ETV Bharat / international

পুনৰ ট্ৰাম্পক হত্যাৰ পৰিকল্পনা ! ৰেলীৰ সময়তে মাৰণাস্ত্ৰসহ এজনক গ্ৰেপ্তাৰ - DONALD TRUMP

US presidential election 2024: ট্ৰাম্পৰ নিৰ্বাচনী ৰেলীৰ সময়তে মাৰণাস্ত্ৰ, ভুৱা পাছপ'ৰ্টসহ এজন লোকক গ্ৰেপ্তাৰ । নিজকে সাংবাদিক বুলি দাবী কৰিছিল লোকজনে ।

US presidential election 2024
তৃতীয়বাৰৰ বাবে ট্ৰাম্পক হত্যাৰ চেষ্টা ! (AP)
author img

By PTI

Published : Oct 14, 2024, 8:05 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ অক্টোবৰ: আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন সমাগত । প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান পাৰ্টীৰ প্ৰাৰ্থী ড'নাল্ড ট্ৰাম্পে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । তেনে এক প্ৰচাৰ ৰেলীৰ সময়তে পিষ্টলসহ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ট্ৰাম্পৰ ৰেলীৰ বাহিৰত তালাচীৰ সময়ত লোকজনৰ পৰা শ্বটগান, গুলীভৰ্তি হেণ্ডগান, গোলাবাৰুদ আৰু কেইবাখনো ভুৱা পাছপ'ৰ্ট উদ্ধাৰ কৰে আৰক্ষীয়ে ।

আৰক্ষীয়ে জনোৱা মতে দক্ষিণ কেলিফৰ্ণিয়াত শনিবাৰে নিশা ড'নাল্ড ট্ৰাম্পৰ ৰেলী আছিল । ৰেলীৰ বাহিৰত আৰক্ষীয়ে চেক পইণ্ট স্থাপন কৰি বাহনসমূহত তালাচী চলাই আছিল । ৰিভাৰচাইড কাউণ্টিৰ শ্বেৰিফ চাড বিয়াংকোৱে দেওবাৰে আবেলি এক সংবাদমেলত কয় যে লাছ ভেগাছৰ বাসিন্দা ৪৯ বছৰীয়া লোকজনে ঘৰতে বনোৱা লাইচেঞ্চ প্লেটৰ সৈতে এখন পঞ্জীভুক্ত ক'লা এছইউভি চলাই আহিছিল । সেই সময়ত লছ এঞ্জেলছৰ পূবৰ কোচেল্লাত ৰেলীত নিয়োজিত আৰক্ষীয়ে বাহনখন ৰখাইছিল ।

সাংবাদিক বুলি পৰিচয় দিছিল

বাহনখনৰ চালকে প্ৰথমে নিজকে সাংবাদিক বুলি দাবী কৰিছিল কিন্তু তেওঁৰ সঠিক প্ৰমাণপত্ৰ আছিল নে নাই সেয়া অস্পষ্ট আছিল । আৰক্ষীয়ে লক্ষ্য কৰিছিল যে বাহনখনৰ ভিতৰভাগ বিশৃংখল অৱস্থাত আছিল আৰু তালাচীৰ সময়ত আৰক্ষীয়ে অস্ত্ৰ আৰু বাৰুদ উদ্ধাৰ কৰে । লগতে বিভিন্ন নামৰ একাধিক পাছপোৰ্ট আৰু চালকৰ অনুজ্ঞাপত্ৰও আৰক্ষীয়ে উদ্ধাৰ কৰে । পাচত আৰক্ষীয়ে নেভাদাৰ বাসিন্দাজনক গ্ৰেপ্তাৰ কৰে ।

জামিনত মুকলি

আৰক্ষীয়ে দাবী কৰা মতে এই ঘটনাই প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্প বা অনুষ্ঠানটোৰ উপস্থিত লোকসকলৰ সুৰক্ষাত কোনোধৰণৰ প্ৰভাৱ পেলাব পৰা নাই । ইফালে লোকজনৰ গ্ৰেপ্তাৰ হোৱাৰ সময়ত ট্ৰাম্প ৰেলীত উপস্থিত হোৱা নাছিল । উল্লেখ্য যে ৫,০০০ ডলাৰ জৰিমনাৰে পাচত লোকজনক জামিনত মুকলি কৰি দিয়া হয় । ২০২৫ চনৰ ২ জানুৱাৰীত আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব ।

পূৰ্বে দুবাৰ ট্ৰাম্পক আক্ৰমণৰ চেষ্টা

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত শেহতীয়াকৈ দুবাৰকৈ ট্ৰাম্পক হত্যাৰ প্ৰচেষ্টা চলোৱা হৈছিল । যাৰ বাবে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ ৰেলীত নিৰাপত্তা অধিক কটকটীয়া কৰা হৈছে । কিন্তু শনিবাৰৰ ঘটনাটোৱে পুনৰ এবাৰ ৰিপাব্লিকান পাৰ্টী আৰু ট্ৰাম্পৰ সমৰ্থকসকলক উদ্বিগ্ন কৰি তুলিছে । আৰক্ষীয়ে সন্দেহ কৰিছে যে কোনো ডাঙৰ ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা আছিল । অৱশ্যে চোৰাংচোৱাই দাবী কৰা মতে ট্ৰাম্পৰ ক্ষেত্ৰত কোনো ভাবুকি নাছিল ।

লগতে পঢ়ক :ইজৰাইলৰ ওপৰত হিজবুল্লাহৰ আক্ৰমণ; ৪ আইডিএফ জোৱান নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.