ETV Bharat / health

গেছ-বদহজমৰ সমস্যা দূৰ কৰাত ফলপ্ৰসূ এই তিনিটা যোগাসন - International Yoga Day

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 5:56 PM IST

Yoga Poses to Relieve Gas and Bloating: যদি হজম শক্তি সঠিক নহয় তেন্তে আপোনাৰ স্বাস্থ্যই বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । এনে পৰিস্থিতিত পাচনতন্ত্ৰ সুস্থ কৰি ৰখাৰ লগতে গেছৰ দৰে সমস্যা দূৰ কৰাত যোগাসন অতি ফলপ্ৰসূ ৷ আজি এনে কেইবিধমান যোগাসনৰ বিষয়ে জানো আহক-

These yoga poses can help you relieve gas and bloating problems
গেছ-বদহজমৰ সমস্যা দূৰ কৰাত ফলপ্ৰসূ এই তিনিটা যোগাসন (FREEPIK)

আমাৰ পৰিৱৰ্তিত জীৱনশৈলীত আমি প্ৰায়ে হজম শক্তিৰ লগত জড়িত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ দৰাচলতে ইয়াৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল বেয়া খাদ্যাভ্যাস আৰু কম শাৰীৰিক কাৰ্যকলাপ ৷ সেয়েহে মানুহৰ মাজত কোষ্ঠকাঠিন্য, পেট ফুলা, বদহজম আদি বহু সমস্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ এনে পৰিস্থিতিত হজম শক্তি সুস্থ কৰি ৰাখিবলৈ কিছুমান যোগাসনৰ সহায় ল’ব পাৰি ৷

পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত যোগাসন অতি সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে ৷ যোগৰ বহু উপকাৰিতাৰ বিষয়ে মানুহক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ৷ পাচনতন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কিছু যোগাসনৰ বিষয়ে জানো আহক-

পদহস্তাসন

Padahastasana
পদহস্তাসন (FREEPIK)

পদহস্তাসনে ষ্ট্ৰেচ হ্ৰাস আৰু ৰক্ত সঞ্চালন উন্নত কৰে ৷ ইয়াৰ উপৰিও ই পেটত মৃদু চাপ প্ৰয়োগ কৰি পাচন অংগসমূহক উদ্দীপিত কৰে আৰু পাচনতন্ত্ৰ উন্নত কৰে ৷ গতিকে দৈনিক পদহস্তাসন কৰিলে পাচনতন্ত্ৰৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি ৷

এই আসনটো কৰিবলৈ ভৰি দুখন ভাঁজ কৰি থিয় হৈ দীঘলকৈ উশাহ এটা লৈ হাত দুখন ওপৰলৈ টানক ৷ এতিয়া উশাহ এৰি দিওঁতে আগলৈ হাউলি হাতেৰে ভৰি দুখন স্পৰ্শ কৰিবলৈ চেষ্টা কৰক ৷ ১৫-২০ ছেকেণ্ড এই অৱস্থাত থাকিব আৰু তাৰ পিচত লাহে লাহে পোন হৈ দিয়ক ৷

ভূজংগাসন

Bhujangasana
ভূজংগাসন (FREEPIK)

ভূজংগাসন কৰিলে আপোনাৰ পেটৰ পেশীবোৰত টান পৰে আৰু পাচনতন্ত্ৰৰ ক্ৰিয়া উন্নত হয় ৷ ইয়াৰ ফলত পেটৰ চৰ্বি কমোৱাতো সহায় হয় ৷ গতিকে এই আসন দৈনিক কৰিলে হজম শক্তিৰ বাবে অতি উপকাৰী ৷

এই আসনটো কৰিবলৈ পেটটো মাটিত পেলাই শুই যাওক, পিচত হাত দুখন কান্ধৰ ওচৰত ৰাখি মূৰ আৰু বুকুখন লাহে লাহে ওপৰলৈ উঠাবলৈ চেষ্টা কৰক ৷ এনেদৰে কৰক যাতে মূৰ আৰু বুকুখন অলপ পিচলৈ বেঁকা হৈ থাকে ৷ ১৫-৩০ ছেকেণ্ড এই অৱস্থাত থাকিব আৰু তাৰ পিচত জিৰণি লওক ৷

ধনুৰাসন

Dhanurasana
ধনুৰাসন (FREEPIK)

ধনুৰাসন কৰিলে পেটৰ পেশীবোৰ ষ্ট্ৰেচিং হয় আৰু পেটৰ অংগবোৰৰ ভাল মালিচ হয় ৷ এনে কৰিলে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায় ৷ এই আসন পাচনতন্ত্ৰৰ লগত জড়িত সকলো অংগৰ বাবে উপকাৰী ৷

এই আসনটো কৰিবলৈ মাটিত পেট পেলাই শুই যাওক আৰু আপোনাৰ হাত দুখন কান্ধৰ ওচৰত ৰাখক ৷ এতিয়া লাহে লাহে নিজকে ওপৰলৈ তুলি নিয়াৰ চেষ্টা কৰক ৷ এতিয়া ভৰি দুখন বেঁকা কৰি নিতম্বৰ ওচৰলৈ আনি এখন হাতেৰে ভৰিখন ধৰি ৰাখক আৰু তাৰ পিচত আনখন হাতেৰেও একেদৰেই কৰক ৷ ইয়াৰ ফলত আপোনাৰ শৰীৰৰ আকৃতি ধনুৰ দৰে দেখা যাব ৷ এতিয়া এই অৱস্থাত ৩০ ছেকেণ্ড অপেক্ষা কৰক আৰু তাৰ পিচত দীঘল উশাহ লওক ৷

লগতে পঢ়ক: এই তিনিটা যোগাসন কৰিলে পাব পাৰে গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.