ETV Bharat / health

কি হয় স্কিন চাইকেলিং ? যিয়ে আপোনাৰ ছালক দিব পাৰে এটি নতুন জীৱন - Skin Cycling

author img

By ETV Bharat Health Team

Published : Sep 16, 2024, 1:22 PM IST

Skin Cycling: স্কিন চাইকেলিঙৰ ফলত সক্ৰিয় উপাদান প্ৰয়োগ কৰা আৰু ছালখনক জিৰণি ল’বলৈ দিয়া হয় । ইয়াৰ উপকাৰিতা তথা ই কেনেকৈ আমাৰ ছালক সুস্থ কৰি ৰাখিব পাৰে তথা এই সন্দৰ্ভত গৱেষণাই কি কয় জানি লওক-

What is skin cycling, the trend that everyone is talking about
স্কিন চাইকেলিঙে আপোনাৰ ছালক দিব পাৰে এটি নতুন জীৱন...এই সন্দৰ্ভত গৱেষণাই কি কয় ? (CANVA)

ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডত থকা স্কিনকেয়াৰৰ ৰুটিনৰ সৈতে জড়িত খুবেই চৰ্চিত এটি ট্ৰেণ্ড হ’ল স্কিন চাইকেলিং । স্কিন চাইকেলিং হৈছে ছালৰ যত্নৰ ৰুটিনৰ এক অভিনৱ পদ্ধতি যিয়ে ছালৰ বাবে জিৰণি কিমান জৰুৰী সেই ধাৰণাটোক অগ্ৰাধিকাৰ দিয়ে ।

এখন ভাল ছালৰ গৰাকী হ’বলৈ কিছুমান সহজ নিয়ম আছে । নিয়মিতভাৱে পৰিষ্কাৰ কৰা, মইশ্ব’ৰাইজ কৰা, আৰু সদায় এছ পি এফ প্ৰয়োগ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ । কিন্তু প্ৰত্যেক নিশা এই আটাইবোৰ প্ৰসাধন সামগ্ৰী প্ৰয়োগ কৰাৰ সলনি, কেৱল ছালৰ এক্সফোলিয়েচনৰ বাবে সক্ৰিয় উপাদান (যেনে ৰেটিনল), আৰু কেৱল মইশ্ব'ৰাইজাৰ ব্যৱহাৰ কৰি ছালৰ পুনৰুদ্ধাৰ কৰিব পৰা যায় ।

এই পদ্ধতিয়ে আপোনাৰ ছালখনক এডজাষ্ট কৰিবলৈ দি এক্টিভৰ সুবিধা সৰ্বাধিক কৰাৰ লগতে ছালৰ বিৰক্তি কম কৰে । ছালৰ যত্ন লোৱা বহুলোকে বিশ্বাস কৰে যে ই আমাৰ ছালৰ বাবে খুবেই উপকাৰী হ’ব পাৰে, বিশেষকৈ যিসকলৰ ছাল খুবেই সংবেদনশীল বা যিসকলে ছালৰ যত্নৰ সামগ্ৰী নতুনকৈ ব্যৱহাৰ কৰিবলৈ ওলাইছে তেওঁলোকৰ বাবে এয়া খুবেই উপকাৰী ৷

Academic Alliance In Dermatologyৰ মতে, স্কিন চাইকেলিঙে এক্সফ’লিয়েণ্ট আৰু ৰেটিন’ইডৰ দৰে উপাদানৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়া প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে কাৰণ ই আপোনাৰ ছালক নিজাববীয়াকৈ মেৰামতি কৰাৰ সুযোগ লাভ কৰে ।

স্কিন চাইকেলিং মানে কি ?

ছালৰ বিশেষজ্ঞ জয়শ্ৰী শাৰদে সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰা এটি ভিডিঅ’যোগে দিয়া তথ্য অনুসৰি, স্কিন চাইকেলিং এক জটিল প্ৰক্ৰিয়া যেন লাগিব পাৰে, কিন্তু ই কম-বেছি কৌশলৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে যিয়ে আপোনাৰ ছালক সুৰক্ষিত কৰাৰ লগতে সুস্থ দেখা ছাল প্ৰদান কৰাত সহায় কৰে ।

ইয়াৰ আৰম্ভণি কৰিবলৈ আপুনি ছালৰ যত্নৰ চাৰিদিনীয়া সন্ধিয়াৰ সময়সূচী অনুসৰণ কৰাৰ লগতে প্ৰত্যেক নিশা আপোনাৰ ছালৰ বাবে এটি গুৰুত্বপূৰ্ণ সামগ্ৰী বাচনি কৰক । প্ৰথম নিশা এক্সফোলিয়েচনৰ পৰা আৰম্ভ কৰক, আৰু তাৰ পিচত দ্বিতীয় নিশা ৰেটিনল । তৃতীয় আৰু চতুৰ্থ নিশা ছালক সুৰক্ষা দিয়াৰ বাবে ছিৰাম আৰু মইশ্ব’ৰাইজাৰৰ প্ৰয়োগ কৰিব লাগে । তাৰ পিচত এই চক্ৰটো সপ্তাহত চাৰি দিন পুনৰাবৃত্তি কৰক ৷

স্কিন চাইকেলিংৰ কি কি উপকাৰিতা আছে ?

