ETV Bharat / international

জো বাইডেনৰ দৰেই এটি কৌতুক কমলা হেৰিছ: ড’নাল্ড ট্ৰাম্প - US presidential election 2024

Trump Campaign: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰচাৰ অভিযানত তীক্ষ্ণ কটাক্ষ কৰে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ৷ বাইডেনৰ প্ৰতি আক্ৰমণাত্মক হোৱাৰ লগতে ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছকো ‘জো বাইডেনৰ দৰেই এটি কৌতুক’ বুলি সমালোচনা কৰে ড’নাল্ড ট্ৰাম্পে প্ৰচাৰ অভিযানত ৷

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 3:49 PM IST

Kamala Harris Is Just as Much of Joke as Biden Is: Trump Campaign
জো বাইডেনৰ দৰেই এটি কৌতুক কমলা হেৰিছ: ড’নাল্ড ট্ৰাম্প (ANI)

নেশ্যনেল ডেস্ক, 22 জুলাই: উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ “ৰাষ্ট্ৰপতি জো বাইডেনৰ দৰেই এটি কৌতুক” বুলি দেওবাৰে ড’নাল্ড ট্ৰাম্পৰ প্ৰচাৰ অভিযানে কটাক্ষ কৰে । এক বিবৃতিযোগে দাবী কৰা হৈছে, "বাইডেনে ৰাষ্ট্ৰপতি পদৰ প্ৰচাৰ অভিযানৰ পৰা নিজক উলিয়াই আনিব নোৱাৰে কাৰণ ‘তেওঁ মানসিকভাৱে অত্যন্ত অযোগ্য’ আৰু তথাপিও তেওঁ হোৱাইট হাউছত আছে ।"

দেওবাৰে বাইডেনে (81) 2024 চনত হ’বলগীয়া পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ দৌৰৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰি ভাৰতীয় আৰু আফ্ৰিকান উভয় মূলৰ হেৰিছক ডেম’ক্ৰেটিক পাৰ্টিৰ নতুন প্ৰাৰ্থী হিচাপে সমৰ্থন আগবঢ়ায় । যোৱা মাহত ৰিপাব্লিকান প্ৰতিদ্বন্দ্বী তথা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিতৰ্কত হোৱা বিপৰ্যয়জনক প্ৰদৰ্শনৰ পিচত সহযোগী ডেম’ক্ৰেটসকলৰ পৰা কেইবাসপ্তাহ ধৰি তীব্ৰ হেঁচা প্ৰয়োগ কৰাৰ পিচতে হেৰিছ (৫৯)ক মনোনীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এক বিবৃতিযোগে ট্ৰাম্পৰ প্ৰচাৰ অভিযানত কোৱা হয়, "কমলা হেৰিছ বাইডেনৰ দৰেই এটি কৌতুক । হেৰিছ আমাৰ জাতিৰ জনসাধাৰণৰ বাবে জো বাইডেনতকৈও অনুন্নত । "

ট্ৰাম্পৰ প্ৰচাৰৰ হৈ এক যৌথ বিবৃতিত ক্ৰীছ লাচিভিটা আৰু চুজি উইলেছ’ই অভিযোগ কৰি কয়, "বাইডেন হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আৰু আমাৰ দেশৰ প্ৰতিজন পুৰুষ, মহিলা আৰু শিশুৰ বাবে স্পষ্ট আৰু বৰ্তমানৰ বিপদ । আমি 5 নৱেম্বৰত এই নিৰ্বাচনত জয়ী হৈ আমাৰ দেশক বচাবলৈ ওলাইছো । আমি জয়ী হোৱাৰ পিচত আমেৰিকাক আকৌ উন্নত ধৰণেৰে নিৰ্মাণ কৰিব পাৰিম ! বাইডেন হৈছে প্ৰৱঞ্চক আৰু আমাৰ দেশৰ বাবে অপমানজনক ।"

