ETV Bharat / international

সামাজিক মাধ্যমত ভাইৰেল হৈ থকা অল আইজ অন ৰাফা প্ৰকৃততে কি ? - All Eyes On Rafah

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 9:38 PM IST

All Eyes On Rafah: সম্প্ৰতি সামাজিক মাধ্যমত ট্ৰেণ্ডত থকা এটা বিষয়বস্তু হৈছে অল আইজ অন ৰাফা ৷ বিশ্বৰ লাখ লাখ মানুহে শ্বেয়াৰ কৰিছে এই বিশেষ ফটোখন ৷ পিচে আপোনালোকে জানেনে এই 'অল আইজ অন ৰাফা' প্ৰকৃততে কি ? পঢ়ক সবিশেষ...

All Eyes On Rafah
সামাজিক মাধ্যমত ভাইৰেল হৈ থকা অল আইজ অন ৰাফা প্ৰকৃততে কি ? (INSTAGRAM)

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 30 মে’ : সামাজিক মাধ্যম হৈছে আজিৰ সময়ত এক শক্তিশালী মাধ্যম ৷ পুৱা শুই উঠাৰে পৰা নিশা শোৱাৰ সময়লৈ সামাজিক মাধ্যমে আমাৰ জীৱনত ব্যাপক প্ৰভাৱ পেলায় ৷ শেহতীয়াকৈ আপোনালোকে হয়তো সামাজিক মাধ্যমত এখন বিশেষ ফটো সকলোৰে ষ্ট’ৰী, পোষ্ট তথা সকলোৰে ষ্টেটাছত দেখা পাইছে ৷ এই বিশেষ ছবিখন হৈছে "অল আইজ অন ৰাফা" ৷ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে বনোৱা এই বিশেষ ফটোখন এই পৰ্যন্ত সামাজিক মাধ্যমত 44 মিলিয়ন লোকে শ্বেয়াৰ কৰিছে ৷ এইখন AI জেনেৰেটেড প্ৰথমখন ফটো য’ত AI য়ে সমাজৰ প্ৰতি দায়িত্বশীল ৰূপত কাম কৰিছিল ৷ 2024 চনৰ ফেব্ৰুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী বিষয়াই অল আইজ অন ৰাফা বাক্যশাৰী ব্যৱহাৰ কৰিছিল ৷

অল আইজ অন ৰাফা কি :

যোৱা ২৬ মে’ দেওবাৰে ৰাফাৰ এটা শিবিৰত ইজৰাইলে কৰা বিমান আক্ৰমণৰ ফলত 45 গৰাকী লোকে শিবিৰৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লৈছিল ৷ আনহাতে 200 ৰো অধিক লোক আহত হৈছে ৷ এই ঘটনাত বহুকেইটি শিশুক নিষ্ঠুৰভাৱে হত্যা কৰা হৈছিল ৷ ইয়াৰ ফলত বহুতো দেশ আৰু মানৱ অধিকাৰ গোটে ইজৰাইলক গৰিহনা দিছে ৷ ইজৰাইলে গাজাত আক্ৰমণ তীব্ৰতৰ কৰাৰ পিচতে পেলেষ্টাইনীসকলৰ সমৰ্থনত 'অল আইজ অন ৰাফা' বুলি লিখা ভাইৰেল এ আই-উৎপন্ন ছবিখন পোহৰলৈ আহে ৷ সম্প্ৰতি এই ছবিখনে সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত ব্যাপকভাৱে ভাইৰেল হৈছে ৷ গাজাৰ ৰাফা অঞ্চলটোক পূৰ্বতে 'সুৰক্ষিত অঞ্চল' বুলি ঘোষণা কৰা হৈছিল ৷ সেইবাবে গৃহহীন হোৱা পেলেষ্টাইনীসকলক অস্থায়ী শিবিৰ পাতি ৰাফাত থকাৰ ব্যৱস্থা কৰা হৈছিল ৷

জনসাধাৰণক আবেদন :

