ETV Bharat / international

কৰাচী বিমানবন্দৰৰ বোমা বিস্ফোৰণৰ লগত জড়িত অভিযুক্তক চিনাক্ত - EXPLOSION NEAR KARACHI AIRPORT

Karachi airport Blast: পাকিস্তানৰ কৰাচী বিমানবন্দৰৰ বাহিৰত দেওবাৰে সংঘটিত এক ভয়াবহ বিস্ফোৰণত তিনিজন বিদেশী নাগৰিকৰ মৃত্যু হোৱাৰ লগতে কমেও ১৭ জন লোক আহত হৈছিল ৷

কৰাচী বিমানবন্দৰৰ বোমা বিস্ফোৰণৰ লগত জড়িত অভিযুক্তক চিনাক্ত
Karachi airport Blast (AP)
author img

By ANI

Published : Oct 8, 2024, 12:09 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ৮ অক্টোবৰ: পাকিস্তানৰ জিন্না আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ অভিযুক্ত আত্মঘাতী বোমাৰুক কৰাচী আৰক্ষীয়ে চিনাক্ত কৰিছে ৷ এই ঘটনাত তিনিজন বিদেশী নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৭ জন লোক আহত হৈছিল বুলি এ আৰ ৱাই নিউজে প্ৰকাশ কৰিছে ।

আৰক্ষীৰ মতে, অভিযুক্ত আততায়ীজন শ্বাহ ফাহাদ বুলি চিনাক্ত কৰা হৈছে ৷ আক্ৰমণত ব্যৱহৃত বাহনখন ২০২৩ চনৰ ৫ ছেপ্টেম্বৰত তেওঁৰ নামত পঞ্জীয়ন কৰিছিল । এ আৰ ৱাই নিউজৰ মতে, তদন্তত প্ৰকাশ পাইছে যে ২০২৩ চনৰ ৩ ডিচেম্বৰত দুজন সংগীৰ সৈতে ফাহাদে কৰাচীত উপস্থিত হৈছিল আৰু সন্ধিয়া ৭.৪৯ বজাত চহৰখনৰ প্ৰিডি অঞ্চলৰ এখন হোটেলত চেক ইন কৰিছিল ।

আৰক্ষীয়ে লগতে জনোৱা মতে, ২০২৪ চনৰ ৪ অক্টোবৰত ফাহাদে কৰাচীলৈ উভতি আহি পুৱা ১০:৪৭ বজাত আন এখন হোটেলত বায়’মেট্ৰিক প্ৰৱেশ কৰিছিল । এ আৰ ৱাই নিউজৰ বাতৰি অনুসৰি বিস্ফোৰণৰ দিনা ফাহাদে দুপৰীয়া ১২ বজাত হোটেলখনৰ পৰা চেক আউট কৰিছিল । এ আৰ ৱাই নিউজৰ মতে, শেহতীয়াকৈ বিমানবন্দৰৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ তদন্তত যথেষ্ট অগ্ৰগতি হৈছে, সন্দেহজনক লোকজনে সঘনাই স্থানীয় দুখন হোটেলত থকাৰ পৰা তদন্তকাৰী দলে গুৰুত্বপূৰ্ণ সূত্ৰ বিচাৰি পাইছে ।

এ আৰ ৱাই নিউজে প্ৰকাশ কৰা অনুসৰি বিস্ফোৰণস্থলীৰ চাৰিওফালে কৰ্তৃপক্ষই ৩ কিলোমিটাৰ দৈঘ্যৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু সোধা-পোছাৰ বাবে কেইবাজনো ব্যক্তিক আটক কৰিছে । চীনৰ অভিযন্তাৰ কাৰ্যকলাপৰ বিষয়ে সন্ত্ৰাসবাদীয়ে কেনেদৰে তথ্য লাভ কৰিবলৈ সক্ষম হ’ল সেইয়া জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে সন্দেহজনক লোকজনৰ ফোনকলৰ সবিশেষ তথ্য সংগ্ৰহ কৰি আছে ৷

বিমানবন্দৰ পথত হোৱা বিস্ফোৰণৰ পিছত কৰাচী আৰু বেলুচিস্তানত তদন্তকাৰী সংস্থাই অভিযান চলাই আছে বুলি এ আৰ ৱাই নিউজে প্ৰকাশ কৰিছে । সূত্ৰসমূহে ইংগিত দিয়ে যে সন্ত্ৰাসবাদ বিৰোধী বিভাগ (চিটিডি) আৰু অন্যান্য আইন প্ৰয়োগকাৰী সংস্থাসমূহে নিশাটোৰ ভিতৰতে প্ৰমাণ সংগ্ৰহ কৰি আক্ৰমণৰ লগত জড়িতসকলক বিচাৰি অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক: মাজনিশা প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল কৰাচী বিমানবন্দৰ - 2 Chinese Nationals Killed

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.