ETV Bharat / international

ট্ৰাম্প কেনে প্ৰকৃতিৰ লোক মই জানো: কমলা হেৰিছ - US presidential election 2024

author img

By ANI

Published : Jul 23, 2024, 9:34 AM IST

US presidential election 2024: সমাগত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন । জো বাইডেনে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লৈছে আৰু কমলা হেৰিছক উক্ত পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন কৰিছে । তাৰ পিচতে হেৰিছে দলৰ প্ৰচাৰ কৰ্মীসকলক সম্বোধন কৰে । সভাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ড'নাল্ড ট্ৰাম্পক তীব্ৰ সমালোচনা কৰে ।

Kamala Harris
ট্ৰাম্প কেনে প্ৰকৃতিৰ লোক মই জানো:কমলা হেৰিছ (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ জুলাই : আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে সোমবাৰে প্ৰথমবাৰৰ বাবে উইলমিংটনৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰপতিৰ প্ৰচাৰ কৰ্মচাৰীসকলক সম্বোধন কৰে আৰু ৰিপাব্লিকান ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰে । এই সভাতে আহি থকা নিৰ্বাচনৰ ৰোডমেপ প্ৰস্তুত কৰা হয় ।

প্ৰচাৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত থকা শ শ কৰ্মচাৰী আৰু আন আন প্ৰান্তৰ পৰা অহা লোকসকলক সম্বোধন কৰি হেৰিছে কয় তেওঁ বিভিন্ন প্ৰকৃতিৰ অপৰাধী দেখিছে । মহিলাসকলক উৎপীড়ন কৰা, গ্ৰাহকক প্ৰৱঞ্চনা কৰা, খেলৰ নিয়ম ভংগকাৰী প্ৰতাৰক । সেয়ে যেতিয়া তেওঁ ড'নাল্ড ট্ৰাম্পৰ প্ৰকৃতি জানে বুলি ক'ব সকলোকে কথাষাৰ শুনিবলৈ আহ্বান জনালে ।

কমলা হেৰিছে লগতে ট্ৰাম্পক সমালোচনা কৰি কয় যে গৌৰৱেৰে ট্ৰাম্পে অভিলেখ ৰচিব । তেওঁ কেলিফৰ্ণিয়াৰ আলামেডা কাউণ্টি ডিষ্ট্ৰিক্ট এটৰ্ণীৰ কাৰ্যালয়ত অধিবক্তা হিচাপে তেওঁৰ দিনবোৰ মনত পেলাইছিল । তেওঁ কয় যে যেতিয়া তেওঁ কেলিফৰ্ণিয়াৰ আলামেডা কাউণ্টি ডিষ্ট্ৰিক্ট এটৰ্ণীৰ কাৰ্যালয়ত আছিল তেতিয়া তেওঁ যৌন উৎপীড়নৰ সৈতে জড়িত গোচৰবোৰৰ মোকাবিলা কৰিছিল । সেই সময়ত ড'নাল্ড ট্ৰাম্প যৌন উৎপীড়নৰ গোচৰত অভিযুক্ত আছিল । কেলিফৰ্ণিয়াৰ এটৰ্নি জেনেৰেল হিচাপে তেওঁ দেখিছিল যে ড'নাল্ড ট্ৰাম্পে ট্ৰাম্প বিশ্ববিদ্যালয় নামৰ এখন লাভজনক মহাবিদ্যালয় চলাইছিল । সেই মহাবিদ্যালয় সম্পৰ্কীয় এটা কেলেংকাৰী গোচৰত ট্ৰাম্পে শিক্ষাৰ্থীসকলক ২৫ নিযুত আমেৰিকান ডলাৰ পৰিশোধ কৰিবলৈ বাধ্য হৈছিল ।

হেৰিছে ভাষণ প্ৰসংগত জলবায়ু পৰিৱৰ্তন, বিগ অইল আৰু ৱাল ষ্ট্ৰীটৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । হেৰিছৰ মতে তেওঁ প্ৰচাৰ আৰু ৰিপাব্লিকান প্ৰাৰ্থীৰ প্ৰচাৰ সম্পূৰ্ণ বিপৰীত । তেওঁ দেশৰ ভৱিষ্যত দেখিছে । হেৰিছে অভিযোগ কৰা মতে তেওঁ দেশৰ ভৱিষ্যতৰ ওপৰত গুৰুত্ব দিছে আৰু আনজনে অতীতৰ ওপৰত গুৰুত্ব দিছে ।

উল্লেখ্য যে কমলা হেৰিছক এতিয়ালৈ ডেমক্ৰেটিক দলে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা নাই । অৱশ্যে, আমেৰিকা ৰাষ্ট্ৰপতি জো বাইডেনে তেওঁক সমৰ্থন কৰাৰ পিচতে কেইবাজনো ডেমক্ৰেটে তেওঁক সমৰ্থন কৰিছে । প্ৰচাৰ কৰ্মচাৰীসকলক সম্বোধন কৰাৰ সময়ত সেই নেতাসকলো উপস্থিত থাকে । ভাষণত তেওঁ জ' বাইডেনৰ প্ৰশংসাও কৰে । দেশক ভালপোৱৰ বাবেই দিনে-ৰাতিয়ে বাইডেনে কাম কৰে বুলি তেওঁ উল্লেখ কৰে । হেৰিছে কয় যে তেওঁ বাইডেনক বহুত ভাল পায় । বাইডেন আৰু তেওঁ পত্নী জিল বাইডেন তেওঁৰ পৰিয়ালৰ সদস্যৰ দৰে বুলি হেৰিছে উল্লেখ কৰে ।

কমলা হেৰিছৰ মতে প্ৰচাৰ ব্যৱস্থাপক জুলি চাভেজ ৰড্ৰিগজে তেওঁৰ ভূমিকা অব্যাহত ৰাখিব । হেৰিছে উল্লেখ কৰা মতে নিৰ্বাচনলৈ মাজত মাত্ৰ ১০৬ দিন আছে আৰু এই দিনবোৰ যথেষ্ট পৰিশ্ৰম কৰিব লাগিব । ইফালে ক'ভিডত আক্ৰান্ত হোৱাৰ পিচতো বাইডেনে ঘৰৰ পৰাই তেওঁৰ ভাষণ শুনি আছে বুলি হেৰিছে উল্লেখ কৰে ।

লগতে পঢ়ক :জো বাইডেনৰ দৰেই এটি কৌতুক কমলা হেৰিছ: ড’নাল্ড ট্ৰাম্প - US presidential election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.