ETV Bharat / international

আমেৰিকান সংসদলৈ নিৰ্বাচিত ৬ ভাৰতীয় মূলৰ আমেৰিকান - US ELECTIONS 2024

সুহাস সুব্ৰমণিয়মকে ধৰি ছয়গৰাকী ভাৰতীয় মূলৰ আমেৰিকান দেশখনৰ সংসদলৈ নিৰ্বাচিত হৈছে । সুব্ৰমণিয়মে প্ৰথমবাৰৰ বাবে ভাৰ্জিনিয়া আৰু ইষ্ট কোষ্টৰ পৰা নিৰ্বাচিত হৈ ইতিহাস ৰচে ।

Indian Americans in US Elections
সুহাস সুব্ৰমণিয়ম (AP)
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 8:07 PM IST

ৱাশ্বিংটন : আমেৰিকাৰ 'হাউছ অব ৰিপ্ৰেজেণ্টেটিভছ'লৈ এইবাৰ নিৰ্বাচিত হৈছে ছয়গৰাকী ভাৰতীয় মূলৰ আমেৰিকান । বৰ্তমানৰ আমেৰিকান কংগ্ৰেছত থকা পাঁচগৰাকী প্ৰতিনিধিৰ পৰা এইবাৰৰ নিৰ্বাচনত ভাৰতীয়-আমেৰিকানৰ সংখ্যা ছয়গৰাকীলৈ বৃদ্ধি পাইছে ।

ভাৰতীয় মূলৰ আমেৰিকান অধিবক্তা সুহাস সুব্ৰমণিয়মে ভাৰ্জিনিয়া আৰু সমগ্ৰ ইষ্ট কোষ্টৰ পৰা নিৰ্বাচিত হোৱা ভাৰতীয় সম্প্ৰদায়ৰ প্ৰথমগৰাকী প্ৰতিনিধি হিচাপে ইতিহাস ৰচনা কৰে ।

সুব্ৰমণিয়ামে ৰিপাব্লিকান পাৰ্টীৰ মাইক ক্লেন্সিক পৰাস্ত কৰে । তেওঁ বৰ্তমান ভাৰ্জিনিয়া ষ্টেট ছিনেটৰ । আনহাতে, 'হাউছ অব ৰিপ্ৰেজেণ্টেটিভছ'ত ভাৰতীয় মূলৰ প্ৰতিনিধিৰ সংখ্যা আৰু এজন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । সেয়া হ'লে ভাৰতীয় মূলৰ আমেৰিকানৰ সংখ্যা সাতগৰাকীলৈ বৃদ্ধি পাব । কিয়নো ডঃ অমিশ শ্বাহে এৰিজোনাৰ প্ৰথম কংগ্ৰেছেল ডিষ্ট্ৰিক্টত তেওঁৰ ৰিপাব্লিকান প্ৰাৰ্থীৰ বিৰুদ্ধে কম ব্যৱধানত আগবাঢ়ি আছিল ।

"মই এই কথাত সন্মানিত আৰু গৌৰৱান্বিত যে ভাৰ্জিনিয়াৰ দশম জিলাখনৰ জনসাধাৰণে আটাইতকৈ কঠিন যুঁজ দিবলৈ আৰু কংগ্ৰেছত প্ৰতিনিধিত্ব কৰিবলৈ মোৰ ওপৰত বিশ্বাস ৰাখিছে । এই জিলাখন মোৰ ঘৰ । মই ইয়াত বিবাহপাশত আবদ্ধ হৈছিলোঁ, মই আৰু মোৰ পত্নী মিৰাণ্ডাই আমাৰ জীয়ৰীক ইয়াতে ডাঙৰ-দীঘল কৰি আছোঁ । আনহাতে, আমাৰ সম্প্ৰদায়ে সন্মুখীন হোৱা সমস্যাবোৰ আমাৰ পৰিয়ালৰ দৰে ব্যক্তিগত । ৱাশ্বিংটনত এই জিলাখনৰ সেৱা কৰিব পোৱাটো এক সন্মানৰ বিষয় ।" সুব্ৰমণিয়মে কয় ।

পূৰ্বতে ৰাষ্ট্ৰপতি বাৰাক অ'বামাৰ হোৱাইট হাউছৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা সুব্ৰমণিয়মে হিন্দু ধৰ্মত বিশ্বাস কৰে আৰু সমগ্ৰ দেশজুৰি ভাৰতীয় মূলৰ আমেৰিকানসকলৰ মাজত অতি জনপ্ৰিয় ।

উল্লেখ্য যে বৰ্তমান আমেৰিকান কংগ্ৰেছত পাঁচগৰাকী ভাৰতীয় মূলৰ আমেৰিকান আছে । তেওঁলোক হৈছে এমি বেৰা, ৰাজা কৃষ্ণমূৰ্তি, ৰো খান্না, প্ৰমীলা জয়পাল আৰু শ্ৰী থানেদাৰ । বৰ্তমানৰ এই পাঁচগৰাকী ভাৰতীয় মূলৰ আমেৰিকান সদস্য পুনৰ নিৰ্বাচিত হৈছে । সুব্ৰমণিয়ম হৈছে ষষ্ঠগৰাকী ।

শ্ৰী থানেদাৰ মিছিগানৰ ত্ৰয়োদশ কংগ্ৰেছেল জিলাৰ পৰা একেৰাহে দ্বিতীয়বাৰৰ বাবে পুনৰ নিৰ্বাচিত হৈছে । তেওঁ ২০২৩ চনত প্ৰথমবাৰৰ বাবে সংসদলৈ আহিছিল । আনহাতে, ৰাজা কৃষ্ণমূৰ্তিয়ে একেৰাহে পঞ্চমবাৰৰ বাবে ইলিনয়ৰ সপ্তম কংগ্ৰেছেল জিলাত জয়লাভ কৰে ।

"কংগ্ৰেছত মোৰ লক্ষ্য হৈছে সেইসকল পৰিয়ালৰ বাবে যুঁজ দিয়া, যিসকলে তেওঁলোকৰ সপোনৰ পিচত দৌৰি আছে, তেওঁলোক ক'ৰ পৰা আহিছে সেইটো ডাঙৰ কথা নহয়, তেওঁলোক কি ধৰ্মৰ বা তেওঁলোকৰ নামত থকা কি আখৰ আছে... ।" কেলিফ'ৰ্ণিয়াৰ সপ্তদশ কংগ্ৰেছেল জিলাক প্ৰতিনিধিত্ব কৰা ৰো খান্না আৰু ৱাশ্বিংটন ৰাজ্যৰ সপ্তম কংগ্ৰেছেল জিলাক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ মহিলা প্ৰতিনিধি প্ৰমীলা জয়পালে কয় ।

পেছাত এগৰাকী চিকিৎসক, ডাঃ এমি বেৰা হৈছে ২০১৩ চনৰ পৰা কেলিফ'ৰ্ণিয়াৰ ষষ্ঠ কংগ্ৰেছেল জিলাক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠতম ভাৰতীয় মূলৰ আমেৰিকান কংগ্ৰেছী । তেওঁ একেৰাহে সপ্তমবাৰৰ বাবে পুনৰ নিৰ্বাচিত হৈছে ।

লগতে পঢ়ক :ময়েই আপোনালোকৰ 45 আৰু 47 সংখ্যক ৰাষ্ট্ৰপতি; আমেৰিকাবাসীক উদ্দেশ্যি ট্ৰাম্পৰ ভাষণ
লগতে পঢ়ক :ইলেক্ট'ৰেল কলেজ কি; আমেৰিকা নিৰ্বাচনত ই কেনেদৰে কাম কৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.