ETV Bharat / international

পাকিস্তানত বিৰোধীৰ আসনত বহিব ইমৰান খানৰ দল পিটিআই - Pakistan National Assembly

Pakistan Election 2024 : পিটিআই দলটোৰ প্ৰতিষ্ঠাপক ইমৰান খানৰ নিৰ্দেশনা অনুসৰি দলটোৱে কেন্দ্ৰ আৰু পঞ্জাবত বিৰোধী দলত বহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি পাকিস্তান তেহৰিক-ই-ইনচাফৰ (পিটিআই) বেৰিষ্টাৰ আলী চৈফে জনায় । অৱশ্যে বিৰোধী দলত যোগদানৰ সিদ্ধান্তৰ পিছত দলটোৱে প্ৰধানমন্ত্ৰী আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী নিৰ্বাচনত অংশগ্ৰহণ কৰিবনে নাই সেয়া স্পষ্ট হোৱা নাই ।

Pakistan Election 2024
পাকিস্তানত বিৰোধীৰ আসনত বহিব ইমৰান খানৰ দল
author img

By PTI

Published : Feb 17, 2024, 9:44 AM IST

ইণ্টাৰনেচনেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী : পিটিআই দলে পাকিস্তানৰ নেচনেল এছেম্বলী আৰু পঞ্জাব প্ৰভিন্সিয়েল এছেম্বলীত বিৰোধী দলৰ আসনত বহিব । পাকিস্তানৰ কাৰাগাৰত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দলটোৱে শুকুৰবাৰে এই ঘোষণা কৰে ।

দলটোৱে ওমৰ আয়ুব খানক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে আৰু আছলাম ইকবালক পঞ্জাবৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰাৰ এদিন পিছতে পাকিস্তান তেহৰিক-ই-ইনচাফৰ (পিটিআই) বেৰিষ্টাৰ আলী চৈফে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে । ইছলামাবাদৰ কৌমি ৱতন পাৰ্টী পৰিদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত চৈফে কয় যে দলটোৰ প্ৰতিষ্ঠাপক ইমৰান খানৰ নিৰ্দেশনা অনুসৰি দলটোৱে কেন্দ্ৰ আৰু পঞ্জাবত বিৰোধী দলত বহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

চৈফে কয়, "আমি বিৰোধীৰ আসনত বহিবলৈ সিদ্ধান্ত লৈছোঁ । যদি আমি আমাৰ ভোট অনুসৰি আসন লাভ কৰিলোহেঁতেন আৰু যদি ফলাফল সলনি নহ'লহেঁতেন, তেন্তে হয়তো আজি আমি 180 খন আসনেৰে কেন্দ্ৰত ক্ষমতাত থাকিলোঁহেঁতেন । আমাৰ প্ৰাৰ্থীসকলে জয়ী হোৱাৰ প্ৰমাণ 45 নং ফৰ্ম ।" অৱশ্যে বিৰোধী দলত যোগদানৰ সিদ্ধান্তৰ পিছত দলটোৱে প্ৰধানমন্ত্ৰী আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী নিৰ্বাচনত অংশগ্ৰহণ কৰিবনে নাই সেয়া স্পষ্ট হোৱা নাই ।

উল্লেখ্য যে 8 ফেব্ৰুৱাৰীৰ সাধাৰণ নিৰ্বাচনত পাকিস্তানে অৰ্ধ জনাদেশ লাভ কৰে । পিটিআই সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে 92 খন আসন লাভ কৰে । আনহাতে, পাকিস্তান মুছলিম লীগ-নৱাজ আৰু পাকিস্তান পিপ'লছ পাৰ্টিীয়ে ক্ৰমান্বয়ে 75 আৰু 54 খন আসন লাভ কৰে ।

ইয়াৰ মাজতে কেন্দ্ৰত চৰকাৰ গঠন চূড়ান্ত কৰাৰ বাবে শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া পাকিস্তান মুছলিম লীগ-নৱাজ (PML-N) আৰু পাকিস্তান পিপ'লছ পাৰ্টীৰ (PPP) সমন্বয় সমিতিৰ মাজত অনুষ্ঠিত হ’বলগীয়া বৈঠকখন পিছুৱাই দিয়া হৈছে বুলি এক সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক : পাকিস্তানত পি এম এল-এন আৰু পি পি পিৰ মাজৰ চৰকাৰ গঠনৰ বৈঠক স্থগিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.