ETV Bharat / health

প্ৰস্ৰাৱ কৰাৰ সময়ত এই লক্ষণ দেখিলে সাৱধান হওক ! - Uric Acid - URIC ACID

Uric Acid: যদি আপুনিও প্ৰস্ৰাৱ কৰাৰ সময়ত এইসমূহ সমস্যাৰ সন্মুখীন হয়, তেন্তে আজিয়েই সাৱধান হওক আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ কাৰণ এয়া হ’ব পাৰে ইউৰিক এচিডৰ লক্ষণ ।

These symptoms of urine indicate that uric acid has increased in Your Body
প্ৰস্ৰাৱ কৰাৰ সময়ত এই লক্ষণ দেখিলে সাৱধান হওক! (CANVA)
author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 4:20 PM IST

ইউৰিক এচিড হৈছে আমাৰ শৰীৰত উৎপন্ন হোৱা বিষাক্ত পদাৰ্থ যিটো বৃক্কই ফিল্টাৰ কৰি প্ৰস্ৰাৱৰ যোগেদি শৰীৰৰ পৰা আঁতৰাই দিয়ে ৷ কিন্তু যেতিয়া ইয়াৰ পৰিমাণ শৰীৰত বৃদ্ধি পায় তেতিয়া বৃক্কই ইয়াক ফিল্টাৰ কৰিবলৈ সক্ষম নহয় ৷ ইয়াৰ বাবেই ইউৰিক এচিড শৰীৰৰ গাঁঠিত পাথৰৰ ৰূপত জমা হ’বলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত ইয়াৰ বাবে গাঁঠিবোৰত ফুলা আৰু বিষ আৰম্ভ হয় আৰু মানুহে উঠোতে-বহোতে বহুতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷

These symptoms of urine indicate that uric acid has increased in Your Body
প্ৰস্ৰাৱ কৰাৰ সময়ত এই লক্ষণ দেখিলে সাৱধান হওক! (CANVA)

সঠিক সময়ত ইউৰিক এচিডৰ চিকিৎসা নকৰিলে ক্ৰমান্বয়ে ই গাউটৰ ৰূপ ল’ব ৷ এনে পৰিস্থিতিত প্ৰস্ৰাৱৰ জৰিয়তে ইউৰিক এচিড বেছি হয় নে নহয় সেয়া জনাটো খুবেই জৰুৰী ৷ যদি আপুনি প্ৰস্ৰাৱ কৰাৰ সময়ত তলত উল্লেখিত এই লক্ষণসমূহ দেখিছে তেন্তে আজিয়েই সাৱধান হওক আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক-

প্ৰস্ৰাৱ কৰাৰ সময়ত হোৱা সমস্যাসমূহ:

প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা: যদি প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰাৰ সমস্যা UTIৰ বাবে নহয়, তেন্তে ইউৰিক এচিডৰ পৰীক্ষা কৰাওক ৷ তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’লে প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰাৰ সমস্যাই দেখা দিব পাৰে ৷

প্ৰস্ৰাৱ কৰাৰ সময়ত দুৰ্গন্ধ: ইউৰিক এচিড বৃদ্ধিৰ বাবে প্ৰস্ৰাৱত অতি প্ৰবল দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত যদি প্ৰস্ৰাৱ কৰি থাকোঁতে অতিপাত গোন্ধ ওলায়, তেন্তে তাক আওকাণ কৰাৰ পৰিৱৰ্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷

প্ৰস্ৰাৱৰ ৰং সলনি: ইউৰিক এচিড বৃদ্ধি হ’লে প্ৰস্ৰাৱৰ ৰং মটীয়া হ’বলৈ আৰম্ভ কৰে ৷ প্ৰস্ৰাৱ কৰাৰ সময়ত আপুনি জ্বলা-পোৰা অনুভৱ কৰিব পাৰে কিছুমান ক্ষেত্ৰত প্ৰস্ৰাৱত তেজো ওলাব পাৰে ৷

অত্যধিক প্ৰস্ৰাৱ: সঘনাই প্ৰস্ৰাৱ হ’লে শৰীৰত ডিহাইড্ৰেচনৰ সমস্যাই দেখা দিয়ে ৷ ইউৰিক এচিড ৰোগীৰ ক্ষেত্ৰত পানীৰ অভাৱত বৃক্বই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত ব্যৰ্থ হয় ৷ যদি আপুনি ইউৰিক এচিডৰ ইয়াৰে এটা লক্ষণো যদি লক্ষ্য কৰে তেন্তে তেন্তে তৎক্ষণাত আপোনাৰ স্বাস্থ্য পৰীক্ষা কৰাওক ৷

প্ৰস্ৰাৱত তেজ: শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হ’লে শৰীৰত পানীৰ অভাৱ হ’ব পাৰে আৰু পানীৰ অভাৱৰ বাবে আপোনাৰ প্ৰস্ৰাৱৰ জৰিয়তে তেজ বাহিৰ হ’ব পাৰে ৷ যদি আপুনিও প্ৰস্ৰাৱত এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক ৷

লগতে পঢ়ক: শৰীৰত ইউৰিক এচিড বেছি হৈছে নেকি ? তেন্তে এয়া লওক সমাধান - Uric Acid Control Tips In Ayurveda

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.