ETV Bharat / international

প্ৰবীণ উদ্যোগপতি ৰতন টাটাৰ মৃত্যুত আমেৰিকাৰ বিভিন্নজনৰ শোক প্ৰকাশ

Ratan Tata No More : গুগলৰ CEO সুন্দৰ পিচাইকে ধৰি আমেৰিকাৰ বিভিন্ন প্ৰখ্যাত ব্যক্তিয়ে ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Ratan Tata No More
প্ৰবীণ উদ্যোগপতি ৰতন টাটাৰ মৃত্যুত আমেৰিকাৰ বিভিন্নজনৰ শোক প্ৰকাশ (ETV Bharat)

নিউজ ডেস্ক, ১০ অক্টোবৰ : বুধবাৰে নিশা ইহলীলা সম্বৰণ কৰে দেশ প্ৰবীণ উদ্যোগপতি তথা সমাজসেৱক ৰতন নৱল টাটাই । যাৰ বাবে এতিয়া সমগ্ৰ দেশ শোকস্তব্ধ । কেৱল দেশবাসীয়ে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন নেতা তথা বিশিষ্ট ব্যক্তিও ৰতন টাটাৰ মৃত্যুত শোকাহত হৈ পৰিছে ।

আমেৰিকাই ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁক ভাৰতক অধিক সমৃদ্ধি আৰু বিকাশৰ ফালে লৈ যোৱা এগৰাকী ব্যক্তি হিচাপে স্মৰণ কৰে ।

উল্লেখ্য যে টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাই বুধবাৰে নিশা 11.30 বজাত দক্ষিণ মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ ।

সুন্দৰ পিচাইৰ শোক প্ৰকাশ

"গুগলত ৰতন টাটাৰ সৈতে মোৰ অন্তিম সাক্ষাৎ । আমি ৱাইমোৰ অগ্ৰগতিৰ বিষয়ে কথা পাতিছিলোঁ আৰু তেওঁৰ দৃষ্টিভঙ্গী শুনিবলৈ অনুপ্ৰেৰণাদায়ক আছিল । তেওঁ এক অসাধাৰণ ব্যৱসায়িক সাম্ৰাজ্য আৰু জনহিতকৰ কাৰ্য এৰি থৈ গৈছে । তেওঁ ভাৰতত আধুনিক ব্যৱসায়িক নেতৃত্বৰ পৰামৰ্শ আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁ ভাৰতক উন্নত কৰাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিছিল ।" গুগল আৰু এলফাবেটৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচায়ে এক্সত লিখিছে । লগতে তেওঁৰ মৃত্যুত সমবেদনা জনাই আত্মাৰ চিৰশান্তি কামনা কৰিছে ।

ইউ এছ-ভাৰত ব্যৱসায় পৰিষদৰ সভাপতিৰ শোক প্ৰকাশ

আমেৰিকা-ভাৰত ব্যৱসায় পৰিষদৰ (US-India Business Council, USIBC) সভাপতি অতুল কেশপে পি টি আইৰ আগত কয় যে পদ্মবিভূষণ বঁটাপ্ৰাপকগৰাকী হৈছে "ভাৰতৰ এজন অনন্য আৰু মহৎ পুত্ৰ, আভিজাত্য আৰু উদাৰতাৰ বাবে এক আদৰ্শ" ।

"যদিও কিছুমানে ভুলতে ব্যৱসায়ক হীন দৃষ্টিৰে চায়, ৰতন টাটাই বিশ্বজুৰি বাণিজ্যৰ আভিজাত্যৰ কথা মনত পেলাই দিছিল । লগতে তেওঁ নিজৰ কোম্পানী আৰু ভাৰতক অধিক সমৃদ্ধি আৰু বিকাশৰ ফালে লৈ গৈছিল । তেওঁ কেৱল তেওঁৰ সহকৰ্মী আৰু ব্যৱসায়িক অংশীদাৰসকলৰ বাবেই নহয়, বৃহত্তৰ হিতৰ বাবেও মানৱতাৰ মূল্যবোধ আৰু সহানুভূতিৰ সমৰ্থন কৰিছিল ।" কেশপে কয় ।

"২৬/১১/২০০৮ তাৰিখে মুম্বাইত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিচত তেওঁৰ কৰ্মচাৰীৰ প্ৰতি তেওঁৰ যি ভক্তি সেয়া কেতিয়াও ইমানকৈ দৃশ্যমান হোৱা নাছিল । আনহাতে, তেওঁৰ দেশ আৰু মানৱতা আৰু পশুৰ প্ৰতি প্ৰেম বিভিন্ন ধৰণে প্ৰদৰ্শিত হৈছিল । ইয়াৰ ভিতৰত আছে তেওঁৰ কৰ্কট চিকিৎসালয় স্থাপন আৰু টাটা হাউছৰ কুকুৰৰ প্ৰতি মহান যত্ন ।" তেওঁ কয় ।

ভাৰত প্ৰৱাসীৰ প্ৰতিষ্ঠাপকৰ শোক প্ৰকাশ

"গভীৰ দুখেৰে ইনপ্ৰৱাসী সম্প্ৰদায়ে (Indiaspora community) এগৰাকী দূৰদৰ্শী নেতা, সহানুভূতিশীল সমাজসেৱক আৰু ভাৰতৰ অন্যতম সন্মানীয় ব্যৱসায়িক আইকন ৰতন টাটাৰ মৃত্যুত ব্যথিত হৈছে ।" ইনপ্ৰৱাসীৰ প্ৰতিষ্ঠাপক এম আৰ ৰঙ্গস্বামীয়ে কয় ।

