ETV Bharat / international

গাজাত নিহত প্ৰায় ৭০ পেলেষ্টাইনী; ইজৰাইলৰ বিৰুদ্ধে পৰিকল্পিত গণহত্যাৰ অভিযোগ হামাছৰ - 70 Palestinians Killed in Gaza City

author img

By ANI

Published : Jul 13, 2024, 8:33 AM IST

70 Palestinians Killed in Gaza City : হামাছ চৰকাৰী মিডিয়া কাৰ্যালয়ৰ মহানিৰ্দেশকে দাবী কৰে যে ইজৰাইলী সামৰিক বাহিনীয়ে পূব গাজা চহৰৰ হাজাৰ হাজাৰ পেলেষ্টাইনীক পশ্চিম আৰু দক্ষিণ চুবুৰীয়া অঞ্চললৈ যাবলৈ নিৰ্দেশ দিয়াৰ পিচতে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে । উদ্ধাৰকাৰীয়ে ৭০ টা মৃতদেহ উদ্ধাৰ কৰিছে আৰু কমেও ৫০ জন লোক সন্ধানহীন হৈ আছে ।

70 Palestinians Killed in Gaza City
গাজাত নিহত প্ৰায় ৭০ পেলেষ্টাইনী (ANI Photo)

ইন্টাৰনেশ্যনেল ডেস্ক, ১৩ জুলাই : শুকুৰবাৰে গাজা চহৰত সংঘটিত এক হিংসাত্মক ঘটনাত ৭০ জনতকৈও অধিক পেলেষ্টাইনী নিহত হয় । আনহাতে, হামাছৰ এজন বিষয়াই অভিযোগ কৰে যে ইজৰাইলী কৰ্তৃপক্ষৰ এয়া 'পৰিকল্পিত গণহত্যা' । সংবাদ প্ৰতিষ্ঠান আল জাজিৰাৰ প্ৰতিবেদনত এইকথা প্ৰকাশ ।

হামাছ চৰকাৰী মিডিয়া কাৰ্যালয়ৰ মহানিৰ্দেশক ইছমাইল আল-থাৱাবতাই দাবী কৰে যে ইজৰাইলী সামৰিক বাহিনীয়ে পূব গাজা চহৰৰ হাজাৰ হাজাৰ পেলেষ্টাইনীক পশ্চিম আৰু দক্ষিণ চুবুৰীয়া অঞ্চললৈ যাবলৈ নিৰ্দেশ দিয়াৰ পিচতে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে ।

তেওঁ লগতে প্ৰকাশ কৰে যে উদ্ধাৰকাৰী কৰ্মীসকলে টাল আল-হাৱা অঞ্চলৰ পৰা ৭০ টা মৃতদেহ উদ্ধাৰ কৰিছে আৰু আল-থাৱাবতাৰ মতে কমেও ৫০ জন লোক সন্ধানহীন হৈ আছে । "কিছু স্থানচ্যুত লোকে ইজৰাইলী সেনাৰ ফালে আঙুলিয়াই বগা পতাকা লৈ কৈছিল, 'আমি যুঁজাৰু নহয়; আমি স্থানচ্যুত হৈছোঁ । কিন্তু ইজৰাইলী দখলকাৰী সেনাই এই স্থানচ্যুত লোকসকলক অতি শীতল মস্তিষ্কৰে হত্যা কৰে ।" আল-থাৱাবতাই কয় ।

"ইজৰাইলী সেনাই টাল আল-হাৱাত উক্ত গণহত্যা সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছিল ।" তেওঁ ইজৰাইলক পেলেষ্টাইনীসকলৰ বিৰুদ্ধে 'ধ্বংসাত্মক যুদ্ধ' সমাপ্ত কৰিবলৈ আন্তৰ্জাতিক সম্প্ৰদায়ক হেঁচা দিবলৈ আহ্বান জনাই কয় ।

আনহাতে, ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে গাজা চহৰত মৃতদেহ উদ্ধাৰৰ ঘটনাক গৰিহণা দি চলিত সংঘৰ্ষত ইয়াক 'অসামৰিক লোকৰ ওপৰত হোৱা ক্ষতিৰ আন এক কৰুণ উদাহৰণ' বুলি অভিহিত কৰে ।

উল্লেখ্য, এই ঘটনা হৈছে ধাৰাবাহিকভাৱে সংঘটিত হৈ অহা বিধ্বংসী ঘটনাৰ শেহতীয়া ঘটনা । এই ঘটনাবোৰে গাজাত যথেষ্ট লোকৰ প্ৰাণ লোৱাৰ উপৰি বহু লোক গৃহহীন হ'বলগা পৰিস্থিতিৰ সৃষ্টি কৰিছে । প্ৰাপ্ত খবৰ অনুসৰি, এই ঘটনাটোৰ ফলত মৃত্যুৰ সংখ্যা ৭০ জনতকৈও অধিক হৈছে । ইয়াৰ উপৰি আন বহু লোক আহত হয় । ইয়াৰে পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই তাৎক্ষণিক মানৱীয় যুদ্ধবিৰতি আৰু সংঘৰ্ষৰ সময়ত বন্দী কৰা সকলো বন্দীক চৰ্তহীনভাৱে মুক্তি দিয়াৰ বাবে পুনৰ আহ্বান জনাইছে ।

"এই বিবাদৰ সময়ত মানুহে তেওঁলোকৰ প্ৰয়োজনীয় চিকিৎসা সমৰ্থন, প্ৰয়োজনীয় খাদ্য, প্ৰয়োজনীয় আশ্ৰয় আনকি তেওঁলোকক প্ৰয়োজন হোৱা সন্মানীয় শেষকৃত্য কৰাটোও অসম্ভৱ হৈ পৰিছে ।" ডুজাৰিকে কয় ।

উল্লেখ্য, পেলেষ্টাইনী বিষয়াসকলৰ মতে, পশ্চিম তীৰত ইজৰাইলী বাহিনী আৰু দখলকাৰীৰ দ্বাৰা কমেও ৫৫৩ গৰাকী পেলেষ্টাইনীক হত্যা হৈছে আৰু ৯,৫১০ গৰাকীক আটক কৰা হৈছে । প্ৰায় 3 নিযুত পেলেষ্টাইনী ইজৰাইল অধিকৃত পশ্চিম তীৰত বাস কৰে । আনহাতে, তাত 500,000 ৰো অধিক ইজৰাইলীয়ে 100 টাৰো অধিক বসতিস্থলত বাস কৰে । '

লগতে পঢ়ক :নেপালত ভূমিস্খলন; ত্ৰিশূলী নদীত পৰিল দুখন যাত্ৰীবাহী বাছ; নিৰুদ্দেশ 60 গৰাকীৰো অধিক যাত্ৰী - LANDSLIDE IN CENTRAL NEPAL HIGHWAY
লগতে পঢ়ক :বিশ্বক ভাৰতে 'যুদ্ধ' নহয় 'বুদ্ধ' দিছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - PM Modi Austria visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.