এই বিশেষ ছবিখনত ৰাফাৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে বুলি লিখা এটা শ্লোগানৰ সৈতে অগণন তাঁবু দেখুওৱা হৈছে ৷ দৰাচলতে, এই ছবিখনৰ জৰিয়তে সমগ্ৰ বিশ্বৰ লোকসকলক ৰাফাৰ শিহৰণকাৰী ঘটনাক উপেক্ষা নকৰি এই সন্দৰ্ভত বিশ্বব্যাপী প্ৰচাৰ কৰিবলৈ বিশ্ববাসীক আহ্বান জনোৱা হৈছে ৷ লক্ষণীয় যে, হেজটেগ #AllEyesOnRafah ত ইনষ্টাগ্ৰামত 104,000 ৰো অধিক পোষ্ট আছে ৷ এই শ্লোগানটো ছেভ দ্য চিলড্ৰেন, অক্সফাম, আমেৰিকানছ ফ’ৰ জাষ্টিছ ইন পেলেষ্টাইন একশ্যন, ইহুদী ভইচ ফৰ পীচ আৰু পেলেষ্টাইন ছলিডাৰিটি কেম্পেইনৰ দৰে গোটসমূহে শ্বেয়াৰ কৰে ৷

বহুতো তাৰকাই শ্বেয়াৰ কৰিছে এই বিশেষ ছবিখন :

সম্প্ৰতি এই ছবিখন লাখ লাখ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছে ৷ ইয়াৰ ভিতৰত বহুতো তাৰকাও অন্তৰ্ভুক্ত আছে ৷ বিশ্বৰ লগতে ভাৰতৰ বহুতো প্ৰখ্যাত তাৰকাই এই ছবিখন শ্বেয়াৰ কৰিছে ৷ প্ৰিয়ংকা চোপ্ৰা, বৰুণ ধাৱন, আলিয়া ভাট, সামান্থা ৰুথ প্ৰভু, তৃপ্তি ডিমৰি, ৰিচা চাদ্দা আৰু প্ৰকাশ ৰাজৰ লগতে বহুকেইগৰাকী তাৰকাৰ ষ্ট’ৰী আৰু পোষ্টত এই ছবিখন দেখা গৈছে ৷

পৃথিৱীৰ নৰকলৈ পৰিণত হৈছে গাজা :

ইফালে, ৰাষ্ট্ৰসংঘৰ পেলেষ্টাইন শৰণাৰ্থী সংস্থাই (ইউ এ নআৰ ডব্লিউ এ) সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে এই ভয়ংকৰ পৰিস্থিতিৰ কথা প্ৰকাশ কৰি কয়, "সম্প্ৰতি গাজা পৃথিৱীৰ নৰকলৈ পৰিৱৰ্তিত হৈছে ৷ মানুহে যুদ্ধৰ পৰা বাচিবলৈ আশ্ৰয় বিচাৰি আছে, কিন্তু গাজা ষ্ট্ৰিপত সুৰক্ষিত স্থান বুলি কোনো স্থান নাই ৷ কোনো সুৰক্ষিত নহয় ৷ আমাক যুদ্ধবিৰতিৰ প্ৰয়োজন ৷"

গাজা গণহত্যাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ প্ৰয়াস:

পেলেষ্টাইনী স্বাস্থ্য মন্ত্ৰালয়ে কোৱা অনুসৰি এই আক্ৰমণত ৪৫ জন সাধাৰণ লোক নিহত হৈছিল ৷ নিশা শৰণাৰ্থী শিবিৰত বিমান আক্ৰমণৰ পৰা শিবিৰৰ ধ্বংসাৱেশেষৰ প্ৰতিটো দৃশ্য বিশ্ববাসীক সামাজিক মাধ্যমযোগে গ্ৰাফিক ছবি আৰু কিছু ভিডিঅ’ৰ দ্বাৰা পোনপটীয়াকৈ দেখুওৱা হৈছে ৷ ইয়াৰ পিচতে লাখ লাখ লোকে সামাজিক মাধ্যমত যুদ্ধবিৰতিৰ আহ্বান জনাইছে ৷ এইদৰে গাজাত চলি থকা গণহত্যাৰ প্ৰতি সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ এই ছবিখন ব্যাপকভাৱে শ্বেয়াৰ কৰা হয় ৷

লগতে পঢ়ক: 'অল আইজ অন ৰাফাহ' ষ্ট’ৰী ডিলিট মাধুৰী দীক্ষিতৰ ! - All Eyes on Rafah

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.