ETV Bharat / health

বাৰিষাৰ বতৰত চাহ-পকৰি খায় নেকি ? তেন্তে এবাৰ পঢ়ক এই প্ৰতিবেদন - Tea Pakora Combination

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 10:12 PM IST

Tea Pakora Combination: আপুনি বাৰিষাকালত চাহ পকৰি হয়তো নিশ্চয় খায় ৷ কিন্তু আপুনি জানেনে যে এই দুয়োবিধ খাদ্যই একেলগে খোৱাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে যথেষ্ট ক্ষতিকাৰক হ’ব পাৰে ৷ সবিশেষ পঢ়ক-

Tea Pakora Combination
বাৰিষাৰ বতৰত চাহ-পকৰি খায় নেকি ? তেন্তে এবাৰ পঢ়ক এই প্ৰতিবেদন (ETV Bharat)

আৰম্ভ হৈছে বাৰিষাকাল ৷ দেশৰ বহু ঠাইত প্ৰৱল বৃষ্টিপাতৰ ধাৰা অব্যাহত আছে ৷ সেয়ে এই সময়ছোৱাত একাপ চাহৰ সৈতে পকৰি পালে আৰু নো কি লাগে নহয় জানো! আনহাতে কিছুমানে আকৌ বাহিৰলৈ ওলাই গৈ ইয়াক উপভোগ কৰে ৷ কিন্তু আপুনি জানেনে যে এই দুয়োবিধেই একেলগে খালে আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে ৷ আজি এই বিষয়ে জানিবলৈ চেষ্টা কৰো আহক-

বিশেষজ্ঞসকলে এই সন্দৰ্ভত মত প্ৰকাশ কৰে চাহ পকৰি একেলগে খোৱাটো স্বাস্থ্যৰ পক্ষে যথেষ্ট ক্ষতিকাৰক ৷

পাচনতন্ত্ৰৰ ক্ষতি হ’ব পাৰে

উল্লেখ্য যে, পকৰি ডিপ ফ্ৰাই কৰি তৈয়াৰ কৰা হয় আৰু ইয়াত তেলৰ পৰিমাণো বহুত বেছি ৷ ইয়াৰ বাহিৰেও পকৰি বেচনৰ পৰা তৈয়াৰ কৰা হয়, যাক চাহৰ সৈতে খালে বদহজমৰ সমস্যাৰ সৃষ্টি হয় ৷ গতিকে চাহৰ লগত পকৰি খালে আপোনাৰ পাচনতন্ত্ৰৰ ক্ষতি হ’ব পাৰে ৷

বৰষুণত বিপাকীয় ক্ৰিয়াৰ গতি লেহেমীয়া হৈ পৰে

কেৱল এয়াই নহয়, বাৰিষা কালত বিপাকীয় ক্ৰিয়াও লেহেমীয়া হয়, যাৰ বাবে পাচনতন্ত্ৰই সঠিকভাৱে কাম নকৰে ৷ এনে পৰিস্থিতিত পকৰি খালে পেটৰ সমস্যা আৰু বৃদ্ধি হ’ব পাৰে৷ লগতে চাহৰ লগত পকৰি খালে শৰীৰে পুষ্টি লাভ নকৰে ৷ সেয়ে বাৰিষাত চাহৰ লগত পকৰি খোৱাৰ পৰা বিৰত থকাটো ভাল ৷

চাহৰ লগতে এইবোৰ বস্তু সেৱন নকৰিব

স্বাস্থ্য বিশেষজ্ঞৰ মতে, যিকোনো বতৰতে কোনো ভজা খাদ্য খোৱাটো উপকাৰী নহয় ৷ এনে পৰিস্থিতিত তেলীয়া আৰু ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ এনে নকৰিলে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ বিশেষজ্ঞসকলৰ মতে, কেৱল পকৰিয়েই নহয় বিস্কুট আৰু জাংক ফুডো চাহৰ লগত খাব নালাগে ৷ এই খাদ্যসমূহ গ্ৰহণ কৰিলে শৰীৰে কম পৰিমাণে পুষ্টিকৰ উপাদান লাভ কৰে ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: চাহৰ লগত বিস্কুট খাই ভালপায় নেকি ? তেন্তে জানি লওক লোকচান - Tea and Biscuit Combination

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.