ETV Bharat / health

শৰীৰৰ পৰা কেলচিয়ামৰ অভাৱ দূৰ কৰিবলৈ খাওক এই ৫বিধ খাদ্য

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 5:09 PM IST

Calcium Deficiency: কেলচিয়াম হাড়ৰ লগতে সমগ্ৰ শৰীৰৰ বাবে খুবেই জৰুৰী । এনে পৰিস্থিতিত শৰীৰত ইয়াৰ পৰ্যাপ্ত পৰিমাণ নিশ্চিত কৰাটো আপোনাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় । সেয়ে জানো আহক কিদৰে আমাৰ শৰীৰৰ পৰা অভাৱ দূৰ কৰিব পাৰি-

How To Prevent Calcium Deficiency
শৰীৰৰ পৰা কেলচিয়ামৰ অভাৱ দূৰ কৰিবলৈ খাওক এই ৫বিধ খাদ্য দ্বাৰা

কেলচিয়াম হৈছে শৰীৰত থকা এক খনিজ পদাৰ্থ ৷ ই মূলতঃ হাড় আৰু দাঁতৰ স্বাস্থ্যৰ লগত জড়িত ৷ অৱশ্যে ই তেজ জমা হোৱা, পেশী সংকোচন, স্বাভাৱিক হৃদস্পন্দন আৰু স্নায়ুতন্ত্ৰৰ কাৰ্যক্ষমতাত সহায় কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এনে পৰিস্থিতিত ইয়াৰ অভাৱৰ বাবে বহুতো গুৰুতৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে ৷

কেলচিয়ামৰ অভাৱৰ বাবে কি কি সমস্যাৰ সৃষ্টি হয় ? শৰীৰত এই খনিজ পদাৰ্থৰ অত্যধিক অভাৱৰ অৱস্থাক হাইপ’কেলচিয়াম বুলি কোৱা হয় ৷ ইয়াৰ বাবেই বৃক্ক বিকল হোৱা, হতাশা, স্নায়ুজনিত সমস্যা আদি গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ কিন্তু খাদ্যৰ পৰা শৰীৰে পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম নাপালে এনে হয় ৷ এনে পৰিস্থিতিত হাৰ্ভাৰ্ডৰ পৰামৰ্শ অনুসৰি এই কেলচিয়াম সমৃদ্ধ খাদ্যসমূহ দৈনিক সেৱন কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷

  • গাখীৰ

গাখীৰক কেলচিয়ামৰ উত্তম উৎস বুলি গণ্য কৰা হয় ৷ এনে পৰিস্থিতিত আপুনি দৈনিক গৰু, ম’হ, ছাগলী বা দুৰ্গযুক্ত উদ্ভিদ ভিত্তিক গাখীৰ যেনে চ’য়া, কাঠবাদাম বা চাউলৰ গাখীৰ খাব পাৰে ৷

  • পনিৰ

পনিৰ অতি জনপ্ৰিয় দুগ্ধজাত সামগ্ৰী ৷ নিয়মিতভাৱে সেৱন কৰিলে কেলচিয়ামৰ লগতে প্ৰ’টিন, ভিটামিন বি ১২, ভিটামিন এ আদি পুষ্টিকৰ উপাদান লাভ কৰিব পাৰি ৷

  • কাঠবাদাম

আচলতে কাঠবাদাম স্মৃতিশক্তি চোকা কৰাৰ বাবে বেছি পৰিচিত ৷ কিন্তু ই কেলচিয়ামৰ ভাল উৎসও ৷ কেৱল এয়াই নহয়, ভিটামিন ই, মনোচেচুৰেটেড ফেট, ফাইবাৰ, বায়’টিন, কপাৰ, মেগনেছিয়াম আদি পুষ্টিও ইয়াত থাকে, যাৰ বাবে ইয়াৰ নিয়মীয়া সেৱন স্বাস্থ্যৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয় ৷

  • পালেং শাক

যিসকলে দুগ্ধজাত সামগ্ৰী নাখায় তেওঁলোকৰ বাবে কেলচিয়াম যোগান ধৰাৰ বাবে পালেং এটি উত্তম বিকল্প ৷ যিকোনো ধৰণৰ শাক-পাচলি বা ৰসেৰে ইয়াক আপোনাৰ খাদ্যৰ অংশ হিচাপে ল’ব পাৰে ৷ জনাই দিও যে, ১০০ গ্ৰাম পালেং শাকত প্ৰায় ৯৯ মিলিগ্ৰাম কেলচিয়াম পোৱা যায় ৷

  • মাছ

যদি আপুনি মাছ খাবলৈ ভাল পায় তেন্তে শৰীৰৰ বাবেও যথেষ্ট পৰিমাণৰ কেলচিয়াম পাব পাৰে ৷ অৱশ্যে কেৱল চাৰ্ডিন মাছ আৰু হাড়যুক্ত ছালমন মাছ খালে উপকাৰ হয় ৷

লগতে পঢ়ক: উজ্জ্বল তথা নিমজ ছালৰ গৰাকী হ’বলৈ খাওক এই ৪বিধ বিশেষ চাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.