"বাইডেনে আমাৰ সীমান্ত মুকলি কৰি ৰাখিছে, যাৰ ফলত 2 কোটি পৰ্যন্ত বিদেশীক অবৈধভাবে আমেৰিকাত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে ৷ যাৰ ফলত প্ৰব্ৰজনকাৰীয়ে অপৰাধৰ ঢৌৰ সৃষ্টি কৰিছে আৰু বহুমূলীয়া সম্পদৰ ওপৰত কৰ আৰোপ কৰিছে । বাইডেনে আমাৰ এসময়ৰ উন্নত অৰ্থনীতিক নষ্ট কৰি পেলাইছে, মুদ্ৰাস্ফীতিৰ অভিলেখ সৃষ্টি কৰিছে ৷ আমেৰিকানসকলে গেলামাল আৰু গেছৰ মাজৰ পৰা যিকোনো এটা বাছি ল’ব লাগিব "-ট্ৰাম্পৰ প্ৰচাৰ অভিযানে কয় ।

লগতে প্ৰচাৰ অভিযানকাৰী গোটে অভিযোগ কৰে, "বাইডেন নেতা হিচাপে দুৰ্বল, দুৰ্ভাগ্যজনক আৰু অযোগ্য ৷ তেওঁ আফগানিস্তানত 13 জন আমেৰিকান সেনাবাহিনীৰ সদস্যক হত্যা কৰিবলৈ অনুমতি দিছে, যিটোৱে এক বৃহৎ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল যাৰ ফলত পুটিনে ইউক্ৰেইন আক্ৰমণ কৰিছিল আৰু হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল ।”

প্ৰচাৰ অভিযানত আকৌ কোৱা হৈছে, "বিশ্বৰ নেতাসকলে আমালৈ চাই হাঁহিছে । আৰু এই সমগ্ৰ কাৰ্যকালত কমলা হেৰিছৰ লগতে ৱাশ্বিংটনৰ আন প্ৰতিজন ডেম'ক্ৰেটেও একো পদক্ষেপ গ্ৰহণ নকৰিলে । তেওঁলোক সকলো আমাৰ এসময়ৰ মহান জাতিটোৰ ধ্বংসযজ্ঞৰ সৈতে জড়িত আৰু বাইডেনৰ সহযোগী ৷ তেওঁলোক সকলোকে কাৰ্যভাৰৰ পৰা আঁতৰাই পেলাব লাগিব ।"

পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত বাইডেনে সিদ্ধান্ত সলনি কৰাৰ পাচত বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে ট্ৰাম্পে দাবী কৰে যে বাইডেন সেৱা আগবঢ়াবলৈ নিশ্চিতভাৱে উপযুক্ত নহয় তথা বাইডেন ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ উপযুক্ত নাছিল ।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰি কয় যে তেওঁৰ ডাক্তৰ আৰু মিডিয়াকে ধৰি তেওঁৰ চৌপাশৰ সকলোৱে জানিছিল যে তেওঁ ৰাষ্ট্ৰপতি হ’বলৈ সক্ষম নহয় । 78 বছৰীয়া ট্ৰাম্পে লগতে কয়, "তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ বাবে আমি বহুত ক্ষতিগ্ৰস্ত হ'ম, কিন্তু তেওঁ কৰা ক্ষতিৰ প্ৰতিকাৰ আমি অতি সোনকালে কৰিম । বৃহৎ আমেৰিকা গঢ়ি তুলিম !"

লগতে পঢ়ক: নিৰ্বাচনী দৌৰৰ পৰা আঁতৰিল বাইডেন: বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়া বিভিন্ন শীৰ্ষ নেতাৰ - US presidential election 2024

ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিচাৰে জয়ী হোৱাটোৱেই প্ৰধান উদ্দেশ্য: কমলা হেৰিছ - US presidential election 2024

নিৰ্বাচন নেখেলে বাইডেনে: কমলা হেৰিছক আগুৱাই দৌৰৰ পৰা আঁতৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি - BIDEN QUITS PRESIDENTIAL RACE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.