ETV Bharat / international

দেৱী সীতাৰ মাতৃগৃহ নেপালত অযোধ্যাৰ সমানে উৎসাহ-উদ্দীপনা

author img

By ANI

Published : Jan 21, 2024, 3:02 PM IST

Updated : Jan 23, 2024, 10:23 AM IST

nepal ram naam echoes in sitas hometown janakpur: দেৱী সীতাৰ মাতৃগৃহ নেপালত ৰাম মন্দিৰক লৈ উৎসাহ-উদ্দীপনা ৷ মাহত কমেও দুবাৰকৈ চলা ৰে'লৰ জৰিয়তে মিথিলা (জনকপুৰ) আৰু অযোধ্যাৰ মাজত ৰে'ল সংযোগ স্থাপন কৰাৰ পোষকতা জনকপুুৰবাসীৰ ৷ 22 জানুৱাৰীৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচীৰ ৷

Pran Pratishtha ceremony in Ayodhya
দেৱী সীতাৰ মাতৃগৃহ নেপাল

ইণ্টাৰনেশ্যনেল ডেস্ক, 21 জানুৱাৰী: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ কাউণ্টডাউন আৰম্ভ হোৱাৰ লগে লগে অযোধ্যাৰ লগতে দেৱী সীতাৰ মাতৃগৃহ নেপালৰ জনকপুৰধাম এতিয়া সুখ আৰু উৎসাহেৰে ভৰি পৰিছে । মহানগৰীখনত দিনে দিনে প্ৰতিধ্বনিত হৈ আছে ভগৱান ৰাম আৰু সীতাৰ গীত । পোহৰেৰে সজায় তোলা হৈছে জানকী মন্দিৰ, প্ৰতিজন জনকপুৰধামৰ বাসিন্দাৰ মুখত উৎসাহ দেখা যায়।

জনকপুৰৰ এজন বাসিন্দা ভাৰত কুমাৰ সাহে ANI ৰ আগত কয়, "অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ 22 জানুৱাৰীৰ অনুষ্ঠানটোৱে আমাৰ বাবে সুখৰ জোৱাৰ কঢ়িয়াই আনিছে । আমি সেইদিনা ধাৰাবাহিক অনুষ্ঠানৰ পৰিকল্পনা কৰিছো, যিবোৰ পুৱাৰে পৰা আৰম্ভ হ'ব আৰু দিনটোৰ শেষলৈকে চলিব । আমি ৰংগোলী আৰু ফুলেৰে ভগৱান ৰামৰ ছবি বনাম । আমিও আমাৰ ঘৰত দীপাৱলী পালন কৰিম । অযোধ্যাৰ মন্দিৰ নিৰ্মাণত আমি সকলোৱে সুখী; সমগ্ৰ জনকপুৰ ইয়াৰ বাবে সুখী ।"

22 জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ভৱিষ্যৎ মন্দিৰত ৰাম লাল্লাৰ মূৰ্তি স্থাপনৰ সাক্ষী হ’ব । ইয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি শতাধিক বিষয়াই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ট্ৰাষ্টে এই অনুষ্ঠানৰ বাবে সকলো পন্থাৰ 4 হাজাৰ সন্তকো আমন্ত্ৰণ জনাইছে ।

জানকপুৰৰ আন এজন বাসিন্দা সঞ্জয় মণ্ডলে ANI ক জনায়, "মই ব্যক্তিগতভাৱে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানটিৰ বাবে সঁচাকৈ সুখী । 22 জানুৱাৰীৰ সন্ধিয়া মই দীপাৱলী পালন কৰিম আৰু লগতে মন্দিৰত চাকি জ্বলাম । লগতে মোৰ বন্ধু-বান্ধৱী আৰু আনসকলকো কৈছো 22 জানুৱাৰীৰ দিনা দীপাৱলী অনুষ্ঠিত কৰিবলৈ ।

উল্লেখ্য যে, ভাৰতৰ অযোধ্যাত 22 জানুৱাৰীৰ দিনা ৰাম মন্দিৰত আয়োজন কৰিছে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ ।

