ETV Bharat / health

বাতবিষৰ সমস্যাৰ পৰা সকাহ পাবলৈ আজিয়েই খাবলৈ আৰম্ভ কৰক এই খাদ্য - বাতবিষৰ সমস্যা

Arthritis: প্ৰায়ে বয়স বৃদ্ধিৰ লগে লগে গাঁঠিবোৰ দুৰ্বল হৈ পৰে যাৰ বাবে বাতবিষৰ সমস্যাও হ’ব পাৰে । ইয়াৰ ফলত গাঁঠিবোৰ ফুলিবলৈ আৰম্ভ কৰে আৰু অতিপাত বিষ হয় । গতিকে প্ৰদাহ নিবাৰণকাৰী গুণ থকা এই খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি এই সমস্যাৰ পৰা সকাহ পাব পাৰে । তেন্তে পলম নকৰি জানো আহক কোনবোৰ খাদ্য সামগ্ৰীয়ে বাতবিষৰ প্ৰদাহ হ্ৰাস কৰাত সক্ষম-

To reduce arthritis pain, make these foods rich in anti-inflammatory properties a part of your diet
বাতবিষৰ সমস্যাৰ পৰা সকাহ পাবলৈ আজিয়েই খাবলৈ আৰম্ভ কৰক এই খাদ্য
author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 12:26 PM IST

কিছুমান খাদ্য আছে যিবোৰত বহুতো পুষ্টিকৰ উপাদান থাকে ৷ ইয়াৰ সহায়ত আমাৰ শৰীৰে বহু ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তিলাভ কৰাৰ লগতে সুস্থ হৈ থাকিব পাৰে ৷ কিছুমান খাদ্য প্ৰদাহ নিবাৰণকাৰী গুণৰ বাবে জনাজাত, যাৰ বাবে ই শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাত অতি সহায়ক ৷ বাতবিষ (Arthritis) এনে এক ৰোগ, য’ত গাঁঠিবোৰ ফুলাটো বাঢ়ি যায় আৰু ইয়াৰ বাবেই যথেষ্ট বিষ অনুভৱ হয় ৷

বাতবিষৰ সমস্যা কম কৰিবলৈ এনে খাদ্য সামগ্ৰী খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে, যাৰ ফলত ইয়াৰ প্ৰদাহ কমোৱাত সহায়ক হ’ব পাৰে ৷ সেয়ে আজি আমি আপোনালোকক এনেধৰণৰ খাদ্যৰ বিষয়ে জনাবলৈ ওলাইছো, যিয়ে আপোনাক বাতবিষৰ বিষ কমোৱাত সহায় কৰিব পাৰে ৷ বাতবিষৰ প্ৰদাহ কমোৱাৰ বাবে খাদ্য তালিকাত কোনবোৰ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে জানো আহক-

পানী লাও

পানী লাওৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে ফুলা কমোৱাত সহায় কৰে ৷

পালেং শাক

পালেং শাকত ভিটামিন কে আৰু এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে প্ৰদাহ কমোৱাত সহায় কৰে ৷

ব্ৰকলি

ইয়াত ছালফ’ৰাফেন থাকে, যিয়ে প্ৰদাহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷

তুলসী

তুলসীৰ এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে ৷

মাছৰ তেল

মাছৰ তেলে ওমেগা-৩ ফেটি এচিডৰ ফলত হোৱা প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে ৷

তিল

তিলত এন্টিঅক্সিডেন্ট থাকে, যিয়ে প্ৰদাহ কমোৱাত সহায় কৰে ৷

আখৰোট

ওমেগা-৩ ফেটি এচিড আৰু আন বহুতো পুষ্টিকৰ উপাদান আখৰোটত পোৱা যায়, যিয়ে প্ৰদাহ কমোৱাত সহায় কৰে ৷ ইয়াৰ উপৰিও শাৰীৰিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে ৷

জামু

জামুত এন্টিঅক্সিডেন্ট থাকে যিয়ে প্ৰদাহ কমোৱাত সহায় কৰে ৷

আদা

আদাত জিঞ্জাৰল আৰু জিঞ্জিবেৰিন থাকে, যাৰ ফলত প্ৰদাহ কমায় ৷

হালধি

হালধিত কাৰকুমিন থাকে, যিয়ে প্ৰদাহ কমোৱাত সহায় কৰে ৷

চিয়া বীজ

চিয়া বীজত ওমেগা-৩ ফেটি এচিড আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে প্ৰদাহ কমোৱাত সহায় কৰে ৷

লগতে পঢ়ক: কেতিয়া আৰু কোনে ৰঙালাউ খাব নালাগে ? জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.