ETV Bharat / health

কৰ্কট ৰোগৰ কবলত পৰিব বিচাৰিছে যদি ধঁপাত সেৱন কৰক, যদি নিবিচাৰে তেন্তে... - World No Tobacco Day 2024

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 8:42 PM IST

World No Tobacco Day: ধঁপাতৰ ভয়াৱহতা তথা ইয়াৰ ক্ষতিকাৰক দিশসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে ধঁপাত নিষিদ্ধ দিৱস পালন কৰা হয় ৷ যদি আপুনিও আপোনাৰ স্বাস্থ্য ভালে ৰাখিব বিচাৰে, তেন্তে যিমান সোনকালে সম্ভৱ ধঁপাতজাতীয় সামগ্ৰী, ধঁপাত গ্ৰহণ কৰা বন্ধ কৰক ৷ এই সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এনেদৰে ক’লে ডাঃ দিলীপ সেথিয়াই-

World No Tobacco Day 2024
কৰ্কট ৰোগৰ কবলত পৰিব বিচাৰিছে যদি সেৱন কৰক ধঁপাত; যদি নিবিচাৰে তেন্তে... (ETV BHARAT ASSAM)

গুৱাহাটী, 31 মে’: আজি অৰ্থাৎ ৩১মে'ত বিশ্ব ধঁপাত নিষিদ্ধ বা বিশ্ব ধঁপাত বিৰোধী দিৱস সমগ্ৰ বিশ্বতে পালন কৰা হয় ৷ বিশ্ববাসীক ধঁপাতৰ পৰা হোৱা ৰোগ সম্পৰ্ক সজাগ আৰু সতৰ্ক কৰিবলৈ ১৯৮৭ চনৰ পৰা প্ৰতিবছৰে এই দিৱসৰ আয়োজন কৰি অহা হৈছে ৷ প্ৰতি বছৰে বিশ্বত ধঁপাত সেৱনৰ ফলত ৮ নিযুত লোকৰ মৃত্যু হয় ৷ ইয়াৰে ৭ নিযুত লোকৰ প্ৰত্যক্ষ সেৱনৰ ফলত মৃত্যু হয় ৷ ১ নিযুততকৈ বেছি লোকৰ ধঁপাত সংস্পৰ্শৰ বাবে মৃত্যু হয় ৷

ডাঃ দিলীপ সেথিয়া (ETV BHARAT ASSAM)

ধঁপাত সাধাৰণতে দুই ধৰণৰ থাকে ৷ চোবাই খোৱা (Chewable Tobacco) আৰু ধোঁৱাজাতীয় (Smokable Tobacco) ৷ Smokable Tobaccoৰ ভিতৰত হৈছে চিগাৰেট, চিগাৰ, ইলেকট্ৰনিক চিগাৰেট, হুক্কা আদি ৷ আনহাতে Chewable Tobaccoৰ ভিতৰত আছে পাণ মচলা, গুটখা, জৰ্দা আদি ৷ এই আটাইবোৰেই স্বাস্থ্যৰ বাবে অপকাৰী ৷ এটা চিগাৰেট সেৱনৰ ফলত আপোনাৰ জীৱনৰ ৭ মিনিট সময় কমি যায় ৷

কৰ্কট ৰোগৰ এটা প্ৰধান কাৰণ হৈছে ধঁপাত সেৱন ৷ ধঁপাত সেৱনৰ ফলত মুখৰ কৰ্কট ৰোগ, হাওঁফাওঁৰ কৰ্কট ৰোগ, ডিঙিৰ কৰ্কট ৰোগ হোৱা দেখা যায় ৷ ইয়াৰোপৰি হাৰ্টৰ পৰা আৰম্ভ কৰি মানসিক আদি ভিন্ন ধৰণৰ সমস্যাত ভুগিব পাৰে ৷

বৰ্তমান সময়ত নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ মাজত এই ধঁপাত সেৱনৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ প্ৰথমাৱস্থাত এয়া বন্ধুৰ লগত পৰি খোৱা যায় যদিও লাহে লাহে ই কেতিয়া এক অভ্যাসলৈ পৰিণত হয় সেয়া ব্যক্তিয়ে গমেই নাপায় আৰু এই অভ্যাসটো শেষত এৰিব নোৱৰা হৈ যায় ৷ বহুতে আকৌ ধঁপাত সেৱন এটা আধুনিক জীৱন-যাপনৰ শৈলী বুলিও ভাবে ৷ যাৰ ফলত ধঁপাতযুক্ত সামগ্ৰীৰ গ্ৰাসত এজন ব্যক্তি দিনক দিনে বেয়াৰ পৰা বেয়া পৰ্যায়ত উপনীত হয় ৷

গুটখা আদি চোবাই বা বহুতে চাধা মুখত ভৰাই দাঁত আৰু আলুৰ মাজত থৈ দিয়ে ৷ বছৰৰ পাচত বছৰ ধৰি এই প্ৰক্ৰিয়া কৰি অহাৰ ফলত মুখৰ কৰ্কট ৰোগৰ সৃষ্টি হয় ৷ গুটখা আদি খাই ভালদৰে মুখখন চাফা নকৰাৰ ফলত দাঁত পোকে খোৱাও দেখা পোৱা যায় ৷ আনহাতে তামোল, গুটখা আদি দাঁতৰ মাজত ৰৈ যোৱাৰ ফলত বহুতে এইবোৰ দাঁতৰ মাজৰ পৰা খুচৰি-খুচৰি উলিয়াই থাকে ৷ এনকৈ খুচৰি থকাৰ বাবে দুটা দাঁতৰ মাজৰ ব্যৱধান সেইটো বৃদ্ধি পায় ৷ ইয়াৰোপৰি দাঁতৰ আলু পৰ্যন্ত ফুলি যায়, দাঁতৰ পৰা তেজ ওলাবলৈ ধৰে ৷

ধঁপাতমুক্ত কৰি তুলিবলৈ কেনেধৰণৰ সজাগতা হাতত ল’ব লাগে

বৰ্তমান সময়ত বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে গুটখাসমূহৰ বিজ্ঞাপন প্ৰচাৰ কৰা দেখা যায় ৷ যাৰ ফলত নৱ প্ৰজন্মকে ধৰি বহুলোক ইয়াৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায় ৷ সেয়ে এইসমূহ বন্ধ কৰিব লাগে ৷ ইয়াৰ যি খেতি সেয়া কমাই দিয়াৰ ক্ষেত্ৰত চৰকাৰী পদক্ষেপ গ্ৰহণ কৰাটো খুবেই জৰুৰী ৷

লগতে পঢ়ক: যুৱক-যুৱতীৰ মাজত কিয় দিনক দিনে বৃদ্ধি পাইছে ধূমপানৰ আসক্তি ? - World No Tobacco Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.