ETV Bharat / international

বাংলাদেশত হ'ব অন্তৱৰ্তীকালীন চৰকাৰ : ঘোষণা বাংলাদেশৰ সামৰিক মুৰব্বীৰ - Bangladesh protest

author img

By ANI

Published : Aug 5, 2024, 7:34 PM IST

Bangladesh Army Chief on Situations : বাংলাদেশৰ সামৰিক মুৰব্বী জেনেৰেল ৱাকাৰ-উজ-জামানৰ প্ৰতিশ্ৰুতি- সামৰিক বাহিনী নৰম হ'ব । চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰদৰ্শনৰ মাৰাত্মক অভিযানৰ তদন্ত আৰম্ভ কৰিব । শান্তি পুনৰুদ্ধাৰৰ বাবে আৰু নাগৰিকসকলৰ পৰা সময় বিচাৰিছে বাংলাদেশৰ সেনা প্ৰধানে ।

Bangladesh Army Chief on Situations
অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পৰিকল্পনা ঘোষণা বাংলাদেশৰ সামৰিক মুৰব্বীৰ (AP Photo)

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ আগষ্ট : বাংলাদেশত অভূতপূৰ্ব গণ অভ্যুত্থানৰ ওচৰত শিৰ নত কৰি অৱশেষত পদত্যাগ কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই । কেৱল সিমানেই নহয়, তেওঁ দেশ এৰি পলায়ন কৰিবলৈও বাধ্য হয় । ইফালে স্থানীয় সংবাদ মাধ্যমসমূহে বাংলাদেশৰ নেত্ৰীগৰাকীক সামৰিক হেলিকপ্টাৰত উঠি ভগ্নীৰ সৈতে দেশৰ পৰা পলায়ন কৰা দৃশ্য দেখুওৱাৰ কিছু সময় পিচতে বাংলাদেশৰ সামৰিক মুৰব্বী জেনেৰেল ৱাকাৰ-উজ-জামানে সংবাদ মাধ্যমক সম্বোধন কৰে ।

তেওঁ দেশবাসীক উদ্দেশ্যি কৰা এই সম্বোধনত ঘোষণা কৰে যে দেশখনত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ নিৰ্দেশনা লোৱাৰ পৰিকল্পনা কৰিছে । লগতে তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে সামৰিক বাহিনীয়ে নৰম স্থিতি অৱলম্বন কৰিব আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত জনতাই চলোৱা মাৰাত্মক অভিযানৰ কাৰণৰ তদন্ত আৰম্ভ কৰিব । লগতে তেওঁ দেশখনৰ নাগৰিকসকলৰ পৰা শান্তি-শৃংখলা পুনৰুদ্ধাৰৰ বাবে সময় বিচাৰে ।

Sheikh Hasina resigns
দেশ এৰি পলায়ন কৰাৰ মুহূৰ্তত শ্বেখ হাছিনা (ANI Photo)

তেওঁ কয়, "সামৰিক বাহিনীৰ ওপৰত বিশ্বাস ৰাখক, আমি সকলো হত্যাকাণ্ডৰ তদন্ত কৰিম আৰু দোষীসকলক শাস্তি দিম ।" বাংলাদেশৰ সেনা প্ৰধানগৰাকীয়ে লগতে কয়, "মই নিৰ্দেশ দিছোঁ যে কোনো সেনা তথা আৰক্ষীয়ে যাতে কোনো ধৰণৰ গুলীচালনা নকৰে ।" তেওঁ লগতে কয়, "এতিয়া শিক্ষাৰ্থীসকলৰ কৰ্তব্য হৈছে শান্ত হৈ থকা আৰু আমাক সহায় কৰা ।"

উল্লেখ্য যে দেশখনৰ হতাশ শিক্ষাৰ্থীসকলে চৰকাৰী চাকৰিত নিৰ্দিষ্ট কোটা ব্যৱস্থা বন্ধ কৰাৰ দাবী জনোৱাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছিল । কিন্তু তেতিয়াৰে পৰা এই প্ৰতিবাদবোৰ হাছিনা আৰু তেওঁৰ শাসনাধিষ্ঠ আৱামী লীগ দলৰ বিৰুদ্ধে এক অভূতপূৰ্ব প্ৰত্যাহ্বান আৰু বিদ্ৰোহলৈ ৰূপান্তৰিত হয় ।

চৰকাৰে বলপূৰ্বকভাৱে হিংসা দমন কৰিবলৈ চেষ্টা কৰে । যাৰ ফলত প্ৰায় ৩০০ জন লোক নিহত হয় । ইয়াৰ ফলতে অধিক ক্ষোভৰ সৃষ্টি হয় আৰু হাছিনাক পদত্যাগ কৰিবলৈ আহ্বান জনায় । দেওবাৰে এই প্ৰতিবাদে ভয়ংকৰ ৰূপ লয় ।

আনহাতে, চৰকাৰৰ দমনমূলক কাৰ্যকো আওকাণ কৰি সোমবাৰে এই প্ৰতিবাদ অধিক তীব্ৰ হয় । ফলত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সোমবাৰে পদত্যাগ কৰিবলৈ বাধ্য হয় । যাৰ ফলত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সামৰিক কাৰ্ফিউ অমান্য কৰি তেওঁৰ চৰকাৰী বাসভৱনত আক্ৰমণ চলাই হাছিনাৰ ১৫ বছৰীয়া শাসনৰ অৱসান ঘটায় ।

শেহতীয়া তথ্য মতে, শ্বেখ হাছিনাই বাংলাদেশৰ পৰা পলায়ন কৰি নতুন দিল্লীৰ ওচৰৰ গাজিয়াবাদৰ হিণ্ডন এয়াৰবেছত অৱতৰণ কৰে । তাৰ পৰা তেওঁ লণ্ডনলৈ উৰামৰাৰ পৰিকল্পনা কৰা বুলি সূত্ৰত প্ৰকাশ । কিন্তু জানিব পৰা মতে, ব্ৰিটেইন চৰকাৰে হাছিনাক ৰাজনৈতিক আশ্ৰয় দিবলৈ পোনপটীয়াকৈ অস্বীকাৰ কৰে । যাৰ ফলত হাছিনাই হয়তো ভাৰততে আশ্ৰয় গ্ৰহণ কৰিব পাৰে ।

ইফালে বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি আৰু হাছিনাৰ ভাৰত ভূমিত প্ৰৱেশ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জৰুৰী বৈঠকত মিলিত হয় । অৱশ্যে এই বৈঠকৰ সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই যদিও তেওঁলোকৰ আলোচনাত হাছিনাৰ আশ্ৰয়ৰ বিষয়টোৱে অগ্ৰাধিকাৰ পাব বুলি অনুমান কৰা হৈছে ।

আনহাতে, ভাৰত চৰকাৰৰ তৰফৰ পৰা জনোৱা মতে, বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । সীমান্তৰ নিৰাপত্তাত থকা বি এছ এফক যিকোনো ঘটনা প্ৰতিৰোধৰ বাবে সষ্টম কৰি ৰখা হৈছে ।

লগতে পঢ়ক :বাংলাদেশ জ্বলিছে : প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ - Bangladesh PM Sheikh Hasina
লগতে পঢ়ক :বাংলাদেশত হিংসাত্মক পৰিস্থিতি : ঢাকালৈ বৃহৎ সমদল প্ৰতিবাদকাৰীৰ - Bangladesh Violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.