ETV Bharat / international

দক্ষিণ জাপানত শক্তিশালী ভূমিকম্পৰ জোকাৰণি: ছুনামিৰ আগতীয়া সতৰ্কবাণী - Earthquake in Japan

author img

By PTI

Published : Aug 8, 2024, 5:27 PM IST

Earthquake in Japan : জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা অনুসৰি, ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৭.১ ৰিখটাৰ । ভূমিকম্পটোৰ অভিকেন্দ্ৰ প্ৰায় ৩০ কিলোমিটাৰ (১৮.৬ মাইল) গভীৰতাত জাপানৰ দক্ষিণ মুখ্য দ্বীপ কিউচুৰ পূব উপকূলৰ জলপৃষ্ঠত ।

Earthquake in Japan
প্ৰতিনিধিত্বমূলক ছবি (File Photo)

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ আগষ্ট : বৃহস্পতিবাৰে জাপানৰ দক্ষিণ উপকূলত এক শক্তিশালী ভূমিকম্প সংঘটিত হয় । ইয়াৰ ফলত অঞ্চলটোত ছুনামিৰ আগতীয়া সতৰ্কবাণী জাৰি কৰা হৈছে । আনহাতে, উপকূলৱৰ্তী বাসিন্দাসকলক উপকূল অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছে । অৱশ্যে ভূমিকম্পৰ ফলত তাৎক্ষণিকভাৱে গুৰুতৰ ক্ষয়-ক্ষতিৰ কোনো খবৰ পোৱা হোৱা নাই ।

জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা অনুসৰি, ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৭.১ ৰিখটাৰ । ভূমিকম্পটোৰ অভিকেন্দ্ৰ প্ৰায় ৩০ কিলোমিটাৰ (১৮.৬ মাইল) গভীৰতাত জাপানৰ দক্ষিণ মুখ্য দ্বীপ কিউচুৰ পূব উপকূলৰ জলপৃষ্ঠত ।

ভূমিকম্পটোৰ জোকাৰণি কিউচু দ্বীপৰ মিয়াজাকি প্ৰিফেকচাৰৰ নিচিনান চহৰ আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলবোৰত অধিক শক্তিশালীভাৱে অনুভূত হয় ।

সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, ভূমিকম্পটো সংঘটিত হোৱাৰ প্ৰায় আধা ঘণ্টা পিচত কিউচুৰ দক্ষিণ উপকূল আৰু ওচৰৰ শিকোকু দ্বীপৰ কিছু অংশত ৫০ চেণ্টিমিটাৰতকৈ (১.৬ ফুট) অধিক উচ্চতাৰ ছুনামিৰ ঢৌ ধৰা পৰে ।

আনহাতে, ভূমিকম্প বিশেষজ্ঞসকলে পূৰ্বৰ বিধ্বংসী ভূমিকম্পৰ উৎস নিকটৱৰ্তী নানকাই ট্ৰাফত এই ভূমিকম্পই প্ৰভাৱ পেলাইছেনে নাই তাৰ বিশ্লেষণ কৰিবলৈ এক জৰুৰী সভা অনুষ্ঠিত কৰে ।

মুখ্য কেবিনেট সচিব য়োশিমাচা হায়াছিয়ে কয় যে বিষয়াসকলে সম্ভাৱ্য আঘাত বা গুৰুতৰ ক্ষতিৰ মূল্যাঙ্কন কৰি আছে যদিও তাৎক্ষণিকভাৱে কোনো খবৰ লাভ কৰা নাই । তেওঁ অৱশ্যে ভূমিকম্প প্ৰভাৱিত অঞ্চলৰ বাসিন্দাসকলক উপকূলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় ।

জাপানৰ এন এইচ কে ৰাজহুৱা দূৰদৰ্শনে প্ৰকাশ কৰিছে যে ভূমিকম্পৰ অভিকেন্দ্ৰৰ ওচৰৰ মিয়াজাকি বিমানবন্দৰত খিৰিকী ভঙাৰ খবৰ পোৱা গৈছে ।

নিউক্লিয়াৰ ৰেগুলেচন অথৰিটীয়ে জনোৱা মতে, কিউচু আৰু শিকোকুত বৰ্তমান চলি থকা তিনিটাকে ধৰি 12 টা পাৰমাণৱিক চুল্লিৰ আটাইকেইটা সুৰক্ষিত হৈ আছে ।

উল্লেখ্য যে ২০১১ চনৰ মাৰ্চ মাহত সংঘটিত এক প্ৰচণ্ড ভূমিকম্প আৰু তাৰ ফলত উদ্ভৱ হোৱা ছুনামিৰ ফলত ফুকুশিমা পাৰমাণৱিক দুৰ্যোগৰ সৃষ্টি হয় । সেয়ে পাৰমাণৱিক শক্তি প্ৰকল্প থকা অঞ্চলসমূহত ভূমিকম্প এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ পৰিছে ।

জাপান আছে প্ৰশান্ত মহাসাগৰৰ চাৰিওফালে থকা ভূমিকম্পন ৰেখা প্ৰশান্ত মহাসাগৰৰ 'ৰিং অব ফায়াৰ'ত । ই হৈছে বিশ্বৰ আটাইতকৈ ভূমিকম্পপ্ৰৱণ দেশবোৰৰ ভিতৰত এখন ।

জাপানৰ উত্তৰ-কেন্দ্ৰীয় অঞ্চল নোটোত ১ জানুৱাৰীত সংঘটিত ভূমিকম্পত ২৪০ জনৰো অধিক লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক :বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰতলৈ উভতি অহা একাংশ শিক্ষাৰ্থী - Indian Students in Bangladesh
লগতে পঢ়ক :নেপালত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ :পাইলটসহ 5 চীনা নাগৰিক নিহত - Chopper Crash

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.