ETV Bharat / international

সমালোচনা তথা দলীয় হেঁচা স্বত্বেও নিৰ্বাচনী যুঁজ অব্যাহত ৰাখিব বাইডেনে - US presidential election 2024 - US PRESIDENTIAL ELECTION 2024

US presidential election 2024: ট্ৰাম্পক পৰাজিত কৰিবলৈ দলীয় একতাৰ প্ৰয়োজন । একাংশ দলীয় নেতাই বাইডেনক নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ পিচতে ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে । সমালোচনা স্বত্বেও তেওঁ নিৰ্বাচনী যুঁজ অব্যাহত ৰখাৰ দাবী কৰিছে ।

US presidential election 2024
সমালোচনা আৰু দলীয় হেঁচা স্বত্বেও নিৰ্বাচনী যুঁজ অব্যাহত ৰাখিব বাইডেনে (ANI)
author img

By ANI

Published : Jul 9, 2024, 8:18 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ জুলাই : সমাগত আমেৰিকাৰ সাধাৰণ নিৰ্বাচন । কিন্তু সম্প্ৰতি ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰাৰ্থিত্বক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে । তেওঁৰ বয়স, মানসিক স্থিতিয়ে তেওঁৰ দল ডেম'ক্ৰেটিক পাৰ্টীৰ বহু নেতাক নিৰাশ কৰিছে । আনকি দলৰ একাংশ দলীয় নেতাই বাইডেনক প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈও আহ্বান জনোৱাৰ তথ্য পোহৰলৈ আহিছে । অৱশ্যে তাৰ মাজতে জ’ বাইডেনে নিজৰ স্থিতি স্পষ্ট কৰিছে ।

ৰাষ্ট্ৰপতি জ’ বাইডেনে প্ৰতিজ্ঞা কৰিছে যে তেওঁ নৱেম্বৰৰ নিৰ্বাচনৰ সমাপ্তিৰ বাবে এই দৌৰ চলাব । সোমবাৰে এখন পত্ৰত কংগ্ৰেছৰ ডেম'ক্ৰেটসকলক কয় যে তেওঁৰ মানসিক স্বাস্থ্যৰ বিষয়ে উদ্বেগ বৃদ্ধি হোৱা স্বত্বেও তেওঁ নিৰ্বাচনী যুঁজ অব্যাহত ৰাখিব । বাইডেনে কয় যে যদি তেওঁ সম্পূৰ্ণৰূপে বিশ্বাস নকৰে যে তেওঁ ডনাল্ড ট্ৰাম্পক পৰাস্ত কৰিব পাৰিব, তেনেহ'লে তেওঁ পুনৰ যুঁজিব নোৱাৰিব ।

বাইডেনে কয় যে সংবাদ মাধ্যম আৰু আন ঠাইত সকলো ধৰণৰ জল্পনা-কল্পনা চলি থকা স্বত্বেও তেওঁ এই দৌৰত থাকিবলৈ আৰু শেষলৈকে এই দৌৰ চলাবলৈ তথা ড’নাল্ড ট্ৰাম্পক পৰাস্ত কৰিবলৈ দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ উল্লেখ কৰা মতে ডেম'ক্ৰেটিক সন্মিলনৰ বাবে ৪২ দিন আৰু সাধাৰণ নিৰ্বাচনলৈ ১১৯ দিন আছে । পত্ৰখনত বাইডেনে তেওঁৰ দলৰ মাজত একতাৰ আহ্বান জনায় । লগতে আগন্তুক নিৰ্বাচনত প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক পৰাস্ত কৰাৰ বাবে এক সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে ।

বাইডেনে কয় যে সংকল্পৰ যিকোনো দুৰ্বলতা বা আগন্তুক কামৰ বিষয়ে স্পষ্টতাৰ অভাৱে ট্ৰাম্পক সহায় কৰাই নহয় দলটোক আঘাত কৰিব । বাইডেনৰ মতে এতিয়া একত্ৰিত হোৱাৰ, এক একত্ৰিত দল হিচাপে আগবাঢ়ি যোৱাৰ আৰু ডনাল্ড ট্ৰাম্পক পৰাজিত কৰাৰ সময় । শেহতীয়াকৈ কেইগৰাকী মান নেতাই বাইডেনক নিৰ্বাচনী যুঁজৰ পৰা আঁতৰি থকাৰ আহ্বান জনোৱাৰ পিচতে বাইডেনে এই পত্ৰখন লিখিছে । অৱশ্যে আন একাংশ নেতাই বাইডেনক সমৰ্থনো কৰিছে । তেওঁলোকৰ মতে ট্ৰাম্পক পৰাজিত কৰিবলৈ বাইডেনৰ বাহিৰে কোনো বিকল্প নাই ।

লগতে পঢ়ক :

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন: জো বাইডেনক প্ৰচাৰৰ পৰা আঁতৰি থকাৰ আহ্বান একাংশ নেতাৰ - Joe Biden

জ' বাইডেন আৰু ট্ৰাম্পৰ যুক্তি-তৰ্ক - US Presidential debate

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.