইৰ পছন্দৰ স্বামী বিচাৰি পোৱা । এএফপিক দিয়া সাক্ষাৎকাৰত হিনাই কয়, ‘‘মোৰ ককাহঁতে কৈছিল তাইক বিয়া দি দিয়া । মাৰ ওপৰত বহুত হেঁচা আছিল ।"

চামৰাৰ কাৰখানাৰ বাহিৰত শ্বিফ্ট সলনি হোৱাৰ সময়ত চিংকিং বেলত সজাই থোৱা ৰং কৰা বাছত শ্ৰমিকসকল আৰোহণ কৰে, পুৰুষৰ ভিৰৰ মাজত মুষ্টিমেয় মহিলাই ওলাই আহে । একেটা কাৰখানাতে ডাটা ইনপুটৰ কাম কৰা ঊনৈশ বছৰীয়া অনুম শ্বাহজাদীক পিতৃ-মাতৃয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা সম্পূৰ্ণ কৰাৰ পিছত কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ উৎসাহিত কৰিছিল, তেওঁৰ আগৰ প্ৰজন্মৰ দৰে বাধা দিয়া নাছিল ।

ককায়েকৰ লগতে এতিয়া ঘৰখনলৈ বৰঙণি আগবঢ়োৱা শ্বাহজাদীয়ে কয় যে ছোৱালী এজনী স্বাধীন হ’ব নোৱাৰিলে শিক্ষাৰ কি লাভ । মহিলাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰৰ পোষকতা কৰা উইমেন ইন ষ্ট্ৰাগল ফৰ এম্পাৱাৰমেণ্ট (WISE)ৰ কাৰ্যবাহী সঞ্চালিকা বুছৰা খালিকে কয় যে পাকিস্তানে চহৰীয়া মধ্যবিত্তীয় মহিলাসকলৰ মাজত “এটা পৰিৱৰ্তনৰ সাক্ষী” হৈ আছে ।

এএফপিক দিয়া সাক্ষাৎকাৰত খালিকে কয়, ‘‘এই পৰ্যন্ত তেওঁলোকক সমাজে কৈছিল যে তেওঁলোকৰ পৰিয়ালৰ যত্ন লোৱা আৰু বিবাহেই চূড়ান্ত উদ্দেশ্য । কিন্তু অৰ্থনৈতিক সংকট আৰু যিকোনো সামাজিক আৰু অৰ্থনৈতিক সংকটে নিজৰ বাবে বহু সুযোগ আনে ।"

পাকিস্তানৰ সংখ্যালঘু খ্ৰীষ্টান সম্প্ৰদায়ৰ ফাৰ্জানা অগাষ্টিনে যোৱা বছৰ ৪৩ বছৰ বয়সত প্ৰথম দৰমহা লাভ কৰিছিল, কাৰণ Covid-19 মহামাৰীৰ সময়ত তেওঁৰ স্বামীয়ে চাকৰি হেৰুৱাইছিল । ফাৰ্জানাৰ স্বামী অগাষ্টিন ছাদ্দিকে এ এফ পিক কয়, ‘‘মোৰ পত্নীয়ে দায়িত্ব ল’বলগীয়া হৈছিল । কিন্তু ই দুখৰ বিষয় নহয়, আমি সংগী আৰু একেলগে ঘৰটো চলাই আছো ।’’

আনুষ্ঠানিকভাৱে ২ কোটি লোকৰ বাসস্থান যদিও সম্ভৱতঃ আৰু বহু লাখ লোকৰ বাসস্থান কৰাচীৰ বিস্তৃত বন্দৰ মহানগৰখন পাকিস্তানৰ ব্যৱসায়িক কেন্দ্ৰ । ই নিয়োগৰ প্ৰতিশ্ৰুতিৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰব্ৰজনকাৰী আৰু উদ্যোগীসকলক টানি আনে আৰু প্ৰায়ে সামাজিক পৰিৱৰ্তনৰ বাবে প্ৰতিকূল স্থান হিচাপে কাম কৰে ।

ঊনৈশ বছৰীয়া ঝহৰা আফজালে চাৰি বছৰ পূৰ্বে পিতৃ-মাতৃৰ মৃত্যুৰ পিছত ককাকৰ সৈতে থাকিবলৈ কৰাচীলৈ গুচি যায় আৰু মধ্য-পূব পাকিস্তানৰ সৰু গাঁওখন এৰি শিশুৰ যত্ন লোৱাৰ কাম কৰে । তেওঁৰ ককাক কামৰাণ আজিজে এএফপিক কয়, ‘‘যদি ঝহৰাক আন আত্মীয়ই লৈ গ’লহেঁতেন তেন্তে এতিয়ালৈকে তাইৰ বিয়া হৈ গ’লহেঁতেন ।’’ আফজলে কয়, ‘‘মোৰ পত্নী আৰু মই সিদ্ধান্ত লৈছিলো যে আমি সোঁতৰ বিৰুদ্ধে গৈ আমাৰ ছোৱালীবোৰক সংস্থাপন ল’ব পৰাকৈ ডাঙৰ-দীঘল কৰিম । তাই এতিয়া তাইৰ ভনীয়েকহঁতৰ বাবে আদৰ্শ ৷ মোৰ মনটো সতেজ হৈ পৰিছে ।’’

লগতে পঢ়ক: বাংলাদেশে প্ৰত্যাৰ্পণ নিবিচৰালৈকে ভাৰতত মৌন হৈ থকা উচিত শ্বেখ হাছিনা: মঃ ইউনুছ - Chief Advisor Muhammad Yunus

ভাৰত-পাকিস্তান সম্পৰ্ক নৰম হোৱাৰ কোনো সুযোগ নাই; অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল জি ডি বক্সী - India Pakistan Relations

শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক হেঁচা প্ৰয়োগ নকৰিবলৈ পাকিস্তানক সৰ্তকবাণী বেলুচ অধিকাৰ কৰ্মীৰ - Baloch National Gathering

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.