ETV Bharat / international

হামাছ নেতাৰ হত্যাই মধ্যপ্ৰাচ্যত বৃদ্ধি কৰিছে আঞ্চলিক যুদ্ধৰ আশংকা - Israel Hamas War

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 12:03 PM IST

Israel Hamas War: হিজবুল্লাহ আৰু হামাছৰ শীৰ্ষ নেতাক শেহতীয়াকৈ ইজৰাইলী বাহিনীয়ে হত্যা কৰিছে । এনে পৰিস্থিতিত মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পাইছে । আমেৰিকা আৰু ব্ৰিটেইনে লেবাননৰ পৰা তেওঁলোকৰ দেশৰ নাগৰিকক আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।

Israel Hamas War
হামাছ নেতাৰ হত্যাই মধ্যপ্ৰাচ্যত বৃদ্ধি কৰিছে আঞ্চলিক যুদ্ধৰ আশংকা (AP Photo)

ইণ্টাৰনেশ্যনেল ডেস্ক, ৪ আগষ্ট : শেহতীয়াকৈ ইজৰাইলে দাবী কৰা মতে তেওঁলোকৰ সেনাই হামাছৰ শীৰ্ষ নেতাক হত্যা কৰিছে । ইয়াৰ পিচতে মধ্যপ্ৰাচ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে শনিবাৰে ইৰাণ আৰু মিত্ৰশক্তিয়ে হামাছৰ শীৰ্ষ নেতাৰ হত্যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইয়াৰ বাবে ইজৰাইলক দোষাৰোপ কৰিছে । যাৰ ফলত মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পাইছে । একেদৰে আঞ্চলিক যুদ্ধৰো আশংকা বৃদ্ধি পাইছে ।

ইফালে ইজৰাইলৰ সহযোগী আমেৰিকাই কৈছে যে তেওঁলোকে যুদ্ধ জাহাজ আৰু যুঁজাৰু বিমান অঞ্চলটোলৈ প্ৰেৰণ কৰিব । আনহাতে পশ্চিমীয়া চৰকাৰসমূহে তেওঁলোকৰ নাগৰিকসকলক লেবানন এৰি যাবলৈ আহ্বান জনাইছে । য'ত ইৰাণ সমৰ্থিত হিজবুল্লাহৰ কেন্দ্ৰস্থল বুলি কোৱা হয় । এয়াৰলাইন কোম্পানীসমূহেও বিমান বাতিল কৰিছে ।

হিজবুল্লাহ আৰু হামাছ নেতাক হত্যা :

বেইৰুটত হিজবুল্লাহৰ সামৰিক মুৰব্বীক ইজৰাইলীৰ হত্যা আৰু তাৰ পিচতে তেহৰাণত হামাছ নেতা ইছমাইল হানিয়েহৰ মৃত্যুৱে পুনৰ এবাৰ প্ৰতিশোধৰ দৃষ্টিভংগীৰ ইংগিত দিছে । ইৰাণ সমৰ্থিত লেবানন, য়েমেন, ইৰাক আৰু ছিৰিয়াৰ গোটবোৰ ইতিমধ্যে গাজাত ইজৰাইল আৰু পেলেষ্টাইনী সন্ত্ৰাসবাদী গোট হামাছৰ মাজত প্ৰায় ১০ মাহ ধৰি চলি থকা যুদ্ধত আকৰ্ষিত হৈছে ।

ইজৰাইলে শনিবাৰে পুনৰ হিজবুল্লাহৰ বিৰুদ্ধে গুলীচালনা কৰে । ইজৰাইলে অধিকৃত পশ্চিম তীৰত এক মাৰাত্মক অভিযান চলায় আৰু গাজা চহৰৰ এখন বিদ্যালয় চৌহদত আক্ৰমণ কৰে । এই সন্দৰ্ভত হামাছ শাসিত অঞ্চলৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাই কয় যে এই আক্ৰমণত প্ৰায় ১৭ গৰাকী লোক নিহত হয় ।

শেহতীয়া সপ্তাহবোৰত গাজাত আশ্ৰয়স্থললৈ পৰিৱৰ্তিত হোৱা বহুতো বিদ্যালয়ত আক্ৰমণ কৰা হৈছে । ইজৰাইলে অভিযোগ কৰিছে যে এই আশ্ৰয় শিবিৰবোৰ সন্ত্ৰাসবাদীসকলে ব্যৱহাৰ কৰিছে । অৱশ্যে হামাছে সামৰিক কাৰ্যকলাপৰ বাবে এনে শিবিৰ আদি ব্যৱহাৰ কৰাৰ কথা অস্বীকাৰ কৰিছে ।

