ETV Bharat / international

অষ্ট্ৰিয়াৰ শিল্পীৰ 'বন্দে মাতৰম'ত মুগ্ধ প্ৰধানমন্ত্ৰী; অষ্ট্ৰিয়াৰ সাংগীতিক সংস্কৃতিৰ প্ৰশংসা মোদীৰ - PM Modi Austria Visit

author img

By ANI

Published : Jul 10, 2024, 12:55 PM IST

PM Modi Welcomed By Vande Mataram in Austria : অষ্ট্ৰিয়াত অৱতৰণ কৰাৰ পিচত প্ৰধানমন্ত্ৰী মোদী ভিয়েনাৰ ৰিটজ-কাৰ্লটন নামৰ হোটেলখনত উপস্থিত হয় আৰু প্ৰবাসী ভাৰতীয়সকলক শুভেচ্ছা জনায় । অষ্ট্ৰিয়াৰ শিল্পীসকলে ভিয়েনাৰ হোটেলত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ বাবে 'বন্দে মাতৰম' পৰিবেশন কৰে ।

PM Modi Welcomed By Vande Mataram in Austria
অষ্ট্ৰিয়ান অৰ্কেষ্টাৰ বন্দে মাতৰম পৰিবেশনৰ সময়ত মোদী (PM Modi X Photo)

নিউজ ডেস্ক, ১০ জুলাই : দুদিনীয়া ৰাছিয়া ভ্ৰমণ সামৰি বুধবাৰে অষ্ট্ৰিয়াত পদাৰ্পণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । উল্লেখ্য, বিগত চাৰি দশকত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে এই প্ৰথম দেশখন ভ্ৰমণ কৰিছে । আনহাতে, অষ্ট্ৰিয়াত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হয় ।

মোদীক আদৰণি জনাবৰ বাবে অষ্ট্ৰিয়াৰ এক শিল্পী দলে বন্দে মাতৰত পৰিবেশন কৰে । এই পৰিবেশনত মুগ্ধ হৈ পৰে প্ৰধানমন্ত্ৰী । আনহাতে, অষ্ট্ৰিয়াৰ সাংগীতিক সংস্কৃতিৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ 'বন্দে মাতৰম'ৰ এক অতি সুন্দৰ উপস্থাপন প্ৰত্যক্ষ কৰি দেশখনৰ চহকী সংস্কৃতিৰ এক আভাস পাইছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে । ভিডিঅ'টোত অষ্ট্ৰিয়াৰ শিল্পীসকলে ভিয়েনাৰ হোটেলত তেওঁক স্বাগতম জনোৱাৰ বাবে 'বন্দে মাতৰম' প্ৰদৰ্শন কৰা দেখা গৈছে । ভিডিঅ'টোত প্ৰধানমন্ত্ৰী মোদীয়ে শিল্পীসকলৰ সন্মুখত বন্দে মাতৰম প্ৰদৰ্শন কৰাৰ পিচত তেওঁলোকক প্ৰশংসা কৰা দেখা গৈছে ।

এক্সত ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "অষ্ট্ৰিয়া নিজৰ প্ৰাণৱন্ত সাংগীতিক সংস্কৃতিৰ বাবে বিখ্যাত। বন্দে মাতৰমৰ এই আশ্চৰ্যজনক উপস্থাপনৰ প্ৰত্যক্ষ কৰি মই ইয়াৰ এক আভাস পাইছোঁ !" ইফালে গ্ৰেমী বঁটা বিজয়ী ৰিকি কেজে 'বন্দে মাতৰম' পৰিবেশন কৰা ভাৰতীয় সুৰকাৰ বিজয় উপাধ্যায়ক প্ৰশংসা কৰে ।

