ETV Bharat / international

ৰাষ্ট্ৰপতিৰ মৃত্যুত ইৰাণত ৫ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা; ভাৰততো এদিনীয়া শোক - Iranian President Tragic Demise

author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 7:45 PM IST

Iranian President Tragic Demise : ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি আৰু দেশখনৰ বৈদেশিক মন্ত্ৰী আমিৰ-আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত ভাৰতেও শোক প্ৰকাশ কৰিছে । লগতে ভাৰত চৰকাৰে এই দুগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুত তেওঁলোকৰ বিদেহ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই মঙলবাৰে সমগ্ৰ দেশতে এদিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে ।

Iranian President Tragic Demise
ইৰাণৰ ৰাষ্ট্ৰপতিৰ মৃত্যুত ভাৰতত ৫ এদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা (Reuters Photo)

ইন্টাৰনেশ্যনেল ডেস্ক, ২০ মে' : দেওবাৰে হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ মৃত্যুৰ পিচত দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ চৈয়দ আলী খামেনিয়ে ইৰাণত পাঁচদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে । প্ৰেছ টিভিত এই কথা প্ৰকাশ ।

খামেনিয়ে সোমবাৰে এক বাৰ্তাত এই ঘোষণা কৰি কয় যে তেওঁৰ সংগীসকলৰ সৈতে এই অতি দুখৰ খবৰটো সহ্য কৰিবলগাটো অত্যন্ত মৰ্মান্তিক ঘটনা ।

ভাৰতত এদিনীয়া ৰাষ্ট্ৰীয় শোক

আনহাতে, ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি আৰু দেশখনৰ বৈদেশিক মন্ত্ৰী আমিৰ-আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত ভাৰতেও শোক প্ৰকাশ কৰিছে । লগতে ভাৰত চৰকাৰে এই দুগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুত তেওঁলোকৰ বিদেহ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই মঙলবাৰে সমগ্ৰ দেশতে এদিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে ।

এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে কয় যে মঙলবাৰে সকলো গুৰুত্বপূৰ্ণ স্থানতে থকা ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব আৰু উক্ত দিনটোত কোনোধৰণৰ আনুষ্ঠানিক মনোৰঞ্জনমূলক অনুষ্ঠান নাথাকিব । উল্লেখ্য যে ইৰাণৰ ৰাষ্ট্ৰপতি আজাৰবাইজান ভ্ৰমণৰ পৰা উভতি অহাৰ সময়ত তেওঁৰ হেলিকপ্টাৰখন তাব্ৰিজ চহৰত দুৰ্ঘটনাগ্ৰস্ত হয় ।

আনহাতে, হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি, বৈদেশিক মন্ত্ৰী তথা অন্যান্য উচ্চ পদস্থ বিষয়াসকলৰ শোকাৱহ মৃত্যুৰ পিচত নতুন দিল্লীৰ ইৰাণী দূতাবাসে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যুত শোক প্ৰকাশ কৰে । এক্সৰ এক পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-ইৰাণ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাইচিৰ অৱদানৰ কথা উল্লেখ কৰে ।

"ইছলামিক গণৰাজ্য ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ চয়ীদ ইব্ৰাহিম ৰাইচিৰ শোকাৱহ মৃত্যুত গভীৰভাৱে দুখিত আৰু হতবাক । ভাৰত-ইৰাণ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব । তেওঁৰ পৰিয়াল আৰু ইৰাণৰ জনসাধাৰণলৈ মোৰ আন্তৰিক সমবেদনা । দুখৰ এই সময়ত ভাৰত ইৰাণৰ কাষত আছে ।" প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰে ।

উপ-ৰাষ্ট্ৰপতি মহম্মদ মোখবেৰক নতুন দায়িত্ব

উল্লেখ্য যে নিজৰ বাৰ্তাত আয়াতুল্লাহ খামেনিয়ে কয় যে 'মৰমৰ ৰায়চিয়ে ভাগৰ কি নাজানিছিল' । তেওঁ লগতে কয়, ইৰাণী ৰাষ্ট্ৰই এই শোকাৱহ ঘটনাটোত এজন অতি আন্তৰিক আৰু মূল্যৱান সেৱক হেৰুৱালে । সংবিধানৰ ১৩১ নং অনুচ্ছেদ অনুসৰি, উপ-ৰাষ্ট্ৰপতি মহম্মদ মোখবেৰে কাৰ্যবাহী হিচাপে দায়িত্ব পৰিচালনাৰ কথাও নেতাগৰাকীয়ে ঘোষণা কৰে ।

আনহাতে, আয়াতুল্লাহ খামেনিয়ে মোখবাৰক চৰকাৰৰ তিনিটা শাখাৰ আন দুটা মুৰব্বীৰ সহযোগত সৰ্বাধিক ৫০ দিনৰ ভিতৰত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰাৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায় । উল্লেখ্য যে দেওবাৰে দুৰ্ঘটনাটোত মৃত্যুবৰণ কৰা ইৰাণৰ ৰাষ্ট্ৰপতি, বৈদেশিক মন্ত্ৰী আৰু তেওঁলোকৰ সৈতে থকা প্ৰতিনিধি দলটোৰ মৃতদেহ সোমবাৰে এক অনুসন্ধান অভিযানৰ পিচত উদ্ধাৰ হয় ।

১৯৫৫ চনত জন্ম গ্ৰহণ কৰা মোখবাৰো ৰাইচিৰ দৰে সৰ্বোচ্চ নেতা আলী খামেনিৰ ঘনিষ্ঠ হিচাপে পৰিগণিত । আল জাজিৰাৰ মতে, কাৰ্যভাৰ গ্ৰহণ কৰাৰ অলপ পিচতে ৰাইচিয়ে ২০২১ চনৰ আগষ্টত মোখবাৰক তেওঁৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিছিল ।

2010 চনত ইউৰোপীয় ইউনিয়নে মোখবাৰক 'পাৰমাণৱিক বা বেলিষ্টিক মিছাইল কাৰ্যকলাপ'ত জড়িত থকাৰ অভিযোগত অনুমোদন জনোৱা ব্যক্তি আৰু প্ৰতিষ্ঠানৰ এখন তালিকাত অন্তৰ্ভুক্ত কৰিছিল । অৱশ্যে দুবছৰৰ পিচত তেওঁক এই তালিকাৰ পৰা আঁতৰাই দিয়ে ।

ইফালে, হোছেইন আমিৰ-আব্দুল্লাহিয়ানৰ মৃত্যুৰ পিচত আলী বাঘেৰী কানিক ইৰাণৰ কাৰ্যকৰী বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় । তেওঁ ২০২১ চনৰ ছেপ্টেম্বৰৰ পৰা উপ-বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । কানি ২০০৭ চনৰ পৰা ২০১৩ চনলৈকে ইৰাণৰ উচ্চতম ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ উপ-সচিব আছিল ।

লগতে পঢ়ক :কেৱল ইৰাণৰ ৰাষ্ট্ৰপতিয়ে নহয়, বিশ্বৰ এইসকল নেতাৰো প্ৰাণ লৈছে বিমান দুৰ্ঘটনাই... - Plane Crash Tragedy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.