ETV Bharat / international

দুই আমেৰিকান বিজ্ঞানীলৈ ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা

Nobel Prize in medicine: ঘোষণা হ’ল ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ৷ মাইক্ৰ’আৰএনএ আৱিষ্কাৰ কৰাৰ বাবে আমেৰিকাৰ দুগৰাকী বিজ্ঞানীয়ে লাভ কৰিছে এই পুৰস্কাৰ ৷

author img

By PTI

Published : 3 hours ago

Updated : 4 minutes ago

Nobel Prize in medicine
২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা (ANI)

নিউজ ডেস্ক, ৭ অক্টোবৰ: ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা ৷ জিনৰ কাৰ্যকলাপ কেনেকৈ নিয়ন্ত্ৰণ কৰা হয় তাৰ ওপৰত নিৰ্ভৰশীল মৌলিক নীতি মাইক্ৰ’আৰএনএ আৱিষ্কাৰ কৰাৰ বাবে সোমবাৰে আমেৰিকান বিজ্ঞানী ভিক্টৰ এম্ব্ৰ’ছ আৰু গেৰী ৰুভকুনক চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয় ।

নোবেল এছেম্বলীয়ে কয় যে জীৱৰ বিকাশ আৰু কাম-কাজৰ বাবে তেওঁলোকৰ এই আৱিষ্কাৰ মৌলিকভাৱে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে ।

মঙলবাৰে পদাৰ্থ বিজ্ঞান, বুধবাৰে ৰসায়ন বিজ্ঞান আৰু বৃহস্পতিবাৰে সাহিত্যৰ নোবেল বঁটা ঘোষণা কৰা হ’ব । শুকুৰবাৰে ঘোষণা কৰা হ’ব শান্তি নোবেল বঁটা আৰু ১৪ অক্টোবৰত অৰ্থনৈতিক বিজ্ঞানৰ নোবেল বঁটা ঘোষণা হ’ব ।

৭- ১৪ অক্টোবৰৰ পৰা ঘোষণা হ’বলগীয়া এই বঁটাৰ বাবদ ১ কোটি ১০ লাখ ছুইডেনৰ ক্ৰাউন (১১ লাখ মাৰ্কিন ডলাৰ) পুৰস্কাৰ হিচাপে দিয়া হ’ব । এটা বিষয়ৰ নোবেল বঁটা তিনিজনক প্ৰদান কৰিব পাৰি ।

ছুইডেনৰ উদ্ভাৱক, অভিযন্তা, বিজ্ঞানী আৰু দানবীৰ আলফ্ৰেড নোবেলে নোবেল বঁটাৰ সৃষ্টি কৰিছিল । তেওঁৰ শেষৰ উইল আৰু বিবৃতিত তেওঁ আগবঢ়াব বিচৰা পুৰস্কাৰৰ বাবে দায়বদ্ধ প্ৰতিষ্ঠানসমূহক বিশেষভাৱে নিৰ্ধাৰণ কৰিছিল । ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰাৰ বিপৰীতে কেৰলিনস্কা ইনষ্টিটিউটে শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰে ৷ ছুইডিছ একাডেমীয়ে সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰে । নৰৱেৰ সংসদৰ দ্বাৰা নিৰ্বাচিত পাঁচজনীয়া এখন কমিটীয়ে শান্তিৰ নোবেল বঁটা বিজয়ীজনৰ বিষয়ে সিদ্ধান্ত লয় ।

১৯০১ চনত প্ৰথম নোবেল বঁটা প্ৰদান কৰা হয় যদিও ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে অৰ্থনীতি বিজ্ঞানৰ স্বেৰিজেছ ৰিক্সবেংক বঁটা নামেৰে জনাজাত অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰা হয় । ১৯০১ চনৰ পৰা নোবেল সপ্তাহৰ সময়ত নোবেল বঁটা প্ৰদান কৰা হয় ৷ আলফ্ৰেড নোবেলৰ মৃত্যুৰ বৰ্ষপূৰ্তি উপলক্ষে ১০ ডিচেম্বৰত ছুইডেনৰ ষ্টকহ’ম কনচাৰ্ট হল আৰু নৰৱেৰ অছলো চিটি হলত নোবেল বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ।

পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শৰীৰবিজ্ঞান বা চিকিৎসা আৰু সাহিত্যৰ নোবেল বঁটা ছুইডেনৰ ষ্টকহ’মত প্ৰদান কৰাৰ বিপৰীতে নৰৱেৰ অছলোত শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয় । ১৯০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত আলফ্ৰেড নোবেলৰ স্মৃতিত নোবেল বঁটা আৰু অৰ্থনীতি বিজ্ঞানৰ স্বেৰিজেছ ৰিক্সবেংক বঁটা ৬২১ বাৰ ১০০০ জন ব্যক্তি আৰু সংগঠনক প্ৰদান কৰা হয় ।

নোবেল ফাউণ্ডেশ্যনৰ বিধি অনুসৰি প্ৰতিজন বঁটা বিজয়ীক সোণৰ পদক প্ৰদান কৰা হ’ব । নোবেল বঁটাৰ পদকৰ সন্মুখত আলফ্ৰেড নোবেলৰ ছবি আছে । পুৰস্কাৰ প্ৰদান কৰা প্ৰতিষ্ঠান অনুসৰি পিছফালে থকা ছবিখন বেলেগ বেলেগ হয় ।

প্ৰতিটো নোবেল বঁটাৰ প্ৰশস্তিপত্ৰখন হৈছে এক অনন্য শিল্পকৰ্ম য’ত ডিজাইনৰ সিদ্ধান্ত পুৰস্কাৰ প্ৰদানকাৰী সংস্থাসমূহে কৰে । সাহিত্য প্ৰশস্তিপত্ৰখন চৰ্ম কাগজত অৰ্থাৎ বিশেষভাৱে শোধন কৰা চামৰাৰ ওপৰত লিখা হয়, য’ত মধ্যযুগীয় কিতাপৰ চিত্ৰকৰৰ দৰেই বহুলাংশে একে কৌশল ব্যৱহাৰ কৰা হয় । আন বঁটা বিজয়ীসকলক দিয়া প্ৰশস্তিপত্ৰসমূহ বিশেষভাৱে অৰ্ডাৰ কৰা হাতেৰে নিৰ্মিত কাগজত প্ৰস্তুত কৰা হয় ।

ষ্টকহোমত সপ্তাহটোৰ আকৰ্ষণীয় দিশটো হ’ল নোবেল বঁটা প্ৰদান অনুষ্ঠান আৰু ভোজ য’ত বঁটা বিজয়ীসকলে প্ৰশস্তিপত্ৰ আৰু পদক লাভ কৰে ৷ নোবেল বঁটা বিজয়ীসকলে সন্মানীয় অতিথি হিচাপে ছুইডেনৰ ৰাজকীয় পৰিয়ালৰ সৈতে ভোজত অংশ লয় । প্ৰতি বছৰে ভোজৰ সজ্জা আৰু মেনু দুয়োটা দিশতে পাৰ্থক্য দেখা যায় ।

বৰ্তমানলৈকে মুঠ ২২৭ গৰাকী বঁটা বিজয়ীক ১১৪ বাৰকৈ এই চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত মাত্ৰ ১৩ গৰাকী মহিলাইহে এই পুৰস্কাৰ লাভ কৰিছে । আলফ্ৰেড নোবেলৰ চিকিৎসা গৱেষণাৰ প্ৰতি যথেষ্ট আগ্ৰহ আছিল আৰু ১৮৯০ চনৰ আৰম্ভণিতে তেওঁ ছুইডেনৰ শৰীৰবিজ্ঞানী জনছ জোহানছনক ফ্ৰান্সত থকা নিজৰ পৰীক্ষাগাৰলৈ আমন্ত্ৰণ জনায় । তেওঁলোকৰ চিনাকি হৈছিল কেৰলিনস্কা ইনষ্টিটিউটত য’ত তেওঁলোকে চিকিৎসা গৱেষণা কৰিছিল ।

ফিজিঅ’লজি বা মেডিচিন আছিল তৃতীয় পুৰস্কাৰ শাখা যিটো নোবেলে তেওঁৰ উইলত উল্লেখ কৰিছিল । ১৯০১ চনৰ পৰা চিকিৎসা বঁটা বিজয়ীসকলক কেৰ’লিনস্কা ইনষ্টিটিউটৰ নোবেল এছেম্বলীয়ে নিৰ্বাচিত কৰি আহিছে ৷

লগতে পঢ়ক: আন্তৰ্জাতিক অহিংসা দিৱস; গান্ধীজীৰ অহিংস নীতি প্ৰতি সন্মানসূচক এটা দিন - International Day of Non Violence

Last Updated : 4 minutes ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.