ETV Bharat / international

আমেৰিকাত সুৰক্ষিত নহয় হিন্দু ! - ATTACK AGAINST HINDUS

author img

By PTI

Published : Apr 16, 2024, 7:54 AM IST

Updated : Apr 16, 2024, 10:22 AM IST

Attack against Hindus: আমেৰিকাত নিৰাপত্তাহীনতাত ভুগিছে হিন্দু ধৰ্মৰ লোকসকল । আমেৰিকাৰ কংগ্ৰেছৰ সদস্যই এই দাবী কৰিছে । আইনী বিভাগলৈ কেইবাগৰাকী ভাৰতীয়মূল কংগ্ৰেছ সদস্যই হিন্দুৰ ন্যায় বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে ।

Attack against Hinus
আমেৰিকাত সুৰক্ষিত নহয় হিন্দু

ইণ্টাৰনেশ্যনেল ডেস্ক,১৬ এপ্ৰিল : আমেৰিকাত হিন্দু আৰু হিন্দু ধৰ্মৰ ওপৰত আক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে । এই দাবী এগৰাকী ভাৰতীয়মূলৰ আমেৰিকান নেতাৰ । তেওঁ লগতে সতৰ্ক কৰি দিছে যে এয়া এক সমন্বিত হিন্দু বিৰোধী আক্ৰমণৰ আৰম্ভণি । সোমবাৰে নেশ্যনেল প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত কংগ্ৰেছ সদস্য শ্ৰী থানেদাৰে কয় যে তেওঁ আমেৰিকাত হিন্দু ধৰ্মৰ ওপৰত যথেষ্ট আক্ৰমণ বৃদ্ধি হোৱা দেখিছে ।

আনহাতে অনলাইন বা অন্য মাধ্যমত বহুতো ভুল তথ্য প্ৰচাৰ কৰা হৈছে বুলিও তেওঁ দাবী কৰে । থানেদাৰসহ আন ৪ গৰাকী ভাৰতীয়মূলৰ ৰাজনৈতিক নেতা ৰো খান্না, ৰাজা কৃষ্ণমূৰ্তি, অমি বেৰা আৰু প্ৰমীলা জয়পালে শেহতীয়াকৈ হিন্দু মন্দিৰ আৰু উপাসনাস্থলীৰ ওপৰত হোৱা আক্ৰমণৰ তদন্ত বিচাৰি আইন বিভাগলৈ এক পত্ৰ লিখিছে ।

হিন্দু একচন নামৰ এক স্বেচ্ছাসেৱী সংস্থাৰ দ্বাৰা আয়োজিত সংবাদমেলত থানেদাৰে অভিযোগ কৰে যে আক্ৰমণৰ বাবে দোষীসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই আৰু কোনো লোকক গ্ৰেপ্তাৰো কৰা হোৱা নাই বুলি তেওঁ অভিযোগ কৰে । নেতাগৰাকীয়ে অভিযোগ কৰা মতে ঘটনাবোৰ যথেষ্ট বৃদ্ধি পাইছে । এনে আক্ৰমণৰ বিৰুদ্ধে হিন্দু লোকসকলক একত্ৰিত হ'বলৈ তেওঁ আহ্বান জনায় ।

নেতাগৰাকীৰ মতে হিন্দু পৰিয়ালত জন্ম হৈ ডাঙৰ দীঘল হোৱা বাবে তেওঁ অৱগত হিন্দু ধৰ্ম কি ? শান্তিৰ প্ৰতীক হিন্দু ধৰ্ম আৰু ই আনক আক্ৰমণ কৰা ধৰ্ম নহয় বুলি তেওঁ দাবী কৰে । তেওঁৰ মতে হিন্দু ধৰ্মক ভুলকৈ উপস্থাপন কৰা হয় । এনেবোৰ পৰিস্থিতিৰ বাবে তেওঁ লগত আন ৪ গৰাকী কংগ্ৰেছৰ সদস্যই আইনী বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু ইয়াৰ সঠিক তদন্ত বিচাৰিছে ।

তেওঁ দাবী কৰা মতে প্ৰশাসনৰ সহায় অবিহনে হিন্দুসকলে বাস কৰিবলগীয়া হৈছে । থানেদাৰেৰ মতে স্থানীয় প্ৰশাসন, ফেডাৰেল ব্যুৰ' অফ ইনভেষ্টিগেচন আৰু ন্যায় বিভাগৰ মাজত প্ৰচেষ্টাৰ সমন্বয়ৰ প্ৰয়োজন আছে । থানেদাৰে কয় যে তেওঁ হিন্দু বিৰোধী আক্ৰমণৰ ওপৰত আমেৰিকাৰ কংগ্ৰেছত এক প্ৰস্তাৱ উত্থাপন কৰিছে ।

আইনী বিভাগলৈ এই প্ৰস্তাৱ আৰু পত্ৰৰ জৰিয়তে প্ৰশাসনৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে যাতে হিন্দুসকলৰ শান্তিৰে জীয়াই থকাৰ অধিকাৰ থাকে ।

লগতে পঢ়ক :ছুৰিকাঘাতেৰে ৬ জন লোকক হত্যা, আক্ৰমণকাৰীক চিনাক্ত আৰক্ষীৰ - Attack At Sydney Mall

Last Updated : Apr 16, 2024, 10:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.