"পৰিচালকগৰাকী এগৰাকী ভাৰতীয়, যিয়ে আমাৰ সকলোকে গৌৰৱান্বিত কৰে । তেওঁ হৈছে মূলত লক্ষ্ণৌৰ বিজয় উপাধ্যায় । তেওঁ সন্মানীয় ভিয়েনা বিশ্ববিদ্যালয় ফিলহাৰমনিক (অন্যান্য আন্তঃৰাষ্ট্ৰীয় অৰ্কেষ্ট্ৰাৰ ভিতৰত) পৰিচালক আৰু ইণ্ডিয়া নেচনেল য়ুথ অৰ্কেষ্ট্ৰা প্ৰতিষ্ঠা কৰিছিল । তেওঁ এগৰাকী গৌৰৱান্বিত ভাৰতীয় আৰু প্ৰায়ে আন্তৰ্জাতিকভাৱে ভাৰতীয় শৈলীত সংগীত পৰিচালনা কৰে ।" তেওঁ এক্সত এনেদৰে পোষ্ট কৰে ।

উল্লেখ্য যে, অষ্ট্ৰিয়াত অৱতৰণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী ভিয়েনাৰ ৰিটজ-কাৰ্লটন নামৰ হোটেলখনত উপস্থিত হয় আৰু প্ৰবাসী ভাৰতীয়সকলক শুভেচ্ছা জনায় । অষ্ট্ৰিয়াৰ শিল্পীসকলে ভিয়েনাৰ হোটেলত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ বাবে 'বন্দে মাতৰম' পৰিবেশন কৰে ।

আনহাতে, প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত 'বন্দে মাতৰম' পৰিবেশন কৰা অষ্ট্ৰিয়ান শিল্পীসকলে ইয়াক এক 'অভূতপূৰ্ব অভিজ্ঞতা' আৰু 'ডাঙৰ সন্মান' বুলি অভিহিত কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত 'বন্দে মাতৰম' পৰিৱেশন কৰা কণ্ঠশিল্পী তথা অৰ্কেষ্ট্ৰাৰ এগৰাকী অষ্ট্ৰিয়ান শিল্পী ইব্ৰাহিমে কয় যে অৰ্কেষ্ট্ৰা দলটোৱে কেইদিনমানৰ পৰা প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু ইয়াক অষ্ট্ৰিয়া আৰু অৰ্কেষ্ট্ৰাৰ বাবে এক 'বৃহৎ সুযোগ' বুলি অভিহিত কৰে ।

এ এন আইৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, "এয়া এক অভূতপূৰ্ব অভিজ্ঞতা আছিল । মই সঁচাকৈয়ে উপভোগ কৰিছিলোঁ । এইটো মোৰ বাবে এটা ডাঙৰ সন্মান । এইটো এটা ডাঙৰ সন্মান । মই যথেষ্ট প্ৰস্তুতি চলাইছিলোঁ । অৰ্কেষ্ট্ৰাৰ সৈতে আমি কেইদিনমানৰ বাবে প্ৰস্তুতি চলাছিলোঁ । কিন্তু নিজৰ ঘৰত মই সঁচাকৈয়ে মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলগা হৈছিল । কিয়নো এইটো অষ্ট্ৰিয়াৰ বাবে, আমাৰ বাবে, আমাৰ অৰ্কেষ্ট্ৰাৰ বাবে এক বৃহৎ সুযোগ । এয়া এক বিৰল অভিজ্ঞতা আছিল ।"

ইফালে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বাৰ্তালাপৰ বিষয়ে সোধাত তেওঁ কয়, "এইটো সঁচাকৈয়ে আশ্চৰ্যজনক আছিল । এইটো সঁচাকৈয়ে প্ৰত্যক্ষ কৰিব পাৰিছোঁ যে তেওঁ মানুহৰ যত্ন লয় । আৰু মই সঁচাকৈয়ে সেই অনুভৱটো লক্ষ্য কৰিছিলোঁ । মই তেওঁৰ কাষত থাকি নিজকে গৌৰৱ অনুভৱ কৰিছিলোঁ ।"

লগতে পঢ়ক :অষ্ট্ৰিয়াত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি; ৰাজনৈতিক আৰু অৰ্থনৈতিক আলোচনাৰ পোষকতা কাৰ্ল নেহামাৰৰ - Modi visit to Austria
লগতে পঢ়ক :মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপ’ষ্টল প্ৰদান - PM Modi Russia Visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.