ETV Bharat / health

পেইন কিলাৰে আমাৰ স্বাস্থ্যৰ কেনেধৰণৰ ক্ষতিসাধন কৰে জানেনে ?

Painkiller: পেইন কিলাৰে কিছু সময়ৰ বাবে বিষৰ পৰা সকাহ দিয়ে ঠিকেই, কিন্তু আপুনি ভাবিব নোৱাৰাকৈ ই আমাৰ শৰীৰৰ ক্ষতিও কৰে ৷ হয়, শেহতীয়া এক অধ্যয়নত পোহৰলৈ অহা মতে, অত্যধিক পৰিমাণে 'পেইন কিলাৰ' গ্ৰহণ কৰাটোয়ে স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে ৷ সেয়ে আজি ‘পেইন কিলাৰ’ৰ ভয়াৱহতাৰ বিষয়ে জানো আহক-

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 2:32 PM IST

What are the negative effects painkillers have on your body?
পেইন কিলাৰে আমাৰ স্বাস্থ্যৰ কেনেধৰণৰ ক্ষতিসাধন কৰে জানেনে ?

শৰীৰত যিকোনো প্ৰকাৰৰ বিষ হ’লেই আমি ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি যিমান পাৰি সিমান সোনকালে 'পেইন কিলাৰ' খাওঁ ৷ বিশেষকৈ মূৰৰ বিষত ৷ আনকি ঋতুস্ৰাৱৰ সময়তো পেটৰ অসহনীয় বিষৰ বাবে মহিলাসকলে 'পেইন কিলাৰ' গ্ৰহণ কৰে ৷'

পেইন কিলাৰে কিছু সময়ৰ বাবে বিষৰ পৰা সকাহ দিয়ে ঠিকেই, কিন্তু আপুনি ভাবিব নোৱাৰাকৈ ই আমাৰ শৰীৰৰ ক্ষতিও কৰে ৷ হয়, শেহতীয়া এক অধ্যয়নত পোহৰলৈ অহা মতে, অত্যধিক পৰিমাণে 'পেইন কিলাৰ' গ্ৰহণ কৰাটোয়ে স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে ৷ আনকি ই মৃত্যুৰ আশংকাও বৃদ্ধি কৰে ৷ যিসকলে পেৰাচিটামল, এচপিৰিন আৰু আইবুপ্ৰফেনৰ দৰে ঔষধ অত্যধিক ব্যৱহাৰ কৰে, সময়ৰ সৈতে তেওঁলোকৰ মূৰৰ বিষৰ সমস্যা বৃদ্ধিহে হয় ৷ আজি ‘পেইন কিলাৰ’ৰ ভয়াৱহতাৰ বিষয়ে জানো আহক-

হ্ৰাস কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা

‘পেইন কিলাৰ’য়ে আমাৰ শৰীৰটোক ভিতৰৰ পৰা ফোপোলা কৰে ৷ সঘনাই ‘পেইন কিলাৰ’ খাই থাকিলে ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে ৷ যাৰ বাবে আমাৰ শৰীৰটো দুৰ্বল হৈ পৰে ৷ এই ঔষধবোৰে মগজুকো বেয়াকৈ প্ৰভাৱিত কৰে ৷ ‘পেইন কিলাৰ’য়ে শৰীৰৰ "ভাল অনুভৱ" কৰোৱা হৰমনৰো ক্ষতি কৰে ৷

কিডনীৰ ক্ষতি

‘পেইন কিলাৰ’ গ্ৰহণ কৰি থাকিলে ই কিডনীক প্ৰভাৱিত কৰে ৷ যেতিয়া আপুনি ‘পেইন কিলাৰ’ অত্যধিক গ্ৰহণ কৰে, তেতিয়া কিডনীয়ে এই ঔষধবোৰৰ পৰা বিষাক্ত পদাৰ্থ জমা কৰে, যাৰ ফলত যকৃতৰ নষ্ট হয় ৷

হৃদযন্ত্ৰৰ ৰোগ

বহুলোকে বিষ উপশম কৰিবলৈ ‘পেইন কিলাৰ’ৰ বেজী লয় ৷ ইয়াৰ ফলত ঔষধটো পোনপটীয়াকৈ তেজৰ প্ৰবাহলৈ যায়, যিয়ে হৃদযন্ত্ৰক প্ৰভাৱিত কৰে ৷ আনহাতে, দীৰ্ঘদিন ধৰি ‘পেইন কিলাৰ’ৰ ব্যৱহাৰৰ ফলত হৃদআক্ৰমণ হ'ব পাৰে ৷

পাচন তন্ত্ৰৰো কৰে ক্ষতি

অত্যধিক ‘পেইন কিলাৰ’ৰ ব্যৱহাৰে পেটৰ সমস্যাও সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ ফলত কোষ্ঠকাঠিন্য, পেট ফুলাকে ধৰি পেট সম্পৰ্কীয় বহু সমস্যা হব পাৰে ৷ সেয়েহে, যিমান পাৰে ‘পেইন কিলাৰ’ৰ পৰা দূৰত থাকিব ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: Postpartum Depressionত ভুগিছে অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজ, পোষ্ট শ্বেয়াৰ কৰি জনালে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.