ETV Bharat / health

পুৱা খালী পেটত পানী খোৱাৰ এই উপকাৰিতা জানি আচৰিত হৈ পৰিব আপুনিও - Drinking Water on Empty Stomach

author img

By ETV Bharat Health Team

Published : Jun 9, 2024, 2:19 PM IST

Drinking Water Empty Stomach : আপুনি নিশ্চয় বয়োজ্যেষ্ঠসকলৰ পৰা প্ৰায়ে শুনিছে যে পুৱা সাৰ পোৱাৰ লগে লগে খালী পেটতে পানী খাব লাগে । কিন্তু কিয় এনে কৰিব লাগে জানেনে ? আহক আজি আমি ইয়াৰ কিছুমান আচৰিত উপকাৰিতাৰ বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানিবলৈ চেষ্টা কৰো আহক-

You get such amazing benefits by drinking water on an empty stomach in the morning
পুৱা খালী পেটত পানী খোৱাৰ এই উপকাৰিতা জানি আচৰিত হৈ পৰিব আপুনিও (FREEPIK)

পানী আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী ইয়াৰ বিষয়ে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনৰ নাই ৷ কিন্তু আপুনি জানেনে কিছুমান বিশেষ সময়ত ইয়াক পান কৰিলে ইয়াৰ উপকাৰিতা আৰু দুগুণ বৃদ্ধি পায় ৷ বিশেষকৈ পুৱা খালী পেটত ৷

হয়, খালী পেটত পানীৰে দিনটোৰ আৰম্ভণি কৰিলে কি লাভ হয় সেই বিষয়ে আপুনি জানি আচৰিত হ’ব ৷ জীৱনশৈলীত এই অভ্যাস গ্ৰহণ কৰিলে স্বাস্থ্যৰ বাবে কিমান উপকাৰিতা সাধন কৰে ৷ আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ৷

এবাৰ পুৱা খালী পেটত পানী খোৱাৰ অভ্যায় গঢ়ি লওক ৷ ইয়াৰ পিচত আপুনিও পুৱা প্ৰথমে চাহ বা কফি খোৱাৰ অভ্যাস সলনি কৰি এই অভ্যাস গঢ়ি তুলিবলৈ নিশ্চয়কৈ বাধ্য হ'ব ৷ পুৱা খালী পেটত পানী খালে কি কি লাভ হয় তলত উল্লেখ কৰা হ’ল-

ওজন হ্ৰাস কৰাত সহায় কৰে

পুৱা সাৰ পোৱাৰ লগে লগে কুহুমীয়া পানী সেৱন কৰিলে ওজন কমোৱাত যথেষ্ট লাভদায়ক হয় ৷ এইখিনিতে কওঁ যে, নেমুৰ ৰস আৰু মৌ দিও ইয়াক পান কৰিব পাৰে, যিয়ে চৰ্বি সোনকালে কমোৱাত সহায় কৰে ৷ এনে পৰিস্থিতিত যদি আপোনাৰো পুৱা সাৰ পোৱাৰ লগে লগে চাহ বা কফি খোৱাৰ অভ্যাস আছে, তেন্তে ইয়াক সলনি কৰক ৷

হজম শক্তি উন্নত কৰে

পুৱা খালী পেটত পানী খালে পাচনতন্ত্ৰৰ সমস্যাৰ পৰা সকাহ পোৱা যায় ৷ আপোনালোকক জনাই দিও যে, ইয়াৰ দ্বাৰা শৰীৰত উপস্থিত থকা বিষাক্ত পদাৰ্থবোৰ আঁতৰাই স্বাস্থ্যৰ বাবে বহুতো উপকাৰিতা সাধন কৰে ৷ যদি আপোনাক প্ৰায়ে গেছ, এচিডিটি আৰু বদহজমৰ দৰে সমস্যাই আমনি কৰে, তেন্তে এই অভ্যাস গ্ৰহণ কৰিলে আপুনি যথেষ্ট সকাহ পাব পাৰে ৷

ছালৰ বাবে উপকাৰী

পুৱা সাৰ পোৱাৰ পিচত খালী পেটত পানী খোৱাটোৱে শৰীৰটোকে নহয়, ছালখনো হাইড্ৰেট কৰি ৰাখে ৷ ই আপোনাক এখন উজ্বল ছাল প্ৰদান কৰাত সহায় কৰে আৰু যিহেতু ই শৰীৰক বিষমুক্ত কৰে, সেয়েহে ই পিম্পলছ বা শালমইনা আৰু ব্ৰণ বা ছালত পৰা ক’লা দাগৰ সমস্যাৰ পৰাও বহু সকাহ দিয়ে ৷

কোষ্ঠকাঠিন্যৰ পৰা উপশম দিয়ে

পুৱা খালী পেটত পানী খালে পাচনতন্ত্ৰ শক্তিশালী হোৱাই নহয়, কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও সকাহ পোৱা যায় ৷ ইয়াৰ বাবে মল কোমল হৈ পৰে আৰু শৰীৰৰ দূষিত পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰে ৷

লগতে পঢ়ক : প্লাষ্টিকৰ বটলত পানী খায় নেকি ? তেন্তে সৰ্বনাশ! - Drinking Water in Plastic Bottle

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.