ETV Bharat / international

ভয়ংকৰ ভূমিস্খলনে প্ৰাণ ল'লে শতাধিকৰ ! - Papua New Guinea landslide

author img

By PTI

Published : May 24, 2024, 1:29 PM IST

Papua New Guinea landslide : দ্বীপৰাষ্ট্ৰ পাপুৱা নিউ গিনিত ভয়ংকৰ ভূমিস্খলন । ১০০ ৰো অধিক লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । উদ্ধাৰ অভিযান অব্যাহত ।

Papua New Guinea landslide
ভয়ংকৰ ভূমিস্খলনে প্ৰাণ ল'লে শতাধিকৰ (ETV Bharat)

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ মে' : পাপুৱা নিউ গিনিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কৰ্পয়ে জনোৱা মতে পাপুৱা নিউ গিনিৰ এক দূৰৱৰ্তী অঞ্চলত ভূমিস্খলনৰ ফলত ১০০ ৰো অধিক লোকৰ মৃত্যু হয় ।

সংবাদ মাধ্যমৰ মতে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৩ মান বজাত দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ পাপুৱা নিউ গিনিৰ ৰাজধানী পোৰ্ট মৰেছবিৰ পৰা প্ৰায় ৬০০ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত এংগা প্ৰদেশৰ কাওকালাম গাঁৱত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ।

মৃত্যুৰ সংখ্যা স্পষ্ট হোৱা নাই যদিও আৱাসীসকলে কোৱা মতে মৃত্যুৰ সংখ্যা ১০০ৰো অধিক হ'ব অনুমান কৰিছে । অৱশ্যে স্থানীয় প্ৰশাসনে নিশ্চিত তথ্য প্ৰকাশ কৰা নাই । একাংশ আৱাসীৰ মতে নিহত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । এই ঘটনাক লৈ সমগ্ৰ দেশখনতে শোকৰ ছাঁ পৰিছে । গাঁওখনৰ ৰাইজৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰা দেখা গৈছে । স্থানীয় প্ৰশাসনৰ সহযোগত ৰাইজে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

ভূমিস্খলনৰ পিচতে অঞ্চলটোৰ কিছুমান হৃদয়স্পৰ্শী ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ভিডিঅ'বোৰত স্থানীয় লোকসকলে ধ্বংসস্তুপৰ পৰা মৃতদেহবোৰ উলিয়াই অনা দেখা গৈছে । পাপুৱা নিউ গিনি চৰকাৰ আৰু আৰক্ষীয়ে এতিয়ালৈ এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

পাপুৱা নিউ গিনি কৃষি প্ৰধান দেশ । য'ত ৮০০ৰো অধিক ভাষা প্ৰচলিত । ই এক উন্নয়নশীল দ্বীপ ৰাষ্ট্ৰ । ১০ নিযুত লোকৰ সৈতে ই অষ্ট্ৰেলিয়াৰ পিচতে আটাইতকৈ জনবহুল দক্ষিণ প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰ ।

লগতে পঢ়ক :বিমানতে মৃত্যু যাত্ৰীৰ; আহত কেবাজনো: প্ৰকৃততে ঘটিছিল কি? - Singapore Airlines Flight

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.