ETV Bharat / international

ইজৰাইলক আক্ৰমণৰ ভাবুকি: আমেৰিকা আৰু ইউৰোপীয় মিত্ৰশক্তিৰ ইৰাণলৈ সতৰ্কবাণী - Israel Attack Threats by Iran

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 2:05 PM IST

Israel Attack Threats by Iran: আমেৰিকা আৰু ইয়াৰ ইউৰোপীয় মিত্ৰ দেশ ফ্ৰান্স, জাৰ্মানী, ইটালী আৰু ব্ৰিটেইনে এক যুটীয়া বিবৃতিত ইৰাণক ইজৰাইলৰ বিৰুদ্ধে সামৰিক আক্ৰমণৰ ভাবুকিৰ পৰা আঁতৰি আহিবলৈ সতৰ্ক কৰি দিছে । আনহাতে, আমেৰিকাই ইজৰাইলৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি এটা মিছাইল ছাবমেৰিন আৰু এটা বিমান বাহক গোট ততাতৈয়াকৈ ইজৰাইললৈ প্ৰেৰণ কৰিছে । ইফালে ইৰাণ আৰু লেবাননৰ সহযোগী হিজবুল্লাই তেহৰাণত হামাছৰ ৰাজনৈতিক নেতা আৰু বেইৰুটত হিজবুল্লাৰ কমাণ্ডাৰক হত্যাৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছে ।

Israel Attack Threats by Iran
ইজৰাইলক আক্ৰমণৰ ভাবুকি ইৰাণৰ (AP Photo)

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ আগষ্ট: আমেৰিকা আৰু ইউৰোপীয় মিত্ৰশক্তিয়ে সোমবাৰে ইৰাণক সংযমী হ'বলৈ আহ্বান জনায় । কিয়নো ইজৰাইলৰ ওপৰত এক আসন্ন আক্ৰমণৰ আশংকা বৃদ্ধি পাইছে । যাৰ ফলত মধ্যপ্ৰাচ্যত এক সৰ্বাত্মক যুদ্ধৰ সৃষ্টি কৰিব পাৰে ।

ইয়াৰ উপৰি অঞ্চলটোত উত্তেজনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । আনহাতে, আমেৰিকাই নিজৰ মুখ্য সহযোগী ইজৰাইলৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰি এটা মিছাইল ছাবমেৰিন আৰু এটা বিমান বাহক গোট দেশখনলৈ প্ৰেৰণ কৰিছে । সমান্তৰালভাৱে ইৰাণ তথা ইয়াৰ লেবাননৰ সহযোগী হিজবুল্লাই তেহৰাণত পেলেষ্টাইনী গোট হামাছৰ ৰাজনৈতিক নেতা আৰু বেইৰুটত হিজবুল্লাৰ কমাণ্ডাৰৰ হত্যাৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফ্ৰান্স, জাৰ্মানী, ইটালী আৰু ব্ৰিটেইনৰ নেতাসকলে সোমবাৰে এক যুটীয়া বিবৃতিযোগে তেহৰাণক সতৰ্ক কৰি দিয়াৰ লগে লগে ইৰাণৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে আন্তৰ্জাতিক প্ৰচেষ্টা তীব্ৰতৰ হৈছে । সোমবাৰে এই বিবৃতি প্ৰদানৰ পিচত তেওঁলোকে কয়, "আমি ইৰাণক ইজৰাইলৰ বিৰুদ্ধে সামৰিক আক্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছোঁ । লগতে আক্ৰমণ সংঘটিত হ'লে আঞ্চলিক নিৰাপত্তাৰ ক্ষেত্ৰত হ'ব পৰা গুৰুতৰ পৰিণামৰ বিষয়ে আলোচনা কৰিছোঁ ।"

আনহাতে, হোৱাইট হাউছে সতৰ্ক কৰি দিয়ে যে এই সপ্তাহটো আগবঢ়াৰ লগে লগে ইৰাণ আৰু ইয়াৰ প্ৰক্সি গোটৰ দ্বাৰা 'গুৰুত্বপূৰ্ণ আক্ৰমণ' সংঘটিত হোৱাৰ সম্ভৱনা আছে আৰু ইজৰাইলেও একে মূল্যায়ন কৰিছে । ইফালে কূটনীতি অব্যাহত থকাৰ লগে লগে জাৰ্মান চেন্সেলৰ অ'ল্ফ স্কলজ আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ দুয়োৱে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশ্কিয়ানক পৰিস্থিতি প্ৰশমিত কৰিবলৈ আহ্বান জনায় ।

পেজেশ্কিয়ানে সোমবাৰে কয় যে তেওঁৰ দেশৰ 'আক্ৰমণকাৰীৰ প্ৰতি সঁহাৰি দিয়াৰ অধিকাৰ' আছে । হামাছৰ ৰাজনৈতিক মুৰব্বী ইছমাইল হানিয়েহ বিগত মাহত নতুন ইৰাণী ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণৰ বাবে তেহৰাণত উপস্থিত হোৱাৰ সময়ত ইৰাণে এটা আক্ৰমণত হানিয়েহ নিহত হোৱাৰ বাবে ইজৰাইলক দোষাৰোপ কৰে । আনহাতে, ইজৰাইলে তাৰ এদিন পূৰ্বে বেইৰুটত হিজবুল্লাৰ কমাণ্ডাৰ ফুৱাদ চুকুৰক হত্যা কৰে । যাৰ ফলত অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে ।

লগতে পঢ়ক :গাজাৰ বিদ্যালয়ত পুনৰ আক্ৰমণ ইজৰাইলৰ : নিহত প্ৰায় ১০০ - Israeli Airstrike on Gaza School
ইজৰাইল আৰু হামাছক পুনৰ আলোচনাৰ মাজলৈ অহাৰ আহ্বান মধ্যস্থতাকাৰীৰ - Israel Hamas War

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.