ETV Bharat / international

ইজৰাইল আৰু হামাছক পুনৰ আলোচনাৰ মাজলৈ অহাৰ আহ্বান মধ্যস্থতাকাৰীৰ - Israel Hamas War

author img

By ANI

Published : Aug 9, 2024, 10:38 AM IST

Israel Hamas War : গাজা ষ্ট্ৰিপত ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ অব্যাহত আছে । মধ্যস্থতাকাৰী দেশ ক্ৰমে আমেৰিকা, ইজিপ্ত আৰু কাটাৰে দুয়োপক্ষক যুদ্ধবিৰতি চুক্তিৰ আলোচনাৰ বাবে পুনৰ আহ্বান জনাইছে । দোহা বা কায়ৰোত অহা ১৫ আগষ্টত এই বৈঠক আয়োজনৰ প্ৰস্তাৱ দিয়া হৈছে ।

Israel Hamas War
ইজৰাইল আৰু হামাছক পুনৰ আলোচনাৰ মাজলৈ অহাৰ আহ্বান মধ্যস্থতাকাৰীৰ (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ আগষ্ট : ইজৰাইল আৰু হামাছৰ যুদ্ধৰ সমাপ্তিৰ বাবে বিভিন্ন দেশে প্ৰচেষ্টা অব্যাহত ৰাখিছে । দুয়োটা পক্ষক আলোচনাৰ মাজেৰে যুদ্ধবিৰতিৰ আহ্বানো জনাইছে বিভিন্ন দেশে । ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ লগতে ইজিপ্ত আৰু কাটাৰে ইজৰাইল আৰু হামাছক ১৫ আগষ্টত দোহা বা কায়ৰোত গাজা ষ্ট্ৰিপত যুদ্ধবিৰতি সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনাইছে ।

যুদ্ধবিৰতিৰ বাবে আলোচনাৰ আহ্বান :

৮ আগষ্টত এক যুটীয়া বিবৃতিযোগে আমেৰিকা, ইজিপ্ত আৰু কাটাৰে এই আহ্বান জনায় । তেওঁলোকৰ মতে ইজৰাইল আৰু হামাছে ব্যৱধান দূৰ কৰি অতি শীঘ্ৰে শান্তিৰ মাজলৈ আহিব লাগে । বাইডেন, কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল থানি আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিৰ বিবৃতিটো হোৱাইট হাউছে মুকলি কৰে যি যোৱা ৩১ মে'ত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰা নীতিৰ ওপৰত আধাৰিত আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ ২৭৩৫ ৰ দ্বাৰা সমৰ্থিত ।

মধ্যস্থতাকাৰী দেশৰ আহ্বান :

মধ্যস্থতাকাৰী হিচাপে থকা এই তিনিখন দেশে কয় যে তেওঁলোকে গাজাত যুদ্ধবিৰতি আৰু ইজৰাইলী বন্দীসকলৰ মুক্তিৰ চুক্তিৰ চূড়ান্ত প্ৰস্তাৱ উত্থাপন কৰিবলৈ প্ৰস্তুত । ইয়াৰ দ্বাৰা বাকী থকা কাৰ্যকৰীকৰণৰ সমস্যাবোৰ এনেদৰে সমাধান কৰিব যি সকলো পক্ষৰ আশা পূৰণ কৰে । নেতাসকলে কয়, "আমি তিনিওখন দেশ আৰু আমাৰ দলসমূহে বহু মাহ ধৰি এক ফ্ৰেমৱৰ্ক চুক্তি প্ৰস্তুত কৰিবলৈ অক্লান্ত পৰিশ্ৰম কৰিছো যি এতিয়া আলোচনাৰ মাজত আছে আৰু কেৱল কাৰ্যকৰীকৰণৰ বিৱৰণ হে সমাপ্ত হ'বলৈ বাকী আছে ।"

তেওঁলোকে কয়, "যিকোনো পক্ষৰ পৰা পলম হোৱা, সময়ৰ অপচয় বা অজুহাতৰ সময় নাই । বন্দীসকলক মুক্তি দিয়া, যুদ্ধবিৰতি আৰম্ভ কৰা আৰু এই চুক্তি কাৰ্যকৰী কৰাৰ সময় আহি পৰিছে ।"

আলোচনাৰ বাবে সাজু ইজৰাইল :

ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে আমেৰিকা আৰু মধ্যস্থতাকাৰীসকলৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই কয় যে ইজৰাইলে ১৫ আগষ্টত যুদ্ধবিৰতিৰ বাবে জিম্মি চুক্তিৰ ওপৰত আলোচনাত অংশ ল'বলৈ এটা প্ৰতিনিধি দল প্ৰেৰণ কৰিব ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে আমেৰিকাৰ নেতৃত্বত কায়ৰো বা দোহাৰ প্ৰস্তাৱিত বিবৃতিৰ পিচত আলোচনাৰ স্থান এতিয়াও চূড়ান্ত হোৱা নাই । কিন্তু ইজৰাইলৰ প্ৰতিনিধি দলে ফ্ৰেমৱৰ্ক চুক্তি ৰূপায়ণৰ বাবে চূড়ান্ত কৰিবলৈ যিকোনো স্থানলৈ যাত্ৰা কৰিব ।

লগতে পঢ়ক :ইজৰাইলৰ লক্ষ্য নিৰ্ধাৰিত হত্যা : ভৱিষ্যতৰ পৰিণাম কি ? - Israel Hamas War

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.