ETV Bharat / international

ইৰাণৰ সৰ্বোচ্চ নেতাৰ ওপজা দিনতে ইজৰাইলৰ মিছাইল আক্ৰমণ - Iran Israel war

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 2:44 PM IST

Iran Israel war: ইৰাণ আৰু ইজৰাইলৰ সংঘৰ্ষ অব্যাহত আছে । ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ইৰাণে মিছাইল আক্ৰমণ কৰে । এইবাৰ ইৰাণৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে ইজৰাইলে । ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ জন্মদিনৰ দিনাই ইজৰাইলে মিছাইল আক্ৰমণ কৰে ।

Iran Israel war
ইৰাণৰ সৰ্বোচ্চ নেতাৰ ওপজা দিনতে ইজৰাইলৰ মিছাইল আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক,১৯ এপ্ৰিল : মধ্য প্ৰাচ্যত উত্তেজনা অব্যাহত আছে । ইৰাণ আৰু ইজৰাইলৰ সংঘাতে বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইৰাণৰ মিছাইল আক্ৰমণ পিচতে এইবাৰ ইজৰাইলেও প্ৰতিশোধমূলক আক্ৰমণ আৰম্ভ কৰিছে । ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ জন্মদিনৰ দিনাই শুকুৰবাৰে প্ৰতিশোধমূলক আক্ৰমণ হিচাপে তেল আভিভে ইৰাণত মিছাইল নিক্ষেপ কৰে । ইয়াৰ পূৰ্বে ইজৰাইলৰ বিষয়াসকলে আমেৰিকাৰ বিষয়াসকলক জাননী দি কৈছিল যে ইৰাণৰ আক্ৰমণৰ দৰেই ইজৰাইলে প্ৰতিশোধ লৈছে ।

ইৰাণৰ ৰাজ্যিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বায়ু প্ৰতিৰক্ষা প্ৰণালী কেইবাখনো প্ৰদেশত সক্ৰিয় কৰি ৰখা হৈছে । মধ্য ইৰাণৰ ইছফাহানৰ পাৰমাণৱিক স্থানসমূহ সুৰক্ষিত আছে বুলিও কোৱা হৈছে । ইৰাণে ছিৰিয়াৰ ৰাজধানী দামাস্কাছত ইৰাণৰ কনচুলেটত হোৱা আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ইজৰাইলক আক্ৰমণ কৰাৰ কিছুদিন পিচতে ইজৰাইলে এই আক্ৰমণ কৰিছে ।

আমেৰিকাৰ সংবাদ মাধ্যমৰ মতে ইজৰাইলে আমেৰিকাক কৈছিল যে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰসমূহক লক্ষ্য কৰি লোৱা হোৱা নাই । ইয়াক সীমিত আক্ৰমণ বুলি অভিহিত কৰা হৈছে । ইজৰাইলৰ এক সূত্ৰৰ মতে এই আক্ৰমণটো ইজৰাইলৰ সামৰিক বাহিনীৰ ক্ষমতা প্ৰদৰ্শন আছিল ।

ইৰাণৰ নিউজ এজেন্সিৰ মতে অঞ্চলটোৰ আকাশত বায়ু প্ৰতিৰক্ষা প্ৰণালী সক্ৰিয় কৰি ৰখা হৈছে । ইছফাহানৰ পূব আৰু ইছফাহান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত মিছাইলে আঘাত কৰা বুলি জানিব পৰা গৈছে । ইজৰাইলী সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইছফাহান চহৰক লক্ষ্য কৰি মিছাইল আক্ৰমণ কৰা হৈছিল ।

অৱশ্যে ইৰাণে দাবী কৰা মতে এয়া মিছাইল আক্ৰমণ নহয় ড্ৰোণ আক্ৰমণ হে আছিল । ইৰাণৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেহৰাণ, ইছফাহান আৰু চিৰাজলৈ বিমানৰ চলাচল স্থগিত ৰখা হৈছে ।

লগতে পঢ়ক :ইৰাণৰ বিৰুদ্ধে উপযুক্ত সঁহাৰি বিচাৰে ইজৰাইলৰ যুদ্ধ কেবিনেটে - Israel Iran War

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.