টিকমগড়(মধ্যপ্ৰদেশ), 9 মাৰ্চ: দেশজুৰি চৰ্চালৈ আহিছে এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৷ এগৰাকী ক্ৰীড়াপ্ৰেমী তথা ফুটবল খেলুৱৈ হিচাবেও পৰিচিত খলিল মহম্মদ নামৰ লোকজন চৰ্চালৈ আহিছে এক অদ্ভুত কাৰণত ৷ কাৰণ তেওঁৰ দেহত দুটা নহয়, দেখা গৈছে তিনিটা বৃক্ক ৷
- " class="align-text-top noRightClick twitterSection" data="">
পেটত এক অদ্ভুত বিষ আৰু প্ৰস্ৰাৱ কৰোঁতে হোৱা জ্বলাপোৰাৰ পিচতেই এই অস্বাভাৱিক ঘটনা পোহৰলৈ আহে ৷ প্ৰথম অৱস্থাত তেওঁ পেটৰ বিষ আৰু জ্বলাপোৰাক সহজভাৱেই লৈ সাধাৰণ চিকিৎসা গ্ৰহণ কৰি আছিল ৷ কিন্তু তেওঁ সেই বিষৰ পৰা উপশম পোৱা নাছিল ৷ সেয়েহে তেওঁ এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপে আৰু আৰু জানিব পাৰে যে তেওঁৰ দেহত তিনিটা বৃক্কৰ অৱস্থিতি লাভ কৰা গৈছে ৷ যাক চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় সংখ্যাধিক্য বৃক্ক (Supernumerary kidney)৷ বিশেষজ্ঞসকলৰ মতে চিকিৎসা বিজ্ঞানৰ ইতিহাসত সমগ্ৰ বিশ্বতে এনেধৰণৰ ঘটনা এইপৰ্যন্ত 100 ৰো কম দেখা গৈছে ৷
উল্লেখ্য যে খলিল মহম্মদ নামৰ 64 বছৰীয়া লোকজনৰ ঘৰ মধ্যপ্ৰদেশৰ টিকমগড় চহৰৰ লক্ষদখানাত ৷ অৱসৰৰ পিচতো তেওঁ নিজকে সুস্থ ৰাখিবলৈ ক্ৰীড়াৰ লগত জড়িত হৈ আছিল ৷ আনদিনাৰ দৰে এদিন তেওঁ ফুটবল খেলি থকাৰ অৱস্থাত হঠাতে পেটৰ বিষত আক্ৰান্ত হয় ৷ পৰৱৰ্তী সময়ত প্ৰস্ৰাৱ কৰোঁতে তেওঁৰ শৰীৰত জিনজিননিৰ সৃষ্টি হয় আৰু জ্বলাপোৰা হয় ।
বিশেষজ্ঞ চিকিৎসকৰ কাষ চপাৰ পিচত তেওঁ তিনিটা বৃক্ক থকাৰ কথা জানিব পাৰে ৷ যাৰ ফলত তেওঁ প্ৰস্ৰাৱৰ সময়ত বিষ আৰু জ্বলাপোৰা অনুভৱ কৰে ৷ পৰীক্ষাৰ অন্তত চিকিৎসকে দেখা পায় যে তেওঁৰ শৰীৰৰ সোঁফালে দুটা বৃক্ক আৰু বাওঁফালে এটা বৃক্ক আছে ৷
সম্প্ৰতি চিকিৎসকে তেওঁক কিছু সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে । তৃতীয়টো বৃক্কৰ বাবে সৃষ্টি হোৱা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ খলিল মহম্মদক বেঁকা নহ'বলৈ কোৱা হৈছে ৷ প্ৰস্ৰাৱৰ সময়ত জিনজিননি আৰু জ্বলাপোৰা অনুভৱ পৰিহাৰ কৰিবলৈ দৈনিক 6 ৰ পৰা 7 লিটাৰ পানী খাবলৈ পৰামৰ্শ দিয়া হৈছে । অৱশ্যে, চাইকেল চলোৱা আৰু দৌৰা সকলোবোৰ আগৰ দৰেই কৰি থাকিব পাৰিব বুলি জনায় চিকিৎসকে ৷
দুটা বিক্ক একেস্থানত থকাৰ বাবে ষ্টন হোৱাৰ সম্ভাৱনা থাকে ৷ ফলত মূত্ৰনলী বন্ধ হোৱাৰো সম্ভাৱনা আছে বুলি জনায় চিকিৎসকে ৷ সম্প্ৰতি খলিল মহম্মদক চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে ৷
লগতে পঢ়ক: গয়াত গণনা কৰা হয় গৰুৰ ৰাশিফল