ETV Bharat / international

আমাজনৰ প্ৰতিষ্ঠাপকলৈ পুনৰ বিশ্বৰ সবাতোকৈ ধনী ব্যক্তিৰ খিতাপ

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 7:29 PM IST

Richest Man of World : ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, টেছলাৰ মুৰব্বী এলন মাস্কক অতিক্ৰম কৰি আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছ বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি হৈ পৰিছে । বেজোছৰ সম্পত্তিৰ মুঠ মূল্য ২০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে । আনহাতে, মাস্কৰ সম্পত্তিৰ মূল্য হৈছে ১৯৮ বিলিয়ন ডলাৰ ।

আমাজনৰ প্ৰতিষ্ঠাপকলৈ পুনৰ বিশ্বৰ সবাতোকৈ ধনী ব্যক্তিৰ খিতাপ
আমাজনৰ প্ৰতিষ্ঠাপকলৈ পুনৰ বিশ্বৰ সবাতোকৈ ধনী ব্যক্তিৰ খিতাপ

ইণ্টাৰনেচনেল ডেস্ক, ৫ মাৰ্চ : সোমবাৰে আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি হিচাপে নিজৰ স্থান পুনৰ ঘূৰাই পাইছে । ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সত ইলন মাস্কৰ স্থানৰ পতন ঘটিছে ।

ট্ৰেকাৰৰ মতে, বেজোছৰ সম্পত্তিৰ মুঠ মূল্য হৈছে 200 বিলিয়ন ডলাৰ । ইয়াৰ দ্বাৰা তেওঁ টেছলা প্ৰধানৰ মুঠ সম্পত্তি মূল্য 198 বিলিয়ন ডলাৰ অতিক্ৰম কৰে ।

আনহাতে, এক্স (পূৰ্বৰ টুইটাৰ) আৰু স্পেচএক্সৰ মুৰব্বী মাস্কৰ ধন-সম্পত্তি 30 বিলিয়ন ডলাৰতকৈও অধিক হ্ৰাস হোৱা দেখা গৈছে । কিয়নো শেহতীয়া মাহবোৰত টেছলাৰ শ্বেয়াৰৰ মূল্য 25 শতাংশ হ্ৰাস পাইছে ।

ইয়াৰ উপৰি মাস্কৰ বাবে আন এক দুখৰ বিষয় হৈছে যে জানুৱাৰী মাহত এখন আদালতে তেওঁৰ বিশাল টেছলা ক্ষতিপূৰণ চুক্তি বাতিল কৰাত অনুমোদন জনায়, যাৰ মূল্য আছিল 55.8 বিলিয়ন ডলাৰ । এই চুক্তি মূলত 2018 চনত কৰা হৈছিল ।

অৱশ্যে বৰ্তমান আমাজন পৰিচালনাৰ পৰা বাহিৰত থকা বেজোছে ই-কমাৰ্চৰ বৰ্ধিত ষ্টক মূল্যৰ পৰা লাভান্বিত হৈছে ।

আনকি শেহতীয়াকৈ 8.5 বিলিয়ন ডলাৰৰ ষ্টক বিক্ৰী কৰাৰ পাছতো তেওঁ কোম্পানীটোৰ সৰ্ববৃহৎ শ্বেয়াৰ-হ'ল্ডাৰ হৈ আছে ।

আনহাতে, বিলাসী গ্ৰুপ এলভিএমএইচৰ ফৰাচী মুখ্য কাৰ্যবাহী বিষয়া বাৰ্ণাৰ্ড আৰ্নাল্ট বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ ৰেংকিঙত তৃতীয় স্থানত আছে । যাৰ সম্পত্তি মূল্য হৈছে 197 বিলিয়ন ডলাৰ ।

উল্লেখ্য যে এই তালিকাৰ চতুৰ্থ স্থানত আছে মাৰ্ক জুকাৰবাৰ্গ । পঞ্চম স্থানত বিল গেটছ, ষষ্ঠ স্থানত ষ্টিভ বালমাৰ, সপ্তম স্থানত ৱাৰেন বাফেট, অষ্টম স্থানত লেৰী এলিছন, নৱম স্থানত লেৰী পেজ আৰু দশম স্থানত আছে ছাৰ্গে ব্ৰিন ।

লগতে পঢ়ক :বিশ্বৰ ১০ টা শীৰ্ষ কোম্পানী কি কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.