ETV Bharat / international

বাল্টিমোৰত জাহাজৰ খুন্দাত খহি পৰিল বৃহৎ দলং - Francis Scott Key Bridge collapse - FRANCIS SCOTT KEY BRIDGE COLLAPSE

Francis Scott Key Bridge collapse: মেৰিলেণ্ডৰ বাল্টিমোৰ চহৰত অঘটন । কণ্টেইনাৰ ভৰ্তি জাহাজৰ খুন্দাত খহি পৰে ফ্ৰান্সিছ স্কট কী ব্ৰীজ । পানীত ডুব গ'ল কেইবাখনো বাহন আৰু চালক । উদ্ধাৰ অভিযান অব্যাহত ।

Francis Scott Key Bridge collapse
বাল্টিমোৰত জাহাজৰ খুন্দাত খহি পৰিল বৃহৎ দলং
author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 5:04 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৬ মাৰ্চ : আমেৰিকাৰ বাল্টিমোৰত ভয়ংকৰ দুৰ্ঘটনা । কণ্টেইনাৰ জাহাজৰ খুন্দাত চহৰখনৰ অতি গুৰুত্বপূৰ্ণ এখন বৃহৎ দলং খহি পৰে । ফলস্বৰূপে দলঙৰ ওপৰেৰে যাত্ৰা কৰি থকা বহু বাহন নদীত পৰে । কেইবাজনো লোক সন্ধানহীন হৈ আছে । জানিব পৰা মতে দুৰ্ঘটনাটো মঙলবাৰে পুৱতি নিশা সংঘটিত হৈছে । এক্সত ভাইৰেল হোৱা এটা ভিডিঅ'ত দেখা গৈছে যে জাহাজখনে ফ্ৰান্সিছ স্কট কী ব্ৰীজৰ এটা অংশত আঘাত কৰে । যাৰ ফলত দলংখন কেইবাঠাইতো বিচ্ছিন্ন হৈ পানীত পৰি যায় । দুৰ্ঘটনাৰ ফলত জাহাজখনত জুইৰ সূত্ৰপাত হয় আৰু অঞ্চলটো ডাঠ আৰু ক'লা ধোঁৱাই ছানি ধৰে ।

বাল্টিমোৰ অগ্নি নিৰ্বাপক বিভাগৰ এগৰাকী বিষয়াই সংবাদমাধ্যমক জনোৱা মতে ই এক ভয়ংকৰ জৰুৰীকালীন অৱস্থা । সেই মুহূৰ্তত অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰধান লক্ষ্য আছিল লোকসকলক উদ্ধাৰ কৰা । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে প্ৰায় ৭ জন লোক পানীত ডুব গৈছে । যাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীয়ে লোকসকলক বিচাৰি অভিযান আৰম্ভ কৰিছে । কিন্তু দুৰ্ঘটনাটোৰ ফলত কিমান লোক প্ৰভাৱিত হৈছে তাৰ তথ্য এতিয়াও জানিব পৰা হোৱা নাই ।

বিষয়াগৰাকীৰ মতে দলংখনত কিছুমান কাৰ্গো ওলমি থকা দেখা গৈছে । একাংশ আকৌ টোপস্কো নদীত বিস্তৃত হৈ আছে । ১৯৭৭ চনত মুকলি কৰা এই দলংখনৰ নাম 'দ্য ষ্টাৰ-স্পেংগেল্ড বেনাৰ'ৰ লেখকৰ নামেৰে ৰখা হৈছিল । দুৰ্ঘটনাৰ সময়ত দলংখনৰ ওপৰত ট্ৰেক্টৰ-ট্ৰেইলাৰ সদৃশ কেইবাখনো বাহন আছিল বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে জাহাজখনৰ নাম ডালি আছিল । মেৰিন ট্ৰেফিক এণ্ড ভেচেল ফাইণ্ডাৰৰ মতে সেই নামৰ এখন জাহাজ বাল্টিমোৰৰ পৰা শ্ৰীলংকাৰ কলম্বোলৈ গৈ আছিল । ডব্লিউটিঅ'পি ৰেডিঅ' ষ্টেচনে বাল্টিমোৰৰ কোষ্ট গাৰ্ডৰ পেটি অফিচাৰ মেথিউ ৱেষ্টৰ উদ্ধৃতি দি কয় যে জাহাজখনত ছিংগাপুৰৰ পতাকা আছিল ।

বাল্টিমোৰ প্ৰশাসনে জনোৱা মতে দলংখন খহি পৰাৰ লগে লগে নদীখনৰ দুয়োটা পাৰৰ মাজত স্থল যোগাযোগ বন্ধ হৈ পৰিছে । পথটোত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে ।

লগতে পঢ়ক :পাকিস্তানৰ দ্বিতীয় সৰ্ববৃহৎ নৌসেনা ঘাটিত বেলুচ যুঁজাৰুৰ আক্ৰমণ; ৪ বিদ্ৰোহী নিহত - Pakistan Naval Airbase Attack

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.