ETV Bharat / international

পূব ৰাছিয়াৰ উপকূলত ৭.০ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিচতে শিভেলুচত আগ্নেয়গিৰি উদগীৰণ - Earthquake in Russia - EARTHQUAKE IN RUSSIA

Earthquake strikes off eastern Russian coast : পূব ৰাছিয়াৰ উপকূলত ৭.০ ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্প ৷ এই ভূমিকম্পৰ পাচতে ৰাছিয়াৰ শিভেলুচত সংঘটিত হয় এক আগ্নেয়গিৰি উদগীৰণৰ ঘটনা ৷

Earthquake strikes off eastern Russian coast
পূব ৰাছিয়াৰ উপকূলত ৭.০ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছতে শিভেলুচত আগ্নেয়গিৰি বিস্ফোৰণ (ANI)
author img

By ANI

Published : Aug 18, 2024, 7:49 AM IST

নেশ্যনেল ডেস্ক, ১৮ আগষ্ট : পূব ৰাছিয়াৰ উপকূলত সংঘটিত হয় এক ভয়ংকৰ ভূমিকম্পৰ ঘটনা ৷ এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.০ ৰিখটাৰ স্কেল ৷ দেশখনৰ পূব উপকূলত ৭.০ ৰিখটাৰ স্কেলত হোৱা ভূমিকম্পৰ পাচত ৰাছিয়াৰ শিভেলুচ এক আগ্নেয়গিৰি উদগীৰণ ঘটে ৷ CNN ৰ বাতৰিত প্ৰকাশ পাইছে এই তথ্য ।

চিএনএনে টাছৰ উদ্ধৃতি দি উল্লেখ কৰে যে, দৃশ্যগত মূল্যায়ন অনুসৰি, উদগীৰণৰ ফলত উদ্ভৱ হোৱা লাভা আৰু ধোঁৱাৰ স্তম্ভটো সমুদ্ৰপৃষ্ঠৰ পৰা ৮ কিলোমিটাৰ ওপৰলৈকে উঠি গৈছিল ৷ প্ৰতিবেদনত উল্লেখ কৰা মতে, আগ্নেয়গিৰিটোৰ পৰা মাত্ৰাধিক লাভাৰ ঢৌ নিৰ্গত হৈছে । অৱশ্যে এই প্ৰাকৃতিক দুৰ্যোগৰৰ ফলত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই ।

পেট্ৰ’পাভলভস্ক-কামচাটস্কি, প্ৰায় ১ লাখ ৮১ হাজাৰ জনসংখ্যাৰ এখন উপকূলীয় চহৰ, যি ৰাছিয়াৰ কামচাটকাত অৱস্থিত । পেট্ৰ’পাভলভস্ক-কামচাটস্কিৰ পৰা শিভেলুচ আগ্নেয়গিৰি প্ৰায় ২৮০ মাইল দূৰত অৱস্থিত । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে (USGS) জানিবলৈ দিয়া মতে, ভূমিকম্পৰ কেন্দ্ৰ পেট্ৰ’পাভ্ল’ভস্ক-কামচাটস্কিৰ পৰা প্ৰায় ৫৫ মাইল দূৰত আৰু ইয়াৰ গভীৰতা প্ৰায় ৩০ মাইল ।

লগতে পঢ়ক : আফগানিস্তান আৰু টাইৱানত ভূমিকম্পৰ জোকাৰণি - Earthquake Hits Afghanistan Taiwan

এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ "বৃহৎ ক্ষতি" হোৱা নাই । অৱশ্যে বহু অট্টালিকাত কিছু ক্ষয়-ক্ষতি হোৱা দেখা গৈছে ৷ সামাজিক সুবিধাসমূহৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ৷ CNN এ TASS ৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰিছে ।

ইফালে ৰাছিয়াৰ জৰুৰীকালীন মন্ত্ৰালয়ে ছুনামীৰ সন্দৰ্ভত বিশেষ সতৰ্কবাণী জাৰি কৰা নাছিল । কিন্তু আমেৰিকাৰ ছুনামী সতৰ্কবাণী ব্যৱস্থাই সতৰ্ক কৰি দিছিল - ৰাছিয়াৰ উপকূলৰ কাষৰীয়া ভূমিকম্পৰ পৰা ৩০০ কিলোমিটাৰ [প্ৰায় ১৮৬ মাইল] দূৰত্বত ভূমিকম্পৰ হোৱাৰ সম্ভাৱনা আছে ।

TASS এ সদৰী কৰা অনুসৰি, এই ভূমিকম্পৰ ফলত অঞ্চলটোৰ বহু বাসিন্দাই ইতিমধ্যে নিজৰ আপোন ঘৰখন এৰি উক্ত স্থান ত্যাগ কৰিছে । এই ভূমিকম্পৰ ফলত বহু লোকৰ আচবাব ভাঙি চূৰমাৰ হৈছে বুলিও TASS এ প্ৰকাশ কৰিছে ।

ৰাছিয়ান একাডেমী অৱ চাইন্সৰ জিঅ’ফিজিকেল চাৰ্ভিচৰ কামচাটকা শাখাৰ তথ্য অনুসৰি, শনিবাৰে কামচাটকাৰ স্থানীয় সময় অনুসৰি ০৭:২১ বজাত (মস্কো সময় অনুসৰি ২২:২১) এই আফটাৰশ্বক (aftershock) সংঘটিত হয় । সংবাদ সংস্থা ANI য়ে উল্লেখ কৰা অনুসৰি, এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৭ ।

লগতে পঢ়ক : ছেইণ্ট মাৰ্টিন দ্বীপ বিতৰ্ক: নতুন সামৰিক ঘাটি স্থাপনৰ নেতিবাচক দিশ - Military base in Indian Ocean

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.