ETV Bharat / health

কেতিয়াবা খুব মিঠা খাদ্য খাবলৈ মন যায় নেকি ? কিয় এনেকুৱা হয় জানেনে - DIABETES

মিঠা বস্তু খোৱাৰ হেঁপাহ বহু ৰোগৰ মূল কাৰণ, কিন্তু তথাপিও বহুলোকে ইয়াৰ প্ৰতি আসক্ত ৷ কিন্তু কি কাৰণত কিয় এনেকুৱা হয় কেতিয়াবা ভাবি চাইছেনে ?

What's Really Behind Your Sugar Cravings?
কেতিয়াবা খুব মিঠা খাদ্য খাবলৈ মন যায় নেকি ? কিয় এনেকুৱা হয় জানেনে (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Dec 9, 2024, 3:40 PM IST

আমাৰ মাজত এনে বহুলোক আছে যিয়ে মিঠা খাদ্য খোৱাৰ প্ৰতি অভ্যস্ত, যেতিয়া আমাৰ মিঠা খাদ্য খোৱাৰ প্ৰতি তীব্ৰ ইচ্ছা জাগে ইয়াক ছুগাৰ ক্ৰেভিং বুলি কোৱা হয় আৰু মিঠা খাদ্য খাই ভালপোৱা লোকৰ ক্ষেত্ৰত এই ইচ্ছাক নিয়ন্ত্ৰণ বা পৰিচালনা কৰাটো কঠিন হৈ পৰে ৷

আমি জানো যে অধিক চেনি গ্ৰহণ কৰাৰ ফলত মেদবহুলতা, ডায়েবেটিছ আৰু হৃদৰোগৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে, তথাপিও এই অভ্যাস নিয়ন্ত্ৰণ কৰাটো সহজ নহয় ৷ আমাৰ মাজত এনে বহুলোক আছে যিয়ে মিঠা খাদ্য হেঁপাহ পলুৱাই খাব বিচাৰে কিন্তু পিচলৈ বহু ৰোগৰ সন্মূখীন হ’বলগীয়া হয় ৷ কিন্তু কেতিয়াবা ভাবিছেনে এনেকুৱা আমাৰ সৈতে কিয় হয় ? আজি এই বিষয়ে বিশেষজ্ঞৰ পৰাই জানো আহক-

মিঠাৰ প্ৰতি লোভ বৃদ্ধি হোৱাৰ কাৰণ

১/ তেজৰ চেনিৰ ভাৰসাম্যহীনতা (Blood Sugar Imbalance)

চেনি সমৃদ্ধ খাদ্য বা পানীয় সেৱন কৰিলে ৰক্ত শৰ্কৰাৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায় ৷ তাৰ পিচত ৰক্ত শৰ্কৰাৰ মাত্ৰা শৰীৰত দ্ৰুতগতিত হ্ৰাস পায় ৷ ইয়াৰ ফলত শৰীৰে পুনৰ শৰ্কৰাৰ মাত্ৰা বজাই ৰাখিবলৈ মিঠা খাদ্য খোৱাৰ প্ৰতি লোভ বৃদ্ধি কৰে ৷

২/ আৱেগিক খাদ্যাভ্যাস (Emotional Eating)

বহুতে মিঠা খাদ্যক লৈ আৱেগিক হৈ পৰে কাৰণ ই মনক সকাহ দিয়াত আৰু মানসিক চাপ দূৰ কৰাত সহায় কৰে ৷ ইয়াৰ উৎকৃষ্ট সোৱাদে শৰীৰত ড’পামিন মুক্ত কৰাত সহায় কৰে, যিটো নিউৰ’ট্ৰান্সমিটাৰ যিয়ে ভাল অনুভৱৰ সৃষ্টি কৰে আৰু নেতিতবাচক আৱেগৰ পৰা সাময়িকভাৱে সকাহ দিয়ে ৷

৩/ মিঠাৰ প্ৰতি অভ্যস্ত (Sweet Addiction)

নিয়মিতভাৱে চেনি খোৱা লোকসকলে মিঠা খাদ্য়ৰ প্ৰতি আসক্ত হৈ পৰে, যিটো ত্যাগ কৰাটো পিচলৈ খুব কঠিন হৈ পৰে কাৰণ এনে লোকৰ মাজত চেনিৰ প্ৰতি আসক্তি বৃদ্ধি পায় ৷ এই অভ্যাস যিমানেই নিয়ন্ত্ৰণ কৰিব সিমানেই আপোনাৰ স্বাস্থ্যৰ বাবে ভাল হ’ব ৷

৪/ পুষ্টিৰ অভাৱ (Nutritional Deficiencies)

কিছুমান পুষ্টিকৰ উপাদান যেনে মেগনেছিয়াম, জিংক বা ক্ৰ’মিয়ামৰ অভাৱে চেনিৰ লোভত অৰিহণা যোগাব পাৰে ৷ এই পুষ্টিকৰ উপাদানসমূহে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু মিঠাৰ প্ৰতি লোভ হ্ৰাস কৰিব পাৰে ৷

৫/ খাদ্য বাদ দিয়া (Skipping Meals)

বৰ্তমানৰ ব্যস্ততাৰে ভৰা এই জীৱনত বহুতে পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ সময় নাপায়, কিছুমানে আকৌ কৰ্ম ব্যস্ততাৰ ফলত দুপৰীয়াৰ আহাৰ এৰি দিয়ে ৷ আন বহুতে কেতিয়াবা ভাগৰুৱা হৈ ৰাতি সোনকালে শুই যায় আৰু ৰাতিৰ আহাৰ গ্ৰহণ নকৰে ৷ কিন্তু আমি আপোনালোকক জনাই দিও যে তিনিওটা সময়তে খাদ্য খোৱাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ, যদি ইয়াৰে কোনো এটাৰো অভাৱ হয় তেন্তে মিঠা খাদ্যৰ প্ৰতি লোভ বৃদ্ধি পাব পাৰে ৷

লগতে পঢ়ক: ডায়েবেটিছ ৰোগীয়ে ফুলকবি খাব পাৰেনে ? কি কয় বিশেষজ্ঞই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.