"উদ্যোগ জগতলৈ তেওঁৰ অসাধাৰণ অৱদান আৰু সামাজিক কাৰণসমূহৰ প্ৰতি তেওঁৰ গভীৰ প্ৰতিশ্ৰুতিয়ে কেৱল ভাৰততে নহয়, বিশ্বতো এক মচিব নোৱৰা চপ পেলাইছে । ৰতন টাটাৰ কৰ্মই প্ৰজন্মৰ পিচত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব । তেওঁৰ আত্মা আৰু অৱদান চিৰকালৰ বাবে এক পথপ্ৰদৰ্শক হৈ থাকিব ।" তেওঁ পি টি আইক কয় ।

কৰ্ণেল বিশ্ববিদ্যালয়ৰ শোক প্ৰকাশ

"কৰ্ণেলৰ স্নাতক ৰতন টাটা এগৰাকী প্ৰাক্তন কৰ্ণেল ট্ৰাষ্টী আছিল । তেওঁ বিশ্ববিদ্যালয়খনৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় দাতা হৈছিল ।" বুধবাৰে বিশ্ববিদ্যালয়খনে কয় । "ৰতন টাটাই ভাৰতত, সমগ্ৰ বিশ্বতে আৰু কৰ্ণেলত এক অসাধাৰণ কৰ্মৰ নিদৰ্শন এৰি গৈছে, যাৰ বিষয়ে তেওঁ গভীৰভাৱে চিন্তা কৰিছিল ।" অন্তৱৰ্তীকালীন সভাপতি মাইকেল আই কোটলিকফে কয় ।

"ৰতনৰ শান্ত আচৰণ আৰু নম্ৰতাই তেওঁৰ আন্তৰ্জাতিক ছবিখনক উদ্ভাসিত কৰিছিল । আনৰ প্ৰতি তেওঁৰ উদাৰতা আৰু চিন্তাই গৱেষণা আৰু বৃত্তিক সক্ষম কৰে, যিয়ে ভাৰত আৰু ইয়াৰ বাহিৰৰ লাখ লাখ লোকৰ শিক্ষা আৰু স্বাস্থ্য উন্নত কৰাৰ লগতে কৰ্ণেলৰ বিশ্বজনীন প্ৰভাৱ বৃদ্ধি কৰে ।" তেওঁ কয় ।

"যেতিয়া ৰতন টাটাই কৰ্ণেলৰ পৰা স্থাপত্যবিদ্যাৰ ডিগ্ৰী লাভ কৰিছিল, তেতিয়া তেওঁৰ দূৰদৰ্শী নেতৃত্ব, পৰোপকাৰ আৰু মানৱতাৰ প্ৰতি প্ৰতিশ্ৰুতিয়ে বিভিন্ন ক্ষেত্ৰত শিক্ষা আৰু গৱেষণা আগবঢ়োৱাত বিশ্বব্যাপী কি প্ৰভাৱ পেলাব সেয়া কল্পনা কৰাটো অসম্ভৱ আছিল ।" কৰ্ণেল বিশ্ববিদ্যালয় স্থাপত্য, কলা আৰু পৰিকল্পনা মহাবিদ্যালয়ৰ ডীন জে মীজিন য়ুনে কয় ।

উল্লেখ্য যে ৰতন টাটাই ২০০৬ চনৰ পৰা ২০২২ চনলৈ কৰ্ণেল ট্ৰাষ্টী হিচাপে তিনিটা কাৰ্যকাল পালন কৰিছিল । তেওঁক ২০১৩ চনত কৰ্ণেলৰ 'এণ্টাৰপ্ৰেনিয়ৰ অব দ্য ইয়েৰ' হিচাপে মনোনীত কৰা হৈছিল আৰু ২০১৪ চনৰ পৰা এ এ পিৰ পৰামৰ্শদাতা পৰিষদৰ সদস্য হিচাপে সেৱা আগবঢ়াইছিল ।

এগৰাকী আমেৰিকান সমাজসেৱক ইৰা ড্ৰুকিয়াৰে এইদৰে কয় : "ৰতনৰ জীৱন আৰু কেৰিয়াৰলৈ যদি ঘূৰি চোৱা যায়, তেন্তে মই কেৱল তেওঁ দি থৈ যোৱা আৰু সম্পূৰ্ণ কৰাবোৰৰ বাবেই তেওঁৰ প্ৰতি কৃতজ্ঞতা জনাব বিচৰা নাই, লগতে তেওঁৰ দয়া, উদাৰতা আৰু চিৰন্তন আশাবাদৰ প্ৰতি গভীৰ সন্মানৰ বাবেও মই আপ্লুত পৰিছোঁ, যিয়ে ভাৰত আৰু সমগ্ৰ বিশ্বৰ জীৱন উন্নত কৰিছে ।"

"ভাৰতৰ অন্যতম শক্তিশালী আৰু প্ৰশংসিত ব্যক্তিত্ব ৰতন টাটাই তেওঁৰ পৰিয়ালৰ ব্যৱসায়িক গোট টাটা গ্ৰুপক বিশ্বজনীন স্বীকৃত ব্ৰেণ্ডৰ সৈতে এক বহুজাতিক নিগমলৈ ৰূপান্তৰিত কৰিছিল । তেওঁ ৮৬ বছৰ বয়সত মৃত্যুবৰণ কৰে ।" দ্য নিউয়ৰ্ক টাইমছে লিখিছে ।

লগতে পঢ়ক :খহি পৰিল ভাৰতৰ উদ্যোগ জগতৰ এটা উজ্জ্বল নক্ষত্ৰ; অন্তিম শয়নত ৰতন টাটা
লগতে পঢ়ক :ৰতন টাটাৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক; আই চি ইউত ভৰ্তি বিশিষ্ট উদ্যোগপতিগৰাকীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.