ETV Bharat / health

পুৰুষৰ বাবে সতৰ্কতাবাণী! আগন্তুক ২০ বছৰত দুগুণ বৃদ্ধি হ’ব প্ৰষ্টেট কেন্সাৰৰ ৰোগীৰ সংখ্যা: লেন্সেট অধ্যয়ন - Prostate Cancer

author img

By ETV Bharat Health Team

Published : Aug 29, 2024, 4:29 PM IST

Prostate Cancer: ব্যস্ততাৰে ভৰা আমাৰ জীৱনশৈলী, খাদ্যাভ্যাসৰ পৰিৱৰ্তন আৰু বয়স বৃদ্ধিৰ দৰে বহু কাৰণত প্ৰষ্টেট কেন্সাৰৰ ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । শেহতীয়াকৈ দ্য লেন্সেটত প্ৰকাশিত এক অধ্যয়ন অনুসৰি আগন্তুক ২০ বছৰত প্ৰষ্টেট কেন্সাৰৰ ৰোগী যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে ৷

Prostate Cancer
পুৰুষৰ বাবে সতৰ্কতাবাণী! আগন্তুক ২০ বছৰত দুগুণ বৃদ্ধি হ’ব প্ৰষ্টেট কেন্সাৰৰ ৰোগীৰ সংখ্যা: লেন্সেট অধ্যয়ন (ETV Bharat Assam)

আপুনি জানেনে যে অহা কেইটামান দশকত প্ৰষ্টেট কেন্সাৰৰ ৰোগী দুগুণ হ’ব পাৰে ? এই কথা শুনি আপুনি হয়তো আচৰিত হ’ব, কিন্তু এয়াই সঁচা ৷ শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰষ্টেট কেন্সাৰ পুৰুষৰ বাবে ক্ৰমাৎ ভাবুকি হৈ পৰিছে ৷

বৰ্তমানৰ ব্যস্ততাৰে ভৰা জীৱনশৈলী, খাদ্যাভ্যাসৰ পৰিৱৰ্তন আৰু বয়স বৃদ্ধিৰ দৰে বহু কাৰণত প্ৰষ্টেট কেন্সাৰৰ ৰোগী ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ এই ৰোগ সাধাৰণতে বয়সস্থ পুৰুষক আক্ৰান্ত কৰে, কিন্তু বৰ্তমানৰ পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে যুৱকসকলো এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে ৷ দ্য লেন্সেটত প্ৰকাশিত এক অধ্যয়ন অনুসৰি আগন্তুক ২০ বছৰত প্ৰষ্টেট কেন্সাৰৰ ৰোগী যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে ৷ এই অধ্যয়ন পুৰুষৰ বাবে অতিশয় চিন্তাৰ বিষয়, কাৰণ প্ৰষ্টেট কেন্সাৰ হৈছে পুৰুষৰ কৰ্কট ৰোগ ৷

কি কয় অধ্যয়নে ?

এই গৱেষণাৰ মতে, আগন্তুক বছৰত সমগ্ৰ বিশ্বতে প্ৰষ্টেট কেন্সাৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব ৷ ইয়াৰ মূল কাৰণ বয়স বৃদ্ধি আৰু পুৰুষৰ মাজত মেদবহুলতাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি ৷ অধ্যয়নটোত লগতে কোৱা হৈছে যে কম উন্নত দেশসমূহত প্ৰষ্টেট কেন্সাৰৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

কি হয় প্ৰষ্টেট কেন্সাৰ ?

চিকিৎসকে কয় যে, প্ৰষ্টেট কেন্সাৰৰ সমস্যা পুৰুষৰ মাজত পোৱা যায় ৷ প্ৰষ্টেট হৈছে পুৰুষৰ শৰীৰত থকা সৰু গ্ৰন্থি, এই গ্ৰন্থিৰ পৰাই শুক্ৰাণু গঠন হয় ৷ যেতিয়া ইয়াত কেন্সাৰ গঢ় লৈ উঠে তেতিয়া ইয়াক প্ৰষ্টেট কেন্সাৰ বুলি কোৱা হয় ৷ প্ৰষ্টেট কেন্সাৰৰ কিছুমান লক্ষণ প্ৰস্ৰাৱৰ সময়তো দেখা যায় ৷

প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা কিয় বৃদ্ধি পাইছে ?

  • বয়স বৃদ্ধিৰ লগে লগে প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনাও বৃদ্ধি পায় ৷
  • মেদবহুলতা প্ৰষ্টেট কেন্সাৰৰ এটা প্ৰধান বিপদজনক কাৰক ৷
  • অধিক চৰ্বি আৰু কম আঁহযুক্ত খাদ্যই প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷
  • নিয়মীয়াকৈ ব্যায়াম নকৰাৰ ফলতো প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷
  • যদি আপোনাৰ পৰিয়ালৰ কোনোবাই প্ৰষ্টেট কেন্সাৰ ৰোগত আক্ৰান্ত হৈছে তেন্তে এয়াও সম্ভৱ যে আপুনিও এই ৰোগত ভুগিব পাৰে ৷

প্ৰষ্টেট কেন্সাৰৰ লক্ষণ

সাধাৰণতে প্ৰষ্টেট কেন্সাৰৰ প্ৰাৰম্ভিক অৱস্থাত কোনো লক্ষণ দেখা নাযায় ৷ কিন্তু যেতিয়া কেন্সাৰ বৃদ্ধি পায় তেতিয়া তলত দিয়া লক্ষণসমূহ দেখা দিব পাৰে:

  • সঘনাই প্ৰস্ৰাৱ অহা
  • ৰাতি সঘনাই প্ৰস্ৰাৱ কৰা
  • প্ৰস্ৰাৱ কৰাত অসুবিধা
  • প্ৰস্ৰাৱৰ সোঁত দুৰ্বল হোৱা
  • প্ৰস্ৰাৱত তেজ
  • প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ হোৱা

প্ৰষ্টেট কেন্সাৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?

  • ফল-মূল, শাক-পাচলি আৰু গোটা শস্যৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰক ৷
  • নিয়মিতভাৱে ব্যায়াম কৰক ৷
  • মেদবহুলতাৰ পৰা বিৰত থাকক ৷
  • ৫০ বছৰ বয়সৰ পিচত প্ৰতি বছৰে প্ৰষ্টেট কেন্সাৰৰ পৰীক্ষা কৰোৱাটো প্ৰয়োজনীয় ৷

Ref:- https://www.thelancet.com/journals/lancet/article/PIIS0140-6736(24)00651-2/fulltext

লগতে পঢ়ক: কিশোৰৰ ক্ষেত্ৰত দেখা দিয়া গাইনেকোমাষ্টিয়া ৰোগ দৰাচলতে হয় কি ? - Gynecomastia Disease

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.