ভগৱান শিৱৰ প্ৰিয় মাহ অৰ্থাৎ শাওন ২২ জুলাই সোমবাৰৰ পৰা আৰম্ভ হৈছে, যিটো ২০২৪ চনৰ ১৯ আগষ্ট সোমবাৰলৈকে চলিব । শাওন মাহটো ভগৱান শিৱৰ প্ৰতি সমৰ্পিত ৷ ভক্তসকলে এই মাহটোত বিভিন্ন ৰীতি-নীতি-শ্ৰদ্ধাৰে ভগৱান শিৱৰ উপাসনা কৰি তেওঁৰ আশীৰ্বাদপুষ্ট হ’বলৈ বিচাৰে ৷এই মাহটোত কেতবোৰ বিশেষ কাম কৰিও আপুনি শিৱৰ আৰ্শীবাদ লাভ কৰি জীৱনৰ সমস্যাসমূহৰ পৰা হাত সাৰিব পাৰে ৷ আজি এই বিষয়ে জানো আহক-
১. শিৱ ভজন বা ধ্যান
এই মাহটোত পুৱা আৰু সন্ধিয়া শিৱৰ স্তৱ পঢ়ি ধ্যান কৰিব ৷ ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব আৰু আপুনি শিৱৰ আশীৰ্বাদপুষ্ট হ'ব ৷
২. শিৱলিংগৰ পূজা কৰক
শাওন মাহত শিৱলিংগক নিয়মীয়াকৈ উপাসনা কৰক ৷উপাসনা কৰোতে শিৱলিংগত পানী, ধূপ, চন্দন কাঠ আৰু বেল পাত আগবঢ়াব ৷
৩. মহামৃত্যঞ্জয় মন্ত্ৰ
দৈনিক মহামৃত্যুঞ্জয় মন্ত্ৰ 'ওম ত্ৰিম্বকম য়াজামাহে সুগান্ধিম পুষ্টিবৰ্ধনম' জপ কৰিব ৷ এই মন্ত্ৰয়ে শিৱৰ অনুগ্ৰহ আৰু সুৰক্ষা প্ৰদান কৰে ৷
৪. সোমবাৰৰ ব্ৰত
সোমবাৰৰ উপবাসৰ সময়ত নিয়মীয়াকৈ শিৱলিংগৰ উপাসনা কৰিব ৷
৫. শিৱৰ কাহিনী পাঠ কৰক
শাওন মাহত মহাদেৱৰ কাহিনী শুনি তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰক ৷
৬. স্নান
শাওন মাহত সোমবাৰে শিৱৰ নামত নিয়মীয়াকৈ স্নান কৰক ৷ ই বিশুদ্ধতা আৰু ক্ষমতা প্ৰদান কৰিব ৷
৭. শিৱৰ আৰাধনা
এই মাহটোত শিৱৰ আৰাধনা কৰক, তেওঁৰ মন্ত্ৰ পাঠ কৰক আৰু তেওঁক স্মৰণ কৰক ৷
শাওন মাহত এই সকলোবোৰ নিয়ম নিয়মীয়াকৈ অনুসৰণ কৰিলে জীৱনৰ সকলো সমস্যাৰ পৰা আপুনি মুক্তিলাভ কৰিব বুলি বিশ্বাস কৰা হয় ৷ সেয়েহে, আপুনি মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ তথা জীৱনৰ সমস্যা সমূহৰ পৰা পৰিত্ৰাণ পাবলৈ এইসমূহ নিয়ম পালন কৰিবলৈ নাপাহৰিব ৷