ইফালে হামাছ নেতা হানিয়েহক শুকুৰবাৰে কাটাৰত সমাধিস্থ কৰা হয় । ইৰাণে শনিবাৰে কয় যে হিজবুল্লাহে ইজৰাইলৰ আভ্যন্তৰীণলৈ গৈ আক্ৰমণ কৰিব আৰু এতিয়া সামৰিক লক্ষ্যতে সীমাবদ্ধ নাথাকিব । ইফালে পেণ্টাগনে কয় যে আমেৰিকাৰ কৰ্মচাৰীসকলক সুৰক্ষা দিবলৈ আৰু ইজৰাইলক ৰক্ষা কৰিবলৈ মধ্য প্ৰাচ্যত তেওঁলোকৰ সামৰিক উপস্থিতি শক্তিশালী কৰি আছে ।

আমেৰিকাই উল্লেখ কৰা মতে ইউএছএছ আব্ৰাহাম লিংকনৰ নেতৃত্বত এখন বিমান বাহক ষ্ট্ৰাইক গ্ৰুপ মোতায়েন কৰা হ'ব । লগতে অতিৰিক্ত বেলিষ্টিক মিছাইল প্ৰতিৰক্ষা-সক্ষম ক্ৰুজাৰ আৰু ধ্বংসকাৰী আৰু এক নতুন যুঁজাৰু স্কোয়াড্ৰন মোতায়েন কৰা হ'ব ।

ইয়াৰ পিচতে হিজবুল্লাহে ঘোষণা কৰে যে তেওঁলোকে উত্তৰ ইজৰাইলৰ বেইট হিল্লেল বসতিত ৰকেট নিক্ষেপ কৰিছে । হিজবুল্লাহে দাবী কৰা মতে দক্ষিণ লেবাননৰ কফাৰ কেলা আৰু দেইৰ চিৰিয়ানৰ ওপৰত ইজৰাইলী আক্ৰমণৰ এয়া প্ৰতিক্ৰিয়া আছিল । শনিবাৰে হিজবুল্লাহে তেওঁলোকৰ দুজন যুঁজাৰুৰ মৃত্যুৰ কথাও ঘোষণা কৰে ।

যুদ্ধ বৃদ্ধিৰ আশংকা :

হানিয়েহৰ হত্যাই আঞ্চলিক যুদ্ধৰ আশংকা বৃদ্ধি কৰিছে । ব্ৰিটেইন আৰু আমেৰিকাই শনিবাৰে লেবাননত থকা তেওঁলোকৰ নাগৰিকসকলক তাৎক্ষণিকভাৱে সেই ঠাই ত্যাগ কৰিবলৈ আহ্বান জনাইছে ।

যুদ্ধ সমাপ্ত কৰাৰ প্ৰচেষ্টাত হানিয়েহ হামাছৰ মুখ্য আলোচনাকাৰী আছিল । তেওঁৰ হত্যাই কাটাৰী, ইজিপ্তিয়ান আৰু আমেৰিকাৰ মধ্যস্থতাকাৰীসকলৰ দ্বাৰা যুদ্ধবিৰতি আৰু বন্দী বিনিময়ৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে । হামাছৰ বিষয়াসকলৰ লগতে ইজৰাইলৰ কিছুমান বিশ্লেষক আৰু প্ৰতিবাদকাৰীয়ে নেতান্যাহুৰ বিৰুদ্ধে তেওঁৰ শাসনাধিষ্ঠ কঠোৰ-সোঁপন্থী মিত্ৰজোঁটৰ সুৰক্ষাৰ বাবে যুদ্ধ দীঘলীয়া কৰাৰ অভিযোগ উত্থাপন কৰিছে । ইজৰাইলৰ কেইবাখনো চহৰত শনিবাৰে প্ৰতিবাদকাৰীসকলে জিম্মি-মুক্তি চুক্তিৰ বাবে তেওঁলোকৰ আহ্বান পুনৰ উত্থাপন কৰে ।

গাজাত ৰোগৰ প্ৰাদুৰ্ভাৱ :

গাজাৰ যুদ্ধই ব্যাপক ধ্বংসৰ সৃষ্টি কৰিছে আৰু অঞ্চলটোৰ প্ৰায় সকলো লোককে প্ৰভাৱিত কৰিছে । ৰাষ্ট্ৰসংঘই শুকুৰবাৰে কৈছে যে জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিছে । যুদ্ধ আৰম্ভ হোৱাৰ ফলত দূষিত খাদ্য আৰু পানীয়ে হেপাটাইটিছ-এৰ প্ৰায় ৪০,০০০ টা ঘটনা পোহৰলৈ আহিছে ।

লগতে পঢ়ক :হামাছৰ সামৰিক শাখাৰ কমাণ্ডাৰ মহম্মদ ডেইফক হত্যা : নিশ্চিত কৰিলে ইজৰাইলে - Hamas Military Wing Leader killed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.