ৰাম জন্মভূমি মন্দিৰ ট্ৰাষ্টৰ তথ্য অনুসৰি অভিষেক অনুষ্ঠানৰ সময়ত বাৰাণসীৰ পুৰোহিত লক্ষ্মীকান্ত দীক্ষিতে মূল অনুষ্ঠানৰ আয়োজন কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানৰ সভাপতিত্ব কৰাৰ বিপৰীতে ৰাজনীতিবিদ, সন্ত, চেলিব্ৰিটিকে ধৰি আন হাজাৰ হাজাৰ লোকক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে । দেৱী সীতাৰ মাতৃগৃহত উদযাপন চলি থকাৰ সময়তে মহানগৰীত থকা লাউড স্পীকাৰসমূহত ‘জয় শ্ৰী ৰাম’ ধ্বনি প্ৰতিধ্বনিত হোৱাৰ লগতে ‘ৰাম লালা’ক উৎসৰ্গিত গীতসমূহ ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰা হৈছে ।

জনকপুৰৰ ৰে'ল ষ্টেচনৰ কাষতে থকা মহাবীৰ মন্দিৰত শনিবাৰে "আস্তাজাম" আৰম্ভ হয় । ভক্তসকলে মূৰত ৰাম শ্লোগান লিখা স্কাৰ্ফ মেৰিয়াই লয় ।

"ভগৱান হনুমান অবিহনে ভগৱান ৰাম ক'লৈকো নাযায়; সেইবাবেই আমি আস্তাজামৰ তিনিদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছো, যিটো 24 ঘণ্টাই চলি থাকে । আমি আজিৰ পৰা আৰম্ভ কৰিলোঁ আৰু কাইলৈলৈকে চলি থাকিব । 22 জানুৱাৰীত আমি হনুমান আৰাধনা, 12 বাৰ হনুমান চলিছা আবৃত্তি আৰু পিছত সন্ধিয়া মাটিৰ চাকি জ্বলাম "ANI ক এইদৰে কয় জানকপুৰৰ আস্তাজামৰ অন্যতম ভক্ত তথা আয়োজক কমল হাতীয়ে ।

জনকপুৰৰ বাসিন্দা কমলেশ কুমাৰ মণ্ডলে কয় যে, "প্ৰাণ প্ৰতিষ্ঠাৰ পিছত আমি অযোধ্যালৈ যাবলৈ উৎসাহিত হৈছো । আমি তালৈ যাম, ভগৱান ৰামৰ ওচৰলৈ যাম, আশীৰ্বাদ বিচাৰিম; এয়া নেপালৰ বাবে ভাল খবৰ ।" কমলেশে আগন্তুক দিনত এই ঐতিহাসিক স্থান দুটা ৰে’ল সংযোগৰ যোগেদি সংযোগ কৰা হ’ব বুলি আশা কৰিছে ।

"মই আশা কৰিছো যে মাহত কমেও দুবাৰকৈ চলা ৰে'লৰ জৰিয়তে মিথিলা (জনকপুৰ) আৰু অযোধ্যাৰ মাজত ৰে'ল সংযোগ স্থাপন কৰা হ'ব । আশা কৰিছো সোনকালে আৰম্ভ হ'ব আৰু ইয়াৰ বাসিন্দাসকলে অযোধ্যালৈ আহিবলৈ সংগ্ৰাম কৰিব নালাগে " জনকপুৰ নিবাসী অনুজ ক’পাৰে এইদৰে কয় ।

বিশ্বাস মতে মিথিলা নামেৰেও পৰিচিত জনকপুৰ আছিল ৰজা জনকৰ । তেওঁ ‘স্বয়ংবৰ’ অনুষ্ঠানৰ আয়োজন কৰিছিল য’ত তেওঁৰ কন্যা সীতাই তাত উপস্থিত থকা বিভিন্ন ৰাজ্যৰ ৰাজকুমাৰসকলৰ মাজৰ পৰা এজন দৰা বাছি লৈছিল ।

লগতে পঢ়ক: নিচুকনি গীত শুনি নিদ্ৰাত পৰিব ভগৱান ৰাম লালা

Last Updated : Jan 23, 2024, 10:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.