আজিৰ সময়ত পৰিৱৰ্তিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসক বহু ৰোগৰ মূল বুলি গণ্য কৰা হয় ৷ কৰ্মৰ চাপৰ বাবে মানুহে সময়মতে খাব পৰা নাই, শান্তিৰে শুবও নোৱাৰে ৷ লগতে দিনটোৰ বেছিভাগ যিসকলে সময় স্ক্ৰীণৰ আগত কটায় যেনে, মোবাইল, লেপটপ বা টেলিভিছন তেনে লোকৰ ক্ষেত্ৰত এই সমস্যা অধিক হোৱা দেখা যায় ৷ জানো আহক, মাইগ্ৰেইন কি, মাইগ্ৰেইনৰ লক্ষণ আৰু প্ৰতিকাৰ কি কি ইত্যাদি ৷
মাইগ্ৰেইন কি ?
মাইগ্ৰেইন হৈছে এক প্ৰকাৰৰ মূৰৰ বিষ, যিটো সাধাৰণতে মূৰৰ আধা অংশত হয় ৷ ইয়াৰ কাৰণ হ’ব পাৰে মগজুৰ স্নায়ুতন্ত্ৰৰ বিকাৰ ৷ এই ৰোগত প্ৰায়ে মূৰত সামান্য আৰু তীব্ৰ বিষ হয় ৷ কিন্তু সাধাৰণ মূৰৰ বিষৰ পৰা ই একেবাৰে পৃথক ৷ এই বিষ যিকোনো সময়তে হ’ব পাৰে, যিটো সহ্য কৰাটো অতি কঠিন হৈ পৰে ৷ ই এক সাধাৰণ স্বাস্থ্যজনিত বিকাৰ, প্ৰায় ৫ গৰাকী মহিলাৰ ভিতৰত ১ গৰাকী আৰু ১৫ গৰাকী পুৰুষৰ ভিতৰত ১ গৰাকী আক্ৰান্ত হয় ৷ মাইগ্ৰেইনত মূৰৰ বিষৰ সময় কেইঘণ্টামানৰ পৰা কেইবাদিনলৈ হ’ব পাৰে ৷
মাইগ্ৰেইনৰ লক্ষণসমূহ কি কি ?
এটা সময়ত মূৰৰ বিষৰ সমস্যাই সকলোকে নিশ্চয় অশান্তি দিছে, কিন্তু সাধাৰণ মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ মূৰৰ বিষৰ মাজত পাৰ্থক্য কৰিব জানেনে ? যদি নাই, তেন্তে ইয়াত আমি আপোনালোকক ক’ম মাইগ্ৰেইনৰ মূৰৰ বিষৰ লক্ষণ কি কি ৷ মাইগ্ৰেইনৰ মূৰৰ বিষক ‘অ’ৰা’ বুলি চিনাক্ত কৰা হয়, অ’ৰা মানে দৃষ্টিশক্তিৰ সমস্যা ৷ ইয়াত ৰোগীয়ে জিলিকি থকা লাইট আৰু বেঁকা ৰেখা দেখা পায় ৷ ইয়াৰ লক্ষণসমূহ এনেধৰণৰ:-
- চকুৰ আগত ক’লা দাগ
- ছালত বিন্ধাৰ দৰে অনুভূতি
- দুৰ্বল অনুভৱ কৰা
- চকুৰ তলত ক’লা দাগ
- অতিপাত খং উঠা
- খিংখিঙীয়া হোৱা
- মূৰৰ এটা ফালে বিষ হোৱা
- পোহৰ আৰু শব্দৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি পায়
মাইগ্ৰেইনৰ কাৰণ কি ?
মাইগ্ৰেইনৰ কাৰণ হ’ল মগজুৰ স্নায়ু, ৰাসায়নিক পদাৰ্থ আৰু ৰক্তবাহী নলীৰ সাময়িক পৰিৱৰ্তন, যাৰ ফলত মূৰত অসহ্যকৰ আৰু তীব্ৰ বিষ হয় ৷ অৱশ্যে মাইগ্ৰেইনৰ কোনো নিৰ্দিষ্ট কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ কিন্তু কিছুমান বিশেষ কাৰকে মাইগ্ৰেইনৰ সূচনা কৰিব পাৰে, য’ত মগজুৰ ৰাসায়নিক পদাৰ্থৰ পৰিৱৰ্তন জড়িত হৈ থাকে ৷ ইয়াৰ ৰাসায়নিক পদাৰ্থৰ ভাৰসাম্যহীনতা বিশেষকৈ চেৰ’টনিনৰ বাবেই আৰম্ভ হয় ৷
মাইগ্ৰেইনৰ সূচনা কৰা মূল কাৰণসমূহ এনেধৰণৰ:-
- শৰীৰ হাইড্ৰেটেড নোহোৱাৰ সমস্যা
- অত্যধিক চিন্তা
- অত্যধিক মানসিক চাপ
- মহিলাৰ হৰম’নৰ পৰিৱৰ্তন
- উজ্জ্বল পোহৰ
- শক্তিশালী ধ্বনি
- টোপনিৰ পৰিৱৰ্তন
- চিগাৰেট খোৱা আৰু মদ্যপান কৰা
- অত্যধিক গৰম
- প্ৰবল গোন্ধ
মাইগ্ৰেইন কিমান প্ৰকাৰৰ হয় ?
