ETV Bharat / health

স্তনৰ কৰ্কট ৰোগ হ’লে মৃত্যুৰ সম্ভাৱনা কিমান বেছি ? জানি লওক চিকিৎসকৰ পৰা - Breast Cancer - BREAST CANCER

Breast Cancer: স্তনৰ কৰ্কট ৰোগ হ’লে আপুনি কেনেকৈ চিনাক্ত কৰিব ? স্তনৰ কৰ্কট ৰোগ হ’লে মৃত্যুৰ সম্ভাৱনা কিমান বেছি ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এটি বিশেষ সাক্ষাৎকাৰত সবিশেষ জনালে জ্যেষ্ঠ চিকিৎসক সুনীল মল্ল বুজৰ বৰুৱাই ।

Doctor advice
স্তনৰ কৰ্কট ৰোগ হ’লে মৃত্যুৰ সম্ভাৱনা কিমান বেছি ? জানি লওক চিকিৎসকৰ পৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 5:35 PM IST

গুৱাহাটী, 14 জুলাই: বৰ্তমান সময়ত ভয়াৱহ হাৰত বৃদ্ধি পাইছে স্তনৰ কৰ্কট ৰোগীৰ সংখ্যা ৷ স্তনৰ কৰ্কটৰ বহুকেইটা কাৰণ আছে ৷ পূৰ্বতে বয়সবৃদ্ধিৰ হোৱাৰ পাছত অৰ্থাৎ ৭০-৭৫ বছৰ বয়সৰ মহিলাৰ ক্ষেত্ৰতহে বেছিকৈ স্তনৰ কৰ্কট ৰোগ হোৱা দেখা গৈছিল ৷ কিন্তু সময় সলনিৰ লগে লগে এতিয়া কম বয়সত বহুতে এই ৰোগত আক্রান্ত হোৱা দেখা যায় ৷

জ্যেষ্ঠ চিকিৎসক সুনীল মল্ল বুজৰ বৰুৱা (ETV Bharat)

আনহাতে, পূৰ্বতে মানুহৰ সন্তানৰ সংখ্যা বেছি আছিল ৷ বেছি সন্তান জন্মৰ ফলত শৰীৰত যি ইষ্ট্ৰজেনৰ মাত্ৰা থাকে সেয়া লাহে লাহে কমি যায় ৷ বৰ্তমান সময়ত যিহেতু সন্তান জন্ম দিয়াৰ যি চিন্তাধাৰা সেইয়া সলনি হৈছে, লগতে বিবাহৰ ক্ষেত্ৰতো যিহেতু পলমকৈ বিয়া হোৱা দেখা যায় এনেবোৰ কাৰণটো কিছু ক্ষেত্ৰত এই ৰোগত আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈছে ৷ ইয়াৰোপৰি যিসকল মহিলা মেদবহুল, বা শৰীৰৰ ওজন অধিক হয় তেনে মহিলাৰ ক্ষেত্ৰতো স্তনৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় ৷

স্তনৰ কৰ্কটৰ লক্ষণসমূহ কি কি ?

স্তনৰ কৰ্কট ৰোগত সাধাৰণতে কোনো বিষ অনুভৱ নহয় ৷ চিকিৎসক সুনিল মল্ল বুজৰবৰুৱাই জনোৱা অনুসৰি সাধাৰণতে স্তনৰ কৰ্কট ৰোগ হ’লে স্তনত এটা টেমুনাৰ দৰে হয় আৰু সেই টেমুনাটো লাহে লাহে বাঢ়ি থাকে ৷ খুব কম সংখ্যক ৰোগীৰহে বিষ অনুভৱ হয় বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷

এই কেন্সাৰ বেছিকৈ বাঢ়ি গলে ছালত ঘাঁৰ নিচিনা হ'ব পাৰে ৷ কেতিয়াবা নিপ'লৰ পৰা তেজো ওলাব পাৰে ৷ কাষলতিৰ তলটো টেমুনা হ'ব পাৰে ৷ লগতে কেতিয়াবা গাৰ বিষো হ'ব পাৰে ৷

স্তনৰ কৰ্কট ৰোগ হ’লে অন্য কি কি ক্ষতি হ'ব পাৰে ?

স্তনৰ কৰ্কট ৰোগ হ’লে প্ৰথম অৱস্থাত হাঁওফাঁওত অসুবিধাৰ সৃষ্টি কৰিব পাৰে ৷ কাঁহ হ'ব পাৰে উশাহ-নিশাহ লওঁতে অসুবিধা হ'ব পাৰে ৷ পিছলৈ লিভাৰলৈ বিয়পি যাব পাৰে আৰু শেষত মগজুলৈ এইৰোগ বিয়পি পৰে ৷

স্তনৰ কৰ্কট ৰোগ হ’লে মৃত্যুৰ সম্ভাৱনা কিমান বেছি ?

পূৰ্বতে স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ ফলত মৃত্যু হোৱা ৰোগীৰ সংখ্যা বহু বেছি আছিল ৷ কিন্তু বৰ্তমান সময়ত লোকসকল সজাগ আৰু সচেতন হোৱাৰ ফলত প্ৰাৰম্ভিক পৰ্যায়তে এই ৰোগ ধৰা পৰে ৷ যাৰ ফলত চিকিৎসাত সহায় হয় ৷ বিশেষকৈ পশ্চিমীয়া দেশ সমূহত এইক্ষেত্ৰত সজাগতাৰ হাৰ বেছি ৷ যিমান সোনকালে এই ৰোগৰ চিকিৎসা গ্ৰহণ কৰা হয় সিমান সোনকালে সুস্থ হোৱাৰ সম্ভাৱনাও বাঢ়ি যায় ৷

লগতে পঢ়ক: Chemotherapy for Breast Cancer: স্তন কেন্সাৰৰ বাবে কেমোথেৰাপিৰ প্ৰয়োজন আছেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.