ETV Bharat / international

ট্ৰাম্প সম্পৰ্কত আমেৰিকাৰ মহিলাসকলক সতৰ্ক কৰি দিলে কমলা হেৰিছে ! - US PRESIDENTIAL ELECTION 2024

Kamala Harris slams Trump: ট্ৰাম্প ৰাষ্ট্ৰপতি হ'লে মহিলাসকলে সন্মুখীন হ'ব পৰা সমস্যাৰ কথা কৈ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক তীব্ৰ আক্ৰমণ কৰে কমলা হেৰিছে ।

Kamala Harris slams Trump
ট্ৰাম্প সম্পৰ্কত আমেৰিকাৰ মহিলাসকলক সতৰ্ক কৰি দিলে কমলা হেৰিছে (ANI)
author img

By ANI

Published : Nov 1, 2024, 9:11 AM IST

এৰিজ'না: আমেৰিকাত সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচন । তাৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড'নাল্ড ট্ৰাম্প আৰু কমলা হেৰিছে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । তেনে প্ৰচাৰৰ মাজতে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক মহিলা সন্দৰ্ভত কৰা মন্তব্যৰ বাবে তীব্ৰ সমালোচনা কৰে । ট্ৰাম্পক আক্ৰমণ কৰি হেৰিছে কয় যে ট্ৰাম্পে বিশ্বাস নকৰে যে মহিলাসকলৰ নিজৰ শৰীৰৰ বিষয়ে সিদ্ধান্ত লোৱাৰ স্বায়ত্তশাসন থাকিব লাগে । এৰিজ'নাৰ ফিনিক্সত এক ৰেলী সম্বোধন কৰি হেৰিছে কয় যে ট্ৰাম্পে তেওঁলোকৰ সৰ্বোত্তম স্বাৰ্থত সিদ্ধান্ত ল'বলৈ মহিলাৰ স্বাধীনতা আৰু বুদ্ধিমত্তাক অৱজ্ঞা কৰে ।

ট্ৰাম্পে কি কৈছিল ?

উল্লেখ্য যে ট্ৰাম্পে উইচকনচিনত এক প্ৰচাৰৰ সময়ত কৈছিল যে তেওঁ মহিলাসকলক সুৰক্ষা দিব । তেওঁ কৈছিল, "মই জনসাধাৰণক সুৰক্ষা দিব বিচাৰো । মই আমাৰ দেশৰ মহিলাসকলক সুৰক্ষা দিব বিচাৰো । মই মহিলাসকলক সুৰক্ষা দিব বিচাৰো...মহিলাসকলে ভাল পালে বা নাপালেও মই এয়া কৰিম ।"

ট্ৰাম্পক সমালোচনা

এক্সৰ এটা পোষ্ট শ্বেয়াৰ কৰি হেৰিছে লিখিছে, "আপুনি কালি ড'নাল্ড ট্ৰাম্পে কি কৈছিল শুনিছিলনে ? মহিলাসকলে ভাল পাওক বা নপাওক, তেওঁ যি বিচাৰে সেয়া কৰিব ।" ৰেলী সম্বোধন কৰি হেৰিছে 'ৰো ভি ৱাডেৰ'(গৰ্ভপাতৰ অধিকাৰ সুৰক্ষিত কৰা গোচৰ) কথাও উল্লেখ কৰে । তেওঁ কয়, "আৰু মনত ৰাখিব আমি এই পৰ্যায় কেনেকৈ পালো । ড'নাল্ড ট্ৰাম্পে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ তিনিজন সদস্যক এই উদ্দেশ্যৰে বাছনি কৰিছিল যে তেওঁলোকে 'ৰো ভি ৱাডে'ৰ সুৰক্ষা বাতিল কৰিব । তেওঁলোকেও তেওঁ বিচৰা ধৰণে কৰিছিল ।"

তেওঁ লগতে কয়, "ট্ৰাম্পে বিশ্বাস নকৰে যে মহিলাসকলৰ নিজৰ শৰীৰৰ বিষয়ে সিদ্ধান্ত লোৱাৰ বাবে নিজৰ অধিকাৰ থাকিব লাগে । এইজন একেজন পুৰুষ যিয়ে কৈছিল যে মহিলাসকলক তেওঁলোকৰ পছন্দৰ বাবে শাস্তি দিয়া উচিত । তেওঁ কেৱল মহিলাৰ স্বাধীনতা বা মহিলাৰ বুদ্ধিমত্তাক অসন্মান কৰে । কিন্তু আমি মহিলাসকলক বিশ্বাস কৰো ।"

ট্ৰাম্প ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'লে কি সমস্যা হ'ব সেই কথা সোঁৱৰাই দি হেৰিছ কয় যে তেওঁ গৰ্ভপাত নিষিদ্ধ কৰিব, জন্ম নিয়ন্ত্ৰণৰ প্ৰৱেশাধিকাৰ সীমিত কৰিব, আইভিএফ চিকিৎসা বিপদাশংকাত পেলাব আৰু ৰাজ্যসমূহক মহিলাৰ গৰ্ভধাৰণ নিৰীক্ষণ কৰিবলৈ বাধ্য কৰিব ।

লগতে পঢ়ক: আমেৰিকাত কোনে জ্বলালে বেলট বাকচ ? তদন্তত নামিছে কৰ্তৃপক্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.