ETV Bharat / international

নেতান্যাহুৰ বিৰুদ্ধে আইচিচিৰ গ্ৰেপ্তাৰী পৰোৱানাক নাকচ আমেৰিকাৰ - ARREST WARRANTS AGAINST NETANYAHU

ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহু আৰু প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি আইচিচিৰ । এই সিদ্ধান্ত নাকচ আমেৰিকাৰ ।

ICC arrest warrants
নেতান্যাহুৰ বিৰুদ্ধে আইচিচিৰ গ্ৰেপ্তাৰী পৰোৱানাক নাকচ আমেৰিকাৰ (ANI)
author img

By ANI

Published : Nov 22, 2024, 12:55 PM IST

ৱাশ্বিংটন : আমেৰিকাই শুকুৰবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ আন্তৰ্জাতিক অপৰাধ আদালতৰ (আইচিচি) সিদ্ধান্ত নাকচ কৰে । হোৱাইট হাউচৰ প্ৰেছ সচিব কেৰিণ জিন-পিয়েৰে এক সংবাদমেলত এই সিদ্ধান্ত সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয়, "আমি ইজৰাইলৰ জ্যেষ্ঠ বিষয়াসকলৰ বাবে গ্ৰেপ্তাৰ ৱাৰেণ্ট জাৰি কৰাৰ আদালতৰ সিদ্ধান্তক মৌলিকভাৱে অস্বীকাৰ কৰিছো ।" অধিবক্তা তথা আদালতৰ খৰখেদা প্ৰক্ৰিয়া আৰু ত্ৰুটিবোৰৰ সমালোচনাও কৰে প্ৰেছ সচিব কেৰিণ জিন-পিয়েৰে ।

জিন-পিয়েৰে লগতে কয় যে আমেৰিকাই এই বিষয়ত আইচিচিৰ অধিকাৰৰ অভাৱৰ বিষয়ে স্পষ্ট । তেওঁৰ মতে অধিবক্তাই যিয়ে নকওক কোনো প্ৰমাণ নাই । ইজৰাইল আৰু হামাছৰ মাজত কোনো প্ৰমাণ নাই । ইফালে হোৱাইট হাউচে পৰৱৰ্তী পদক্ষেপৰ আলোচনাৰ বাবে ইজৰাইলকে ধৰি ইয়াৰ অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা কৰি আছে । উল্লেখ্য যে আইচিচিৰ অভিযোগৰ মাজতে আমেৰিকাই ইজৰাইলৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰি আছে । তেনে সময়তে আমেৰিকাৰ এই ঘোষণাই বিশ্বজুৰি চৰ্চা লাভ কৰিছে ।

নেতান্যাহু আৰু গেলেণ্টৰ বিৰুদ্ধে আইচিচিৰ গ্ৰেপ্তাৰী পৰোৱানা

বৃহস্পতিবাৰে আইচিচিয়ে নেতান্যাহু আৰু গেলেণ্টৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰি তেওঁলোকৰ বিৰুদ্ধে "মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু যুদ্ধ অপৰাধ"ৰ অভিযোগ উত্থাপন কৰে । অভিযোগসমূহৰ ভিতৰত আছে গাজাত অসামৰিক লোকসকলক লক্ষ্য কৰি লোৱা আৰু অনাহাৰৰ নীতি বলবৎ কৰা ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ইফালে প্ৰধানমন্ত্ৰী নেতান্যাহুৱে তেওঁৰ সামাজিক মাধ্যমৰ প্লেটফৰ্মত এক বিবৃতিযোগে আইচিচিৰ সিদ্ধান্তক গৰিহণা দিয়ে আৰু ইয়াক 'এণ্টিছিমেটিক' বুলি অভিহিত কৰে । নেতান্যাহুৱে এক্সৰ এটা পোষ্টত কয়, "হেগৰ আন্তৰ্জাতিক আদালতৰ এণ্টিছিমেটিক সিদ্ধান্ত হৈছে এক আধুনিক ড্ৰেফাছ বিচাৰ আৰু ই একেধৰণেই সমাপ্ত হ'ব ।"

নেতান্যাহুৱে লগতে কয়,"আমি গাজাৰ সাধাৰণ নাগৰিকসকলক ক্ষতিৰ পৰা আঁতৰি যাবলৈ বহুবাৰ সতৰ্ক কৰি দিছো । বিভিন্ন ধৰণৰ পত্ৰিকাও জাৰী কৰিছো । আনহাতে হামাছৰ সন্ত্ৰাসবাদীসকলে নাগৰিকসকলৰ ক্ষতিৰ বাবে বিভিন্ন ধৰণ কাম কৰে আৰু তেওঁলোকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰে ।"

নেতান্যাহুৱে অনাহাৰ নীতি জাপি দিয়াৰ অভিযোগ খাৰিজ কৰি কয় যে ইজৰাইলে গাজালৈ ৭,০০,০০০ টন খাদ্য যোগান ধৰিছে । তেওঁ কয়, "আমি গাজাৰ লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰিছো । এই সামগ্ৰীবোৰ নিয়মীয়াকৈ হামাছৰ সন্ত্ৰাসবাদীয়ে লুণ্ঠন কৰে । যাৰ বাবে লোকসকল অতি প্ৰয়োজনীয় খাদ্যৰ পৰা বঞ্চিত হৈছে ।" তেওঁ লগতে কয় যে ইজৰাইলে গাজাৰ ৯৭ শতাংশ লোকক পলিঅ'ৰ টীকাকৰণৰ সুবিধা প্ৰদান কৰিছে । নেতান্যাহুৱে আইচিচিৰ অভিযোগক ভিত্তিহীন বুলিও অভিহিত কৰিছে ।

লগতে পঢ়ক : ত্ৰিদেশীয় ভ্ৰমণ সামৰি দিল্লীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.