আজিৰ যুগত য’ত সকলোৱে ধন সঞ্চয় কৰি ভৱিষ্যতৰ উন্নতি সাধনৰ চেষ্টা চলাইছে, তেনে সময়ত কিছুমান এনে লোক আছে, যিয়ে চিন্তা নকৰাকৈয়ে অযথা ধন খৰচ কৰে । জ্যোতিষশাস্ত্ৰত এনেধৰণৰ কিছুমান ৰাশিৰ কথা উল্লেখ আছে ।
এই ৰাশিৰ লোকসকলৰ কম-বেছি পৰিমাণে টকা থাকিলেও খৰচৰ ক্ষেত্ৰত আগৰণুৱা । তেওঁলোকে আনৰ লগতে নিজৰ বাবেও ধন খৰচ কৰাত পিছপৰি নাথাকে । এনে 5 টা ৰাশিৰ বিষয়ে জানো আহক-
শেহতীয়াকৈ জনপ্ৰিয় জ্যোতিশাস্ত্ৰবিদ অৰুণ পণ্ডিতে এটি ভিডিঅ’ৰ জৰিয়তে 5 টা খৰচী ৰাশিৰ বিষয়ে উল্লেখ কৰে, চাও আহক এই ৰাশিসমূহনো কি কি-
- মেষ ৰাশি
টকা খৰচ কৰাৰ ক্ষেত্ৰত মেষ ৰাশি কেতিয়াও পিছপৰি নাথাকে ৷ কেতিয়াবা এনেও হয় যে, তেওঁলোকে যি বস্তু ক্ৰয় কৰি আছে, সেয়া বাস্তৱত তেওঁলোকৰ বাবে মূল্যৱান হয়নে নহয় ৷
উপায়- ধন খৰচ পূৰ্বে বহু চিন্তা-চৰ্চা কৰা উচিত ৷ ভৱিষ্যতে ধনৰ নাটনি যাতে নহয়, তাৰ বাবে ধন সঞ্চয় কৰাৰ প্ৰয়াস কৰক ৷
- বৃষ ৰাশি
যাৰ গ্ৰহই শুক্ৰ, তেনে লোকে খৰচ কৰাৰ ক্ষেত্ৰত কেনেকৈ পিছপৰি থাকিব পাৰে ৷ বিলাসিতাৰ ক্ষেত্ৰত খৰচ কৰাটো এই ৰাশিৰ বাবে তেনেই স্বাভাৱিক ৷ এনে লোকে সদায় পৰিপাটি জীৱন অতিবাহিত কৰিবলৈ পছন্দ কৰে ৷ দামী বস্তু, সেয়া লাগিলে খাদ্যই হওক বা বস্ত্ৰই হওক বা থকা ঠাইয়েই হওক এনেক্ষেত্ৰত এই ৰাশিৰ লোকে খুবেই খৰচ কৰে ৷
উপায়- ভাবি-চিন্তিহে ধন খৰচ কৰক ৷ নিজৰ আৱেগ আৰু বিবেকক কাবু কৰি ৰখাৰ চেষ্টা কৰক ৷ লগতে ভৱিষ্যতৰ বাবে এতিয়াৰ পৰাই ধন সঞ্চয় কৰাৰ প্ৰয়াস কৰক ৷
- মিথুন ৰাশি
মিথুন ৰাশিৰ লোকসকলে খৰচ কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে ৷ এক কথাত ক’বলৈ গ’লে যেতিয়াই এনে লোকৰ হাতলৈ ধন-সম্পত্তিৰ আগমন ঘটে, এই বিষয়ে মানুহে জানিবই ৷
উপায়- ধন খৰচৰ পূৰ্বে বহু চিন্তা-চৰ্চা কৰা উচিত ৷ ভৱিষ্যতে ধনৰ নাটনি যাতে নহয়, তাৰ বাবে ধন সঞ্চয় কৰাৰ প্ৰয়াস কৰক ৷
- সিংহ ৰাশি
এনে লোকে নিজৰ মান-সন্মান তথা আনক কেতিয়াবা দেখুৱাবৰ বাবে খুবেই ধন খৰচ কৰে ৷ কেতিয়াবা নিজতকৈ আনক দামী উপহাৰ দিবৰ বাবেও খুব খৰচ কৰে ৷
উপায়- ধন অপচয় কৰাৰ পৰিবৰ্তে আপোনাৰ ধন কোনোবা এনে স্থানত ৰাখক, যাৰ লাভ আপুনি ভৱিষ্যতে পাব পাৰে ৷
- তুলা ৰাশি
এনে লোকৰ হাতত ধন থাকিলে বিভিন্ন বস্তু ক্ৰয় কৰাৰ হাবিয়াস বাঢ়ি যায় ৷ এই ৰাশিৰ লোকৰ যদি এবাৰ কোনো বস্তু পচন্দ হৈ যায়, তেন্তে তাৰ মূল্য চোৱাটোও তেওঁলোকৰ বাবে জৰুৰী নহয় ৷ ভাল কাপোৰ-কানি, জোতা-ঘড়ীৰ প্ৰতি এই ৰাশিৰ লোক খুবেই আকৰ্ষিত হয় । কিন্তু তুলা ৰাশিৰ লোক খুব সোনকালেই যিকোনো বস্তুৰ পৰা আমনি পাবলৈ ধৰে আৰু তৎক্ষণাত নতুন বস্তু ক্ৰয় কৰাৰ প্ৰতি ইচ্ছা জাগিবলৈ ধৰে ৷
উপায়- খুব সোনকালে নহ’লেও লাহে লাহে ধনৰ গুৰুত্ব বুজা উচিত ৷ অত্যাৱশ্যকীয় বস্তুতহে খৰচ কৰিবলৈ চেষ্টা কৰক । কাৰণ আপোনাৰ ধনে আপোনাকে ভৱিষ্যতে হ’ব পৰা কোনো ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে ৷