স্কিন চাইকেলিংৰ কিছুমান উপকাৰিতাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল:

১/ ছালক পুনৰ মেৰামতি কৰিব পাৰে

স্কিন চাইকেলিং ট্ৰেণ্ডে আপোনাৰ ছালৰ সৈতে জড়িত বাধা দূৰ কৰি ছালক পুনৰ মেৰামতি কৰাটো পূৰ্বৰ তুলনাত সহজ কৰি তুলিছে । এই পদ্ধতিয়ে আপোনাৰ ছালখনক প্ৰয়োজনীয় পুষ্টিকৰ উপাদান আৰু পানী প্ৰদান কৰে । ২০১৮ চনত ইণ্ডিয়ান জাৰ্নেল অৱ মেডিকেল ৰিচাৰ্চত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ছালৰ বাধাই আপোনাক সংক্ৰমণ, কঠোৰ ৰাসায়নিক পদাৰ্থ, এলাৰ্জীৰ পৰাও ৰক্ষা কৰে ।

২/ ছালত পৰা বিৰূপ প্ৰভাৱ কম কৰিব পাৰে

আপুনি আপোনাৰ ছালৰ যত্নৰ বাবে কঠোৰ ৰুটিন অনুসৰণ কৰি কৰি ভাগৰি পৰিছে নেকি ? তেন্তে আপোনাৰ ছালৰ যত্নৰ ৰুটিনত স্কিন চাইকেলিং প্ৰক্ৰিয়াক অন্তৰ্ভুক্ত কৰক । ইয়াৰ ফলত ছালৰ যত্নৰ সামগ্ৰী যেনে বিষ, জ্বলা-পোৰা বা ব্ৰেকআউট আদিৰ সম্ভাব্য প্ৰভাৱ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে । অৱশ্যে এই দাবীক প্ৰমাণ কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন ।

৩/ এক্টিভৰ প্ৰভাৱ সৰ্বাধিক কৰিব পাৰে

যদি আপুনি স্কিন চাইকেলিঙৰ ৰুটিন অনুসৰণ কৰিবলৈ ওলাইছে তেন্তে এই ক্ষেত্ৰত ৰেটিনলৰ দৰে এক্টিভ অধিক ফলপ্ৰসূ হ’ব পাৰে । স্কিন চাইকেলিঙৰ ফলত আপোনাৰ ছালখনে ৰাসায়নিক পদাৰ্থৰ লগত খাপ খাব পাৰে, যাৰ ফলত সময়ৰ লগে লগে ভাল ফলাফল আপুনি পাব পাৰে ।

৪/ সংবেদনশীল ছালৰ বাবে উত্তম

যদি আপোনাৰ ছাল সংবেদনশীল, তেন্তে জিৰণি আৰু হাইড্ৰেচন যি স্কিন চাইকেলিঙৰ মূল কাম ইয়াক আপুনি আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰি আপোনাৰ ছালক সদায় সুস্থ কৰি ৰাখিব পাৰে । লগতে আপোনাৰ ছালৰ জ্বলা, পোৰা, শালমন আদি সমস্যাৰ পৰাও আপুনি নিজৰ ছালখনক সুৰক্ষিত ৰাখিব পাৰে ৷

স্কিন চাইকেলিঙৰ সাম্ভাব্য পাৰ্শ্বক্ৰিয়া

১/ ছালৰ সংবেদনশীলতা বৃদ্ধি কৰে

আপুনি যেতিয়া প্ৰথমবাৰৰ বাবে স্কিন চাইকেলিং আৰম্ভ কৰে, তেতিয়া আপুনি ছালৰ পাৰ্জিং বা সংবেদনশীলতা বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিব পাৰে, বিশেষকৈ যদি আপুনি ৰেটিন'ইড বা এএইচএ/বিএইচএৰ দৰে নতুন এক্সফোলিয়েটিং প্ৰডাক্ট ব্যৱহাৰ কৰে ।

২/ শুকান বা বিৰক্তিৰ সৃষ্টি কৰিব পাৰে

আপুনি প্ৰথমবাৰৰ বাবে স্কিন চাইকেলিং আৰম্ভ কৰাৰ সময়ত শুকানতা বা বিৰক্তি অনুভৱ কৰিব পাৰে, বিশেষকৈ যদি আপুনি নতুন এক্সফোলিয়েটিং প্ৰডাক্ট ব্যৱহাৰ কৰে । প্ৰতি নিশা এক্সফোলিয়েটিং উপাদান ব্যৱহাৰ কৰাৰ তুলনাত স্কিন চাইকেলিঙৰ ফলত ছালৰ বিষ, জ্বলা, ষ্টিং বা ফ্লেকিং হোৱাৰ সম্ভাৱনা কম হ’ব পাৰে । কিন্তু এইটো মনত ৰখাটো ভাল যে সকলোৰে ছালৰ ধৰণ বেলেগ বেলেগ, গতিকে যদি কোনো প্ৰডাক্ট কাৰোবাৰ ছালৰ সৈতে খাপ খাইছে সেয়া জৰুৰী নহয় যে সেয়া আপোনাৰ ছালতো খাপ খাব । আপুনি সদায় আপোনাৰ ছালৰ ধৰণ অনুসৰি ছালৰ যত্নৰ সামগ্ৰী ব্যৱহাৰ কৰা উচিত ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

Ref:-https://www.usdermatologypartners.com/blog/what-is-skin-cycling/

https://www.academicallderm.com/what-is-skin-cycling-transform-your-skincare-routine/

লগতে পঢ়ক: গ্ৰীষ্মকালত নষ্ট হৈ পৰিছে হাত-ভৰিৰ ছাল ? সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তৰ পৰা জানি লওক উপায় - Skin Care

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.