ETV Bharat / health

হিপ ৰিপ্লেচমেণ্ট অস্ত্ৰোপচাৰ সম্পন্ন : নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ বিৰল সফলতা - Hip replacement surgery

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 10:54 PM IST

Nalbari Medical College and Hospital : নলবাৰী মেডিকেল কলেজ হাস্পতালত সফলতাৰে সম্পন্ন হ’ল হিপ ৰিপ্লেচমেণ্ট অস্ত্ৰোপচাৰ ৷ এই সম্পৰ্কত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত কৰিলে বিশেষ পোষ্ট ।

Nalbari Medical College and Hospital
নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ বিৰল সফলতা (ETV Bharat Assam)

নলবাৰী, ১৬ জুলাই : আজিৰ দিনটোত ৰাজ্যৰ চৰকাৰী খণ্ডৰ চিকিৎসকে পদত্যাগৰ বাতৰিয়ে চৰ্চা লাভ কৰিছিল ৷ তেনে সময়তে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত সফলতাৰে সম্পন্ন কৰা হ’ল এক বিশেষ অস্ত্ৰোপচাৰ ৷

চিকিৎসা মহাবিদ্যালয়খনত প্ৰথমটো হিপ ৰিপ্লেচমেন্ট সফলতাৰে কৰা হয় ৷ নলবাৰীৰ নাৰপাৰাৰ জামিলা বিবি নামৰ ৫০ বছৰীয়া ৰোগীগৰাকীক কৰা হয় এই অস্ত্ৰোপচাৰ । এই অস্ত্ৰোপচাৰ কৰিছিল ডাঃ কুনল পাঠক, ডাঃ বিশাল সাহা, ডাঃ সুৰজ বৰা আৰু ডাঃ সঞ্জয় শৰ্মাই । ইয়াৰ পিচতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজৰ X হেণ্ডেল আৰু ফেচবুকযোগে এক বাৰ্তা প্ৰেৰণ কৰে ৷

মুখ্যমন্ত্ৰীৰ এই সন্দৰ্ভত বিশেষ পোষ্ট- ‘‘ যি সময়ত একাংশ লোকে আজি সমগ্ৰ দিনটো চিকিৎসা মহাবিদ্যালয়সমূহক লৈ এক নেতিবাচক বাৰ্তা বিয়পাইছে, সেই সময়তে আজি নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ দলে চিকিৎসাখণ্ডত আন এক মাইলৰ খুঁটি অৰ্জন কৰিলে । অস্থিৰোগ বিশেষজ্ঞৰ দলে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰথমটো 'হিপ ৰিপ্লেচমেণ্ট' (Hip replacement) সফলতাৰে সম্পন্ন কৰিছে । এয়া এক গৌৰৱৰ মুহূৰ্ত । চিকিৎসক আৰু চিকিৎসাকৰ্মীকো জনালে এই পোষ্টৰ জৰিয়তে জনালো অভিনন্দন ।’’

আনহাতে ইয়াৰ পিচতে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ অধ্যক্ষগৰাকীয়ে তেখেতৰ চিকিৎসকৰ দলটোক সাহস দি এই জটিল অস্ত্ৰোপচাৰটো সম্পন্ন কৰায় বুলি প্ৰতিক্ৰিয়া আগবঢ়ায় ৷ তদুপৰি চিকিৎসকৰ দলটোক অভিনন্দনো জনায় অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই ৷ আনহাতে মুখ্যমন্ত্ৰীৰ X হেণ্ডেল পোষ্ট সন্দৰ্ভত অধ্যক্ষ বাবুল বেজবৰুৱাই কয়, ‘‘ চিকিৎসকৰ ওপৰত ৰাইজৰ যি ধাৰণা সেয়া কেতিয়াও সলনি নহয় ৷ আমি আমাৰ সেৱা কৰি যাম ৷ নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ দৈনিক ৬০০ ৰো অধিক ৰোগীয়ে চিকিৎসাৰ বাবে আহে ৷ ইয়াৰে দৈনিক ৬০ ৰ পৰা ৭০ গৰাকী ৰোগীক এডমিট কৰা হয় ৷’’

চৰকাৰে সকলো সুবিধা নলবাৰী মেডিকেল কলেজত প্ৰদান কৰিছে বুলিও মন্তব্য কৰে ডাঃ বাবুল বেজবৰুৱাই ৷ চৰকাৰে প্ৰদান কৰা সুবিধাবোৰেৰে পৰ্যাপ্ত চিকিৎসা সুচাৰুৰূপে প্ৰদান কৰি আহিছে বুলি জনায় ডাঃ বাবুল বেজবৰুৱাই ৷

লগতে পঢ়ক : বিৰলতম অস্ত্ৰোপচাৰ : এইমছৰ চিকিৎসকে আঁতৰালে 3 মহীয়া শিশুৰ নেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.