ETV Bharat / health

আপোনাৰ দাঁতে দিব আপোনাৰ স্বাস্থ্যৰ বতৰা

আমাৰ দাঁতে আমাৰ সৌন্দৰ্য বৃদ্ধি কৰাত খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ কিন্তু আপুনি জানেনে যে আপোনাৰ দাঁতেও আপোনাৰ স্বাস্থ্যৰ বতৰা দিব পাৰে-

Problems with your teeth can be a sign of other health issues
আপোনাৰ দাঁতে দিব আপোনাৰ স্বাস্থ্যৰ বতৰা (ETV Bharat)
author img

By ETV Bharat Health Team

Published : 4 hours ago

সৌন্দৰ্য বৰ্তাই ৰখাত আমাৰ দাঁতে খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ কেৱল সৌন্দৰ্যয়ে নহয়, দাঁতে আমাৰ শৰীৰৰ বহু গোপন কথাও প্ৰকাশ কৰে ৷ হয়, দাঁতলৈ ভালকৈ মন কৰিলেই আপুনি সুস্থ নে অসুস্থ সেই বিষয়ে জানিব পাৰিব ৷ আজি এই বিষয়ে জানো আহক-

হৃদযন্ত্ৰৰ স্বাস্থ্য

দাঁত আৰু আলুৰ স্বাস্থ্য হৃদযন্ত্ৰৰ স্বাস্থ্যৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত ৷ মুখৰ স্বাস্থ্যৰ সমস্যাৰ সৈতে যুঁজি থকা লোকসকলৰ হৃদৰোগৰ আশংকা অধিক ৷ গৱেষণাত প্ৰমাণ হৈছে যে দাঁতৰ আলুৰ সংক্ৰমণে হৃদযন্ত্ৰৰ ষ্ট্ৰ'ক আৰু হৃদ আক্ৰমণৰ আশংকা বৃদ্ধি কৰে ৷ সেয়েহে, যদি আপোনাৰ দাঁতৰ আলুৰ পৰা তেজ ওলোৱা বা আন কিবা সমস্যা দেখে, লগে লগে দন্ত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব ৷

পুষ্টিৰ অভাৱ

যদি আপোনাৰ মুখত সঘনাই আলচাৰ বা ফোঁহা হয়, ই ৰক্তহীনতাৰ লক্ষণ হ'ব পাৰে ৷শৰীৰত ভিটামিন বি১২ ৰ অভাৱৰ ফলতো এই লক্ষণবোৰে দেখা দিয়ে ৷ যদি দন্ত চিকিৎসকে এই সমস্যা সমাধান কৰিবলৈ সক্ষম নহয়, তেনেহ'লে এবাৰ চিবিচি পৰীক্ষা কৰাটো প্ৰয়োজনীয় ৷

অন্ত্ৰৰ ৰোগ

প্ৰদাহজনক অন্ত্ৰৰ ৰোগ হৈছে অন্ত্ৰৰ এক গুৰুতৰ সমস্যা, যি আপোনাৰ মুখৰ পৰা অন্ত্ৰৰ স্বাস্থ্যলৈকে প্ৰভাৱিত কৰিব পাৰে ৷ জিভাত বগা স্তৰ বা মুখ শুকাই থকা এই ৰোগৰ লক্ষণ হ'ব পাৰে ৷

ডিমেনচিয়া

শেহতীয়া এক গৱেষণাত প্ৰমাণ হৈছে যে দীৰ্ঘম্যাদী দুৰ্বল আলুৰ স্বাস্থ্য, যেনে আলুৰ ৰক্তক্ষৰণ বা দাঁত সৰা বা ভঙা ডিমেনচিয়াৰ লক্ষণ হ'ব পাৰে ৷ ডিমেনচিয়া হৈছে এনে এক ৰোগ, য'ত এজন ব্যক্তিৰ স্মৃতিশক্তি দুৰ্বল হয় ৷এই ৰোগত আক্ৰান্ত ব্যক্তিৰ চিন্তা আৰু বুজি পোৱাৰ সামৰ্থ্যও নাইকিয়া হয় ৷

টেনচন

যদি আপোনাৰ দাঁতৰ বিষ বা দাঁতবোৰ আগৰ পৰা ভাঙি যোৱাৰ দৰে হয়, ই আপুনি চাপত থকাৰ লক্ষণ হ'ব পাৰে ৷অত্যধিক চাপৰ বাবে মানুহে প্ৰায়ে গম নোপোৱাকৈয়ে জোৰেৰে চোবাবলৈ আৰম্ভ কৰে, যাৰ ফলত দাঁতৰ ক্ষতি হয় ৷তদুপৰি, ডিঙি, কঁকাল আৰু মূৰৰ বিষৰ দৰে সমস্যাবোৰো চাপৰ লক্ষণ হ'ব পাৰে ৷

যকৃতৰ স্বাস্থ্য

কুইন্স ইউনিভাৰ্চিটিৰ এক অধ্যয়ন অনুসৰি, যিসকল লোকে নিৰন্তৰ দাঁত, দাঁতৰ আলু আৰু মুখৰ আলচাৰৰ সমস্যাৰ সন্মুখীন হৈ আছে, তেওঁলোকৰ যকৃতৰ কৰ্কট ৰোগ হোৱাৰ আশংকা অধিক ৷ এই অধ্যয়নটোৱে এক বেক্টেৰিয়া চিনাক্ত কৰিছে, যি প্ৰথমে দাঁতত গহ্বৰৰ সৃষ্টি কৰে আৰু পিচত কৰ্কট ৰোগত পৰিণত হ'ব পাৰে ৷

ৰজোনিবৃত্তি

মহিলাৰ ক্ষেত্ৰত ৰজোনিবৃত্তিৰ পিচত অষ্টিঅ’পৰ’চিছৰ আশংকা বৃদ্ধি হয়, যিয়ে দাঁত আৰু দাঁতৰ আলুক প্ৰভাৱিত কৰে ৷ এই সময়ছোৱাত, মহিলাৰ দাঁতৰ আলু ফুলা, জ্বলা-পোৰা আৰু আলচাৰৰ সমস্যা বৃদ্ধি হ'ব পাৰে ৷

যদি আপুনি এই লক্ষণবোৰ শৰীৰত অনুভৱ কৰি আছে, সময়মতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ ৷ সঠিক যত্ন আৰু নিয়মীয়া পৰীক্ষাৰ দ্বাৰা আপুনি কেৱল দাঁতেই নহয়, আপোনাৰ সামগ্ৰিক স্বাস্থ্য ভালে ৰাখিব পাৰে ৷

https://www.who.int/news-room/fact-sheets/detail/oral-health

https://www.ncbi.nlm.nih.gov/books/NBK8259/

লগতে পঢ়ক: দাঁত ক্ষয়ৰ বাবে মুখ বন্ধ কৰি থাকিব লগা হৈছে নেকি ? তেন্তে এয়া লওক উপায় - Dental Care Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.