ETV Bharat / international

সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সন্দেহত গাজা ষ্ট্ৰিপৰ বাহিৰত বন্দী 3 হাজাৰ ৱাণ্টেড ব্যক্তি

Israel Hamas war : আইডিএফ (ইজৰাইল ডিফেন্স ফ’ৰ্চ)ৰ বাতৰি অনুসৰি গাজাত যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ইয়াৰ কেন্দ্ৰীয় কমাণ্ডৰ বাহিনীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সন্দেহত প্ৰায় 3 হাজাৰ ৱাণ্টেড ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । চেন্ট্ৰেল কমাণ্ডে অন্যান্য কামৰ লগতে যুদিয়া আৰু চমৰীয়া অঞ্চলৰ বাবে দায়ৱদ্ধ ৷ গতিকে সেই 3 হাজাৰ লোক গাজা ষ্ট্ৰিপৰ বাহিৰত বন্দী হৈছিল ।

author img

By ANI

Published : Feb 3, 2024, 8:42 AM IST

সন্ত্ৰাসবাদী কাৰ্যকলাপ
সন্ত্ৰাসবাদী কাৰ্যকলাপ

ইণ্টাৰনেশ্যনেল ডেস্ক, 3 ফেব্ৰুৱাৰী: আইডিএফ (ইজৰাইল ডিফেন্স ফ’ৰ্চ)ৰ বাতৰি অনুসৰি গাজাত যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ইয়াৰ কেন্দ্ৰীয় কমাণ্ডৰ বাহিনীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সন্দেহত প্ৰায় 3 হাজাৰ ৱাণ্টেড ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । চেন্ট্ৰেল কমাণ্ডে অন্যান্য কামৰ লগতে যুদিয়া আৰু চমৰীয়া অঞ্চলৰ বাবে দায়ৱদ্ধ, গতিকে সেই 3 হাজাৰ লোক গাজা ষ্ট্ৰিপৰ বাহিৰত বন্দী হৈছিল ।

16 ঘণ্টাৰো অধিক সময় ধৰি চলি থকা সন্ত্ৰাসবাদীক কৰায়ত্ত কৰাৰ শেহতীয়া অভিযানত আইডিএফৰ শতাধিক সংৰক্ষিত আৰু বিশেষ বাহিনীৰ জোৱানে নিশাটোৰ ভিতৰতে জেৰুজালেমৰ দক্ষিণে বেথলেহমৰ কাষত অৱস্থিত এটজিয়ন ব্ৰিগেডৰ হুছান গাঁৱত সন্ত্ৰাসবাদ বিৰোধী অভিযান সম্পূৰ্ণ কৰে । বাহিনীয়ে 13 জনকৈ ৱাণ্টেড ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে আন কেইবা ডজন সন্দেহযুক্ত লোকক জেৰা কৰাৰ লগতে সন্ত্ৰাসবাদী সংগঠনৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰে ।

জেৰুজালেমৰ উত্তৰত থকা কফাৰ জামাল আৰু কিনেৰেটৰ উত্তৰত ইজৰাইলত অৱস্থিত মাৰ্জ না’জেত অতিৰিক্ত দুজন ৱাণ্টেড ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় । ইজৰাইলী বাহিনীয়ে কোনো লোক হতাহতিৰ হোৱাৰ খবৰ প্ৰকাশ কৰা নাই ।

উল্লেখ্য যে, 100 দিনতকৈও অধিক সময় ধৰি চলি থকা সংঘৰ্ষৰ ফলস্বৰূপে কমেও 3000 মহিলা বিধৱা হৈছে আৰু কমেও 10000 সন্তানে পিতৃহাৰা হ’বলগা হৈছে । আনহাতে, গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে এই সংঘৰ্ষত প্ৰায় 25000 পেলেষ্টাইনী নিহত হৈছে । ইয়াৰে ভিতৰত 70% মহিলা আৰু শিশু । ইফালে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে যে গাজাত জনসংখ্যাৰ এক চতুৰ্থাংশ, আধা নিযুতৰো অধিক লোক অনাহাৰত দিন কটাইছে ।

উল্লেখ্য যে, 7 অক্টোবৰত হামাছে ইজৰাইলত কৰা আক্ৰমণৰ সময়ত প্ৰায় 1200 জন লোক নিহত হৈছিল আৰু প্ৰায় 250 জন লোকক বন্দী কৰি ৰাখিছিল । বৰ্তমান গাজাত শতাধিক লোকক বন্দী কৰি ৰখা হৈছে বুলিও অনুমান কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: ইজৰাইলক ৰক্ষাৰ স্বাৰ্থত প্ৰয়োজনীয় সকলো কাম কৰি যোৱাৰ আশ্বাস নেতান্যাহুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.