ETV Bharat / international

নিৰ্বাচনী দৌৰত কোন আগত, কি কয় জনমত সমীক্ষাই ? - US ELECTION 2024

৫ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন । ৭৫ নিযুততকৈও অধিক আমেৰিকানে ইতিমধ্যে আগতীয়াকৈ মেইল-ইন ভোটদান কৰিছে ।

US Opinion Polls
নিৰ্বাচনী দৌৰত কোন আগত, কি কয় জনমত সমীক্ষাই (AP)
author img

By PTI

Published : Nov 4, 2024, 12:51 PM IST

ৱাশ্বিংটন : ৫ নৱেম্বৰ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ'ব বহু প্ৰত্যাশিত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন । ড'নাল্ড ট্ৰাম্প নে কমলা হেৰিছ, পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ'ব তাকে লৈ ইতিমধ্যে দেশখনত ব্যাপক জল্পনা-কল্পনা আৰম্ভ হৈছে । ফ্লৰিডা বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী লেবৰ মতে দেওবাৰলৈকে ৭৫ নিযুততকৈও অধিক আমেৰিকানে ইতিমধ্যে আগতীয়াকৈ মেইল-ইন ভোটদান কৰিছে । তাৰ মাজতে প্ৰকাশিত জনমত সমীক্ষাই আমেৰিকাৰ ৰাজনীতিত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে ।

ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ জনমত সমীক্ষা

এক নিৰ্বাচনী জনমত সমীক্ষা অনুসৰি আইৱাত উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ সম্ভাৱ্য ভোটাৰসকলৰ মাজত প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পতকৈ ৪৭ শতাংশৰ পৰা ৪৪ শতাংশলৈ আগবাঢ়ি আছে ।

অৱশ্যে ট্ৰাম্পে এই ফলাফলৰ পূৰ্বানুমানক প্ৰত্যাখ্যান কৰিছে । তেওঁ কয় যে এয়া তেওঁৰ গণতান্ত্ৰিক প্ৰতিদ্বন্দ্বীৰ পক্ষত দিয়া ৰায় । ট্ৰাম্পৰ মতে তেওঁৰ এজন শত্ৰুৱে এই জৰীপ কৰিছে ।

শনিবাৰে প্ৰকাশ পোৱা এই নিৰ্বাচনী জনমত সমীক্ষাক ভুৱা আখ্যা দিয়ে ট্ৰাম্পে । ডেচ মইনচ ৰেজিষ্টাৰ বাতৰি কাকতৰ জৰীপটো সন্দৰ্ভত ট্ৰাম্পে কয়,"মই আইৱাত পিছ পৰি থকা নাই ।"

উল্লেখ্য যে আইৱাৰ নিৰ্বাচনী জনমত সমীক্ষাই ট্ৰাম্পৰ বাবে হতাশাজনক সংকেত দিছে । ছেপ্টেম্বৰত একেটা প্ৰতিষ্ঠানৰ এক জৰীপত ট্ৰাম্পক হেৰিছতকৈ ৪ পইণ্টত আগবাঢ়ি থকা দেখুৱাইছিল । একেদৰে জুন মাহত যেতিয়া ৰাষ্ট্ৰপতিৰ দৌৰত জ' বাইডেন আছিল তেতিয়া ট্ৰাম্প ১৮ পইণ্টত আগবাঢ়ি আছিল ।

শেহতীয়া জনমত সমীক্ষা অনুসৰি, মহিলা আৰু স্বতন্ত্ৰ ভোটাৰৰ সমৰ্থনৰ প্ৰতি লক্ষ্য ৰাখি হেৰিছে দৌৰত আগবাঢ়ি আছে । ডেচ মইনচ ৰেজিষ্টাৰে কয় যে ৮০৮ জন সম্ভাৱ্য আইৱা ভোটাৰ জৰীপত অন্তৰ্ভুক্ত আছে । ইতিমধ্যে ভোট দান কৰা সকলৰ লগতে তেওঁলোকে নিশ্চিতভাৱে ভোট দিয়াৰ পৰিকল্পনা কৰিছে । এই জৰীপ ২৮ৰ পৰা ৩১ অক্টোবৰলৈ চলোৱা হৈছিল ।

এন বি চি নিউজৰ এক পৃথক জনমত সমীক্ষাত হেৰিছ আৰু ট্ৰাম্পৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি কোৱা হৈছে । এই সমীক্ষাত হেৰিছ আৰু ট্ৰাম্পক ৪৯ শতাংশকৈ ভোট লাভ কৰাৰ কথা কোৱা হৈছে । এন বি চি নিউজৰ মতে মাত্ৰ ২ শতাংশ ভোটাৰে কৈছিল যে তেওঁলোক এই বিষয়ে নিশ্চিত নহয় ।

নিৰ্বাচনী প্ৰতিশ্ৰুতি

ইফালে বিভিন্ন প্ৰচাৰৰ সময়ত হেৰিছে দেশৰ মৌলিক স্বাধীনতা সুৰক্ষিত কৰা, সাংবিধানিক মূল্যবোধ সুৰক্ষিত কৰা আৰু মহিলাৰ অধিকাৰ নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিছে । ইয়াৰ বিপৰীতে ট্ৰাম্পে অৰ্থনীতি পুনৰুদ্ধাৰ আৰু আমেৰিকাক অবৈধ প্ৰব্ৰজনৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে ।

দেওবাৰে ট্ৰাম্পে পেনচিলভেনিয়া, উত্তৰ কেৰোলিনা আৰু জৰ্জিয়াত ৰেলীত অংশগ্ৰহণ কৰে । হেৰিছে মিছিগানৰ বিভিন্ন স্থানত ৰেলী সম্বোধন কৰে । হেৰিছে সোমবাৰে পেনচিলভেনিয়াত দুখন ৰেলী সম্বোধন কৰাৰ কথা আছে ।

লগতে পঢ়ক :বহু চৰ্চিত আমেৰিকাৰ নিৰ্বাচন; কোন হ'ব পৰৱৰ্তী ৰাষ্ট্ৰপতি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.