ETV Bharat / health

খাদ্য় খোৱাৰ পিচতো খুব ভোক লাগে নেকি ? - CONSTANT HUNGER

আমাৰ মাজত এনে বহুলোক আছে যিয়ে খাদ্য গ্ৰহণ কৰাৰ পিচতো খুবেই ভোক অনুভৱ কৰে কিন্তু ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কি হ’ব পাৰে জানেনে ?

Reasons why you are always super hungry
খাদ্য় খোৱাৰ পিচতো খুব ভোক লাগে নেকি ? (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Oct 12, 2024, 5:23 PM IST

ভোক লাগিলে আমি সকলোৱে খাদ্য গ্ৰহণ কৰো ৷ কিন্তু খাদ্য গ্ৰহণ কৰাৰ পাছতো আকৌ কিছুমান লোকৰ ভোক লাগে ৷ সাধাৰণ যেন লাগিলেও সঘনাই ভোকৰ আঁৰত কিন্তু বহুতো কাৰণ লুকাই থাকে ৷ যিয়ে আপোনাৰ স্বাস্থ্যক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে ৷ আজি সঘনাই ভোক লগাৰ কাৰণ আৰু ইয়াক কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি জানো আহক-

আঁহৰ অভাৱ

ফাইবাৰে ভোক নিয়ন্ত্ৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ আঁহ সমৃদ্ধ খাদ্য যেনে পাচলি, ফল, সম্পূৰ্ণ শস্য আৰু মাহজাতীয় শস্যই ভোক নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে ৷ আঁহ সমৃদ্ধ খাদ্যই ৰক্ত শৰ্কৰাৰ স্তৰ স্থিৰ ৰাখে আৰু আপোনাক দীঘলীয়া সময়ৰ বাবে পেটটো ভৰ্তি অনুভৱ কৰায় ৷ সেয়েহে, যদি আপোনাৰ সঘনাই ভোক লাগে, আপুনি জানিব যে আহাৰত আঁহৰ অভাৱ হৈছে ৷

প্ৰ'টিনৰ অভাৱ

শৰীৰৰত প্ৰ'টিনৰ অভাৱ হ'লেও সঘনাই ভোক লাগে ৷এই সমস্যাৰ পৰা হাত সাৰিবলৈ আপুনি মচুৰ দাইল, বীন, দৈ আৰু চীজৰ দৰে প্ৰ'টিন সমৃদ্ধ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব ৷

টোপনিৰ অভাৱ

ভোক নিয়ন্ত্ৰণকাৰী হৰমন, যেনে ঘ্ৰেলিন আৰু লেপ্টিন টোপনিৰ অভাৱৰ দ্বাৰা প্ৰভাৱিত হয় ৷ লেপ্টিনে পূৰ্ণতাৰ সংকেত দিয়ে, আনহাতে ঘ্ৰেলিনে ভোক বৃদ্ধি কৰে ৷ যেতিয়া আপুনি পৰ্যাপ্ত টোপনি নাযায়, আপোনাৰ শৰীৰত ঘ্ৰেলিনৰ স্তৰ বৃদ্ধি হয় আৰু লেপ্টিনৰ স্তৰ হ্ৰাস হয়, যাৰ ফলত আপুনি বাৰে বাৰে ভোক অনুভৱ কৰে ৷ পৰ্যাপ্ত টোপনিৰ দ্বাৰা এই হৰমনবোৰৰ ভাৰসাম্য বজাই ৰাখি ভোক নিয়ন্ত্ৰণ কৰিব পাৰি ৷

ডিহাইড্ৰেচন

শৰীৰত পানীৰ অভাৱ বা ডিহাইড্ৰেশ্যনেও ভোক বৃদ্ধি কৰিব পাৰে ৷ যেতিয়া শৰীৰত পানীৰ অভাৱ হয়, আপোনাৰ শৰীৰে তৃষ্ণাক ভোক হিচাপে অনুভৱ কৰিব পাৰে ৷ সেয়েহে, পৰ্যাপ্ত পানী খাই আপুনি ডিহাইড্ৰেচন পৰিহাৰ কৰি ভোক নিয়ন্ত্ৰণ কৰিব পাৰে ৷

লগতে পঢ়ক: চাওতে চাওতে ৰুগীয়া হৈ পৰিব আপুনি যদিহে খাদ্যত নাথাকে এই ১৫বিধ পুষ্টিকৰ উপাদান - National Nutrition Week 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.