ETV Bharat / health

চকু ফুলা আৰু শ্ৰৱণ ক্ষমতাৰ সমস্যা হ’লে হৈ যাওক সাৱধান...দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে এই ৰোগ - Syphilis Virus

author img

By ETV Bharat Health Team

Published : Sep 12, 2024, 1:07 PM IST

Japan Latest News: এই ৰোগত আক্ৰান্ত বহু ব্যক্তিয়ে সাধাৰণতে বিশ্বাস কৰে যে, তেওঁলোক নিৰাপদ কাৰণ তেওঁলোকে এই ৰোগৰ ফলত হ’ব পৰা সমস্যাৰ বিষয়ে অজ্ঞাত ৷ জানো আহক এই ৰোগবিধ নো কি তথা ই আপোনাৰ জীৱনত কেনেদৰে প্ৰভাৱ বিস্তাৰিত কৰিব পাৰে ?

syphilis Virus in japan rising very fast and Syphilis Symptoms
চকু ফুলা আৰু শ্ৰৱণ ক্ষমতাৰ সমস্যা হ’লে হৈ যাওক সাৱধান...দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে এই ৰোগ (ETV Bharat)

টকিঅ’ত দ্ৰুতগতিত চিফিলিছ ভাইৰাছৰ সংক্ৰমণৰ উন্মেষ ঘটিছে ৷ চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষত এই পৰ্যন্ত ২৪০০ৰো অধিক ৰোগী ধৰা পৰিছে ৷ সংবাদ সংস্থা ছিনহুয়াৰ মতে, টকিঅ’ মেট্ৰ’পলিটান ইনফেকচিয়েছ ডিজিজ চাৰ্ভিলেন্স চেণ্টাৰৰ তথ্য অনুসৰি ৰাজধানী চহৰখনত প্ৰায় ২৪৬০ জন আক্ৰান্ত হৈছে ৷ বিশেষজ্ঞসকলে কৈছে যে এই ভাইৰাছত আক্ৰান্তৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ বিগত বৰ্ষত ৩৭০১টা ৰোগীৰ সংখ্যা আছিল যিটো অভিলেখ আছিল ৷

চিফিলিছ ভাইৰাছৰ লক্ষণ: প্ৰধানকৈ যৌন সংস্পৰ্শৰ দ্বাৰা বিয়পি পৰা চিফিলিছ জন্মৰ পৰা উপস্থিত থাকিলে নৱজাত শিশুৰ ফোঁহা আৰু অন্য কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

আক্ৰান্ত শিশুৰ কম বয়সতে কোনো লক্ষণ দেখা নাযায় যদিও কেইবছৰমানৰ ভিতৰত চকু ফুলা আৰু শ্ৰৱণ ক্ষমতা হেৰুৱাৰ দৰে লক্ষণ দেখা দিব পাৰে ৷ যদি এই ভাইৰাছৰ প্ৰাৰম্ভিক অৱস্থাত সঠিকভাৱে চিকিৎসা কৰা হয় তেন্তে ই নিৰাময় কৰিব পৰা যায়, কিন্তু চিফিলিছৰ চিকিৎসা নকৰিলে মগজু আৰু হৃদযন্ত্ৰত গুৰুতৰ জটিলতাৰ সৃষ্টি হ’ব পাৰে ৷

এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ল যৌনাংগ, মলদ্বাৰ, মুখত দেখা দিয়া ফোঁহা । চিকিৎসা নকৰিলে এই ৰোগ জটিল হৈ পৰিব পাৰে আৰু হৃদযন্ত্ৰ, স্নায়ুতন্ত্ৰ, হাড় আদিত প্ৰভাৱ পেলাব পাৰে । লক্ষণসমূহ হ’ব পাৰে জ্বৰ, ভাগৰুৱা, পেশীৰ বিষ, ওজন কমি যোৱা । ৰোগৰ তীব্ৰ পৰ্যায়ত চিফিলিছৰ ফলত দৃষ্টিহীনতা আৰু মগজুৰ ক্ষতি হ’ব পাৰে ।

পৰিসংখ্যা অনুসৰি চিফিলিছ ৰোগীৰ প্ৰায় ৭০ শতাংশই পুৰুষ ৷ এই ভাইৰাছে বিশেষকৈ ২০ৰ পৰা ৫০ বছৰৰ ভিতৰৰ পুৰুষ আৰু ২০ৰ পৰা ৩০ বছৰৰ ভিতৰৰ মহিলাক আক্ৰান্ত কৰিছে ৷

প্ৰতিষ্ঠানটোৰ মতে, বহু সংক্ৰমিত ব্যক্তিয়ে বছৰ বছৰ ধৰি সংক্ৰমণৰ বিষয়ে অজ্ঞাত হৈ থকাৰ বাবে ভুলকৈ নিজকে নিৰাপদ বুলি বিশ্বাস কৰে, যাৰ ফলত চিফিলিছ সততে আওকাণ কৰা ৰোগ ৷

চিফিলিছ ৰোগীৰ অভিলেখ ভংগকাৰী বৃদ্ধি ৰোধ কৰিবলৈ টকিঅ’ই শ্বিনজুকু আৰু টামাৰ দৰে অঞ্চলত বিনামূলীয়া পৰীক্ষা আৰু পৰামৰ্শ কক্ষ স্থাপন কৰিছে ৷ জনস্বাস্থ্য কেন্দ্ৰতো পৰীক্ষাৰ ব্যৱস্থা আছে, শ্বিনজুকু কেন্দ্ৰত ২৪ ঘণ্টীয়া অনলাইন বুকিং আৰু ছুটিৰ দিনত পৰীক্ষাৰ ব্যৱস্থা আছে ৷ টকিঅ’ মহানগৰ চৰকাৰে বাসিন্দাসকলক কোনো সমস্যা হ’লে তৎকালীনভাৱে পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: WHOৰ সতৰ্কবাণী: ২০ বছৰৰ ভিতৰত ভাৰতত অতি ভয়াৱহ ৰূপ লৈছে এই ভাইৰাছে - Chandipura Virus

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.