যদিও মাইগ্ৰেইন বহু প্ৰকাৰ আছে, তথাপিও কিছুমান এনেধৰণৰ:-
- ক্ৰনিক মাইগ্ৰেইন– ক্ৰনিক মাইগ্ৰেইনত প্ৰতিমাহে ১৫ দিনতকৈ অধিক সময়ৰ বিষ হয় ৷
- পিৰিয়ড মাইগ্ৰেইন– পিৰিয়ডৰ সময়ত এই মাইগ্ৰেইন অনুভৱ কৰা হয় ৷
- এব্ধ’মিনেল মাইগ্ৰেইন– ১৪ বছৰৰ তলৰ শিশুৰ এব্ধ’মিনেল মাইগ্ৰেইন হয়, যিটো অন্ত্ৰ আৰু পেটৰ অনিয়মিত কাৰ্যক্ষমতাৰ বাবে হ’ব পাৰে ৷
- ভেণ্টিকুলাৰ মাইগ্ৰেইন– তীব্ৰ মূৰ ঘূৰোৱা এই ধৰণৰ মাইগ্ৰেইনৰ এটা লক্ষণ ৷
- হেমিপ্লেজিক মাইগ্ৰেইন– এই ধৰণৰ মাইগ্ৰেইনত শৰীৰৰ এফালে সাময়িকভাৱে দুৰ্বলতা দেখা যায় ৷
মাইগ্ৰেইন কেনেকৈ নিৰাময় হয় ?
মাইগ্ৰেইনৰ চিকিৎসা কেনেকৈ কৰা হয় জানেনে ? আপুনি জানি আচৰিত হ’ব যে মাইগ্ৰেইনৰ চিকিৎসা সম্পূৰ্ণৰূপে সম্ভৱ নহয়, কিন্তু চিকিৎসকৰ পৰামৰ্শ আৰু কিছু ঔষধৰ জৰিয়তে আপুনি মাইগ্ৰেইনৰ বিষ কম কৰিব পাৰে ৷ ইয়াৰ লক্ষণসমূহৰ চিকিৎসা কৰি আপুনি ইয়াক সহজে নিয়ন্ত্ৰণ কৰিব পাৰে ৷ চিকিৎসকে তলত দিয়া কথাবোৰৰ ওপৰত ভিত্তি কৰি আপোনাৰ চিকিৎসা আৰম্ভ কৰে:-
- ৰোগীৰ বয়স
- মাইগ্ৰেইনৰ বিষ কেতিয়া আৰু কিমান দিন হয়
- মাইগ্ৰেইনৰ বিষৰ ধৰণ
- বিষ কিমান দিনলৈ থাকে আৰু কিমান ভয়াৱহ
- মূৰৰ বিষৰ বাহিৰে আন যিকোনো লক্ষণ
- মাইগ্ৰেইনৰ ফলত মূৰৰ বাহিৰে আন ঠাইত বিষ হয়
মাইগ্ৰেইনৰ অসুবিধা কি কি ?
মাইগ্ৰেইনৰ দৰে সমস্যাই শৰীৰৰ বহু অংশত আক্ৰান্ত কৰে ৷ ইয়াৰ ফলত সৃষ্টি হোৱা মানসিক আৰু শাৰীৰিক সমস্যা দিনক দিনে বাঢ়ি যায় ৷ মাইগ্ৰেইনৰ কি ক্ষতি হয় জানো আহক:-
- মাইগ্ৰেইনে শৰীৰৰ ৰক্ত সঞ্চালনত প্ৰভাৱ পেলায়, যাৰ বাবে হাৰ্ট এটেকৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷
- ইয়াৰ ফলত মানসিক চাপৰ সৃষ্টিও হয়, যাৰ বাবে ব্যক্তিজন হতাশাত ভুগিব পাৰে ৷
- যদি আপোনাৰ চকুৰ মাইগ্ৰেইন হয় তেন্তে ই আপোনাৰ চকুৰ ক্ষতি কৰাৰ লগতে চকুলৈ তেজৰ সোঁত কমাই দিব পাৰে ৷
- ইয়াৰ ফলত আপোনাৰ